ETV Bharat / entertainment

চিআইডিৰ ফ্ৰেডেৰিকছ খ্যাত দীনেশ ফাডনিছৰ দেহাৱসান, ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ - অভিনেতা দীনেশ ফাডনিছৰ দেহাৱসান

CID Fame Dinesh Phadnis Passed Away
দীনেশ ফাডনিছৰ দেহাৱসান,
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 11:01 AM IST

Updated : Dec 5, 2023, 11:51 AM IST

10:49 December 05

Dinesh Phadnis Passed Away: জনপ্ৰিয় টিভি অভিনেতা দীনেশ ফাডনিছৰ দেহাৱসান । ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দিনেশে ।

চিটাৰা ডেস্ক, ৫ ডিচেম্বৰ: চ’নী টিভিৰ জনপ্ৰিয় ক্ৰাইম শ্ব’ ‘চিআইডি’ৰ ইন্সপেক্টৰ ফ্ৰেডেৰিকছৰ চৰিত্ৰত অভিনয় কৰা দীনেশ ফাডনিছ আৰু নাই ৷ মঙলবাৰে মাজনিশা কান্দিৱলীৰ টুংগা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জানিব পৰা মতে একাধিক অংগ বিকল হোৱাৰ বাবে মৃত্যু হৈছে ৫৭ বছৰীয়া দীনেশ ফাডনিছৰ ।

চি আই ডিত দয়াৰ চৰিত্ৰত অভিনয় কৰা আৰু দীনেশ ফাডনিছৰ অতি ঘনিষ্ঠ বন্ধু দয়ানন্দ শ্বেট্টীয়ে সংবাদ মাধ্যমক জনাইছে যে দিনেশ লিভাৰ, হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাত ভুগি আছিল ৷ যাৰ বাবে তেওঁৰ জটিলতা দিনক দিনে বাঢ়ি গৈছিল । সেয়েহে, যোৱা ৩০ নৱেম্বৰৰ পৰা কান্দিৱলীৰ টুংগা হাস্পতালত ভৰ্তি হৈ আছিল দীনেশ ফাডনিছ । অৱশেষত হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ৷

এতিয়া মঙলবাৰে অৰ্থাৎ আজি কিছু সময় পাচতে বৰিৱলীৰ দৌলত নগৰ শ্মশানত দীনেশ ফাদনিছৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হ’ব ।

টিভি শ্ব’ৰ উপৰিও তেওঁ বহু ছবিতো কাম কৰিছিল

১৯৯৮ চনত আৰম্ভ হোৱাৰ পৰাই দীনেশ ফাডনিছ শ্ব’ চিআইডিৰ সৈতে জড়িত আছিল আৰু চিআইডিৰ দুটা দশকৰ যাত্ৰাৰ সময়চোৱাত তেওঁ শ্ব’টোত জড়িত হৈ আছিল । অভিনেতাগৰাকীয়ে ২০ বছৰে এই শ্ব’টোত কাম কৰি নিজ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল । টিভিৰ উপৰিও দীনেশ ফাডনিছে ছবিতো কাম কৰিছে । তেওঁ ‘সৰফৰোশ’ত পৰিদৰ্শকৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ হৃত্বিক ৰোশনৰ ছুপাৰ ৩০ ছবিখনতো তেওঁক দেখা পোৱা গৈছিল । ২০০০ চনত মুক্তি পোৱা মেলা ছবিখনতো তেওঁ কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল ৷

লগতে পঢ়ক: জীৱন-মৃত্যুৰে যুঁজিছে চিআইডিৰ খ্যাত ফ্ৰেডী ওৰফে দিনেশ ফাডনিছ, কেনে আছে এতিয়া ? জনালে দয়াই

Last Updated : Dec 5, 2023, 11:51 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.