ETV Bharat / entertainment

Ankita Lokhande Pregnancy: বিগ বছত গৰ্ভাৱস্থাৰ পৰীক্ষা কৰিলে অংকিতা লোখাণ্ডেই

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 2:00 PM IST

বিগ বছ ১৭ ত স্বামী বিকি জৈনৰ সৈতে অংশগ্ৰহণ কৰিছে অভিনেত্ৰী অংকিতা লোখাণ্ডে ৷ এতিয়া শেহতীয়া খণ্ডত অভিনেত্ৰীগৰাকীয়ে এনে এটা কথা প্ৰকাশ কৰিছে, যাৰ বাবে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন উদয় হৈছে যে অংকিতা সঁচাকৈয়ে গৰ্ভৱতী নেকি ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

BB 17 updates: Ankita Lokhande takes pregnancy test inside house
গৰ্ভৱতী নেকি অংকিতা লোখাণ্ডে

চিটাৰা ডেস্ক, 16 নৱেম্বৰ: এইবাৰ ৰিয়েলিটি শ্ব’ বিগ বছ ১৭ ত প্ৰতিযোগী হিচাপে আহিছে বিবাহিত দম্পতীও । বি বি হাউচৰ ভিতৰত স্বামী বিকি জৈনৰ সৈতে অংশগ্ৰহণ কৰিছে অভিনেত্ৰী অংকিতা লোখাণ্ডেয়ে । শ্ব’টোৰ আৰম্ভণিৰে পৰা দুয়োৰে মাজত মনোমালিন্য আৰু বিবাদ দেখা পোৱা গৈছে । শ্ব’টোৰ খেল পাহৰি অংকিতাই স্বামীৰ মনোযোগ আৰু যত্নৰ বাবে অনবৰতে হাহাকাৰ কৰি থাকে । আনহাতে বিকিয়ে ভালকৈ সময় নিদিয়ে অংকিতাক । এইবোৰৰ মাজতে এতিয়া ঘৰৰ ভিতৰতে অংকিতাই নিজৰ গৰ্ভাৱস্থাৰ কথা প্ৰকাশ কৰিছে । শেহতীয়াকৈ প্ৰকাশ পোৱা খণ্ডটোৰ পিচত দৰ্শকৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছে, ‘‘অংকিতা সঁচাকৈ অন্তঃসত্বা নেকি ?’’

বিগ বছ হাউচত অংকিতা লোখাণ্ডে আৰু বিকি জৈনক মাহেকীয়া নোহোৱাৰ পৰা আৰম্ভ কৰি গৰ্ভাৱস্থালৈকে সকলো কথা পাতি থকা দেখা গৈছিল । অৱশ্যে কোনো ভাল খবৰ ঘোষণা কৰা নাই এই দম্পতীয়ে । আচলতে অংকিতা যেতিয়া বাহিৰত বাগিচা এলেকাত বহি আছিল, তেতিয়া আকৌ এবাৰ বিকি জৈনৰ সৈতে কথোপকথন কৰি আছিল । এই কথাত অভিনেত্ৰীগৰাকীয়ে স্বামীক কয় যে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । ইয়াৰ পিচত দুয়ো ভিতৰলৈ সোমাই যায় আৰু প্ৰথমে বিকি জৈনে অংকিতাৰ প্ৰতি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে কাৰণ অংকিতাই খানজাদীৰ সন্মুখত বিকিক অপমান কৰিছিল, যাৰ উত্তৰত অংকিতাই ক’লে, "মই ভাগৰি পৰিছো, মই সঁচাকৈয়ে মানসিকভাৱে ভাগৰি পৰিছো ।"

অংকিতাই কয়, ‘‘মই অনুভৱ কৰোঁ যে মই বেমাৰত পৰিছো, মোৰ ভিতৰৰ পৰা এটা অনুভৱ হৈছে, মই সুস্থ হৈ থকা নাই আৰু মোৰ মাহেকীয়া হোৱা নাই, ঘৰলৈ যাব বিচাৰো ।” ইয়াৰ উত্তৰত বিকিয়ে কয়, কালি আপুনি মাহেকীয়া হোৱাৰ কথা কৈছিলে । এই কথাত অংকিতাই কয় যে তেওঁ কেৱল তেজৰ পৰীক্ষাহে কৰাইছিল । অংকিতাই কয়, “মাহেকীয়া নহয়, গৰ্ভাৱস্থাৰ বাবে মোৰ তেজৰ পৰীক্ষা হৈছিল । ৰিপৰ্ট অহা নাই আৰু সেইদিনা প্ৰস্ৰাৱ পৰীক্ষাও কৰা হৈছিল ।’’ অৱশ্যে বিকিয়ে পত্নীৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদি খেলত মনোনিৱেশ কৰে ।

বিগ বছৰ শেষৰ খণ্ডটোত অংকিতাক আন খেলুৱৈসকলে জোকাইছিল যে তেওঁৰ টেঙা খাবলৈ মন গৈছে । শ্ব’টোৰ প্ৰতিযোগী ৰিংকুৱে সঁচাকৈয়ে অংকিতা গৰ্ভৱতী নেকি বুলি সোধাৰ লগে লগে পবিত্ৰ ৰিষ্টাৰ অভিনেত্ৰীগৰাকীয়ে লগে লগে উত্তৰ দিলে, “নাই নাই । তেনেকুৱা একো নাই । মোৰ অনুভৱ হৈছে যে কিবা এটা ঠিক নহয় ।"

অৱশ্যে শ্ব’টোত অংকিতা আৰু বিকি জৈনৰ সম্পৰ্কত বিভাজন দেখা পোৱা গৈছে । দুয়ো শ্ব’টোত অহাৰ পিচৰে পৰা দুয়োৰে মাজত মতবিৰোধ দেখা পোৱা গৈছে ।

লগতে পঢ়ক: Bigg Boss 17: দীপাৱলীৰ দিনাই বিগ বছত ছলমানৰ ৰুদ্ৰমূৰ্তি; ঘৰৰ পৰা বাহিৰ হৈ যাব লাগিব নেকি ঐশ্বৰ্য-মন্নাৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.