ETV Bharat / entertainment

দীনেশ ফাডনিছৰ মৃত্যুত শোক প্ৰকাশ সহ-অভিনেতা হৃষিকেশৰ - ফ্ৰেডীৰ মৃত্যু

Dinesh Phadnis Passed Away: চি আই ডিত অভিনয় কৰা হৃষিকেশ পাণ্ডেই দীনেশ ফাডনিছ ওৰফে ফ্ৰেডীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । দীনেশৰ স্মৃতিত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে অভিনেতাজনে ।

Co-actor Hrishikesh Pandey expresses condolences over Dinesh Phadnis death
দীনেশ শোক প্ৰকাশ হৃষিকেশৰ
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 4:03 PM IST

চিটাৰা ডেস্ক, 5 ডিচেম্বৰ: এ চি পি প্ৰদ্যুমান, দয়া, অভিজিৎ, ফ্ৰেডেৰিকছ- মনত আছে নে এই নামসমূহৰ কথা ৷ ছ’নী টিভিত 1998 চনৰ পৰা 2018 লৈকে আদিপত্য বিস্তাৰ কৰা ধাৰাবাহিক চি আই ডিৰ এয়া হৈছে জনপ্ৰিয় চৰিত্ৰৰ নাম ৷ কিন্তু আজি এই শ্ব’টোৰ ফ্ৰেডেৰিকছ খ্যাত দীনেশ ফাডনিছৰ বিষয়ে আহিছে এটা বেয়া খবৰ ৷ ইহলীলা সম্বৰণ কৰিলে দীনেশ ফাডনিছে ৷

বহুদিনৰে পৰা কেইবাটাও স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল অভিনেতাগৰাকী ৷ যাৰ বাবে শেহতীয়াকৈ মালাডৰ টুংগা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল দীনেশক । কেইবাদিন ধৰি জীৱন-মৃত্যুৰে যুঁজি মঙলবাৰে মাজনিশা 12.08 বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । ইফালে দীনেশ ফাডনিছৰ মৃত্যুৰ পাচতে টিভি উদ্যোগত গভীৰ শোকৰ ছাঁ পৰিছে।

দীনেশ ফাডনিছৰ মৃত্যুত শোক প্ৰকাশ সহ অভিনেতা হৃষিকেশৰ

চি আই ডিত পৰিদৰ্শক শচীনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা হৃষিকেশ পাণ্ডে দীনেশ ফাডনিছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । অভিনেতাজনে ক’লে- ‘‘মই ইয়ালৈ আহিছো তেওঁৰ শেষ ৰীতি-নীতিৰ বাবে । এইটো আমাৰ সকলোৰে বাবে যথেষ্ট দুখৰ সময় । আমি শ্বুটিং কৰি থাকোঁতে তেওঁৰ হাৰ্ট সম্পৰ্কীয় বহু সমস্যা আছিল । তেওঁৰ মৃত্যু অতি দুৰ্ভাগ্যজনক ।’’

চিআইডিৰ দিনৰ স্মৃতি শ্বেয়াৰ কৰি হৃষিকেশে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰি লিখিছে, ‘‘বিশ্বাস কৰিব নোৱাৰি যে পৰিয়ালৰ এজন সদস্য হেৰাই গৈছে । তেওঁ আছিল এজন মৰমলগা মানুহ । আমাৰ সকলোৰে মাজত তেওঁ সদায় ধেমেলীয়া আৰু মনোৰঞ্জনমূলক আছিল । এনে লাগিছে যেন আমি পৰিয়ালৰ এজন সদস্যক হেৰুৱাইছো ।’’

লগতে পঢ়ক: চিআইডিৰ ফ্ৰেডেৰিকছ খ্যাত দীনেশ ফাডনিছৰ দেহাৱসান, ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.