ETV Bharat / entertainment

Bengali New Year: নিউয়ৰ্কৰ ৰাজপথত ভূপেন হাজৰিকাৰ কালজয়ী গীতৰে উদযাপন বাংলা নৱবৰ্ষ

author img

By

Published : Apr 19, 2023, 8:48 PM IST

পোনপ্ৰথমবাৰৰ বাবে নিউয়ৰ্কৰ ৰাজপথত উদযাপিত হৈছে বাংলা নৱবৰ্ষ ৷ সূৰ্য উদয়ৰ সময়চোৱাত সুধাকণ্ঠৰ গীতেৰে বাংলা নৱবৰ্ষক আদৰণি জনায় (Bhupen Hazarika Bistirna Dupare) ৷

Bengali New Year celebrated in New Yorks Times Square
নিউয়ৰ্কৰ ৰাজপথত উদযাপন বাংলা নৱবৰ্ষ
নিউয়ৰ্কৰ ৰাজপথত উদযাপন বাংলা নৱবৰ্ষ

চিটাৰা ডেস্ক, 19 এপ্ৰিল: নিউয়ৰ্কৰ ৰাজপথত প্ৰতিধ্বনি হ’ল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কালজয়ী সংগীত ৷ হয়, অসমৰ সামাজিক আৰু সাংস্কৃতিক পথাৰখনিত সৰ্বজন সমাদৃত ব্যক্তিসকলৰ ভিতৰত অন্যতম হৈছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা । সুধাকণ্ঠগৰাকীৰ সাংস্কৃতিক কৰ্মৰাজি কেৱল অসমতে সীমিত নাছিল, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছিল ভাৰতৰত্ন গৰাকীৰ শিল্প প্ৰতিভাই ।

উল্লেখ্য যে, নিউয়ৰ্কৰ টাইমছ স্কোৱাৰত বাংলাদেশৰ প্ৰবাসীসকলে প্ৰথমবাৰৰ বাবে বাংলা নৱবৰ্ষ উদযাপন কৰে (Bengali New Year celebrated in New York) । বহাগৰ(বৈশাখ) প্ৰথম দিনটো উপলক্ষে শুকুৰবাৰে মানৱ জাতিৰ শুভকামনাৰে মংগল শোভযাত্ৰা নামৰ বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয় নিউয়ৰ্কৰ ৰাজপথত ৷

কিন্তু নিউয়ৰ্কত উদযাপন কৰা এই বৰ্ণিল শোভাযাত্ৰাৰ আটাইতকৈ মন কৰিবলগীয়া বিষয়ে যে, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কালজয়ী সংগীতেৰে আৰম্ভ কৰা শোভাযাত্ৰাখনি ৷ স্বাধীনোত্তৰ কালৰ ভাৰতৰ পটভূমিত ৰচিত সুধাকণ্ঠৰ গীত‌ ‘বিস্তীৰ্ণ দুপাৰেৰ’ পৰিৱেশন কৰে লোকসকলে (Bhupen Hazarikas bengali version song Bistirna duparer) ।

উল্লেখ্য যে, এই ঐতিহাসিক বাৰ্ষিক অনুষ্ঠানৰ আহ্বায়ক আছিল একুশ্বে পদক বঁটা বিজয়ী নৃত্য শিল্পী আৰু স্বাধীনতা সংগ্ৰামী লাইলা হাছান । স্বাধীনতা বঁটা বিজয়ী তথা বিশিষ্ট বাংলাদেশী ৰবীন্দ্ৰ সংগীত কণ্ঠশিল্পী ৰেজৱানা চৌধুৰী বন্যাই বাংলাদেশৰ পৰা যোগদান কৰি মংগল শোভযাত্ৰা উদ্বোধন কৰে (Bengali New Year celebrated at Time Square) ।

এই উপলক্ষে এন আৰ বি ৱৰ্ল্ড ৱাইডৰ সাধাৰণ সম্পাদক টোফাজ্জ্বল লিটন, সোটোকোন্থেৰ সঞ্চালক বৰশো বৰন, তালুকদাৰ তাপস আৰু এন আৰ বি ৱৰ্ল্ড ৱাইডৰ সভাপতি বিশ্বজিৎ সাহাই ভাষণ প্ৰদান কৰে । বাংলা জাতিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নিউয়ৰ্কৰ টাইম স্কোৱাৰত সূৰ্য উদয়ৰ সৈতে বাংলা নৱবৰ্ষক আদৰণি জনাইছে আমেৰিকাত থকা বাংলাদেশীসকলে ।

বাংলা সংস্কৃতি ভালপোৱা শতাধিক লোক সেই স্থানত একত্ৰিত হৈ সূৰ্য উদয়ৰ সময়ত সুধাকণ্ঠৰ বিস্তীৰ্ণ দুপাৰে গীতেৰে বাংলা নৱবৰ্ষক আদৰণি জনায় (Bhupen Hazarika Bistirna Dupare) । আমেৰিকাৰ বিভিন্ন ৰাজ্যৰ পৰা বাংলাদেশী লোকসকলে যোগদান কৰিছে এই অনুষ্ঠানত ৷

লগতে পঢ়ক : Ileana D Cruz: ইলিয়ান ডি ক্ৰুজে ছ’চিয়েল মিডিয়াযোগে জনালে অন্তঃসত্বা হোৱাৰ খবৰ, নেটিজেনে সুধিলে, পিতৃ কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.