ETV Bharat / entertainment

Hina Khan celebrates diwali: দীপাৱলী উদযাপনৰ বাবে ট্ৰ’ল হ’ল হিনা, ব্যৱহাৰকাৰীয়ে ক’লে - আপুনি হিন্দু নেকি ?

টিভি অভিনেত্ৰী হিনা খানে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে তেওঁৰ এটা ভিডিঅ’ । য’ত অভিনেত্ৰীগৰাকীক দীপাৱলী উদযাপন কৰা দেখা গৈছে । দীপাৱলী উদযাপন কৰাৰ বাবেই এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হৈছে অভিনেত্ৰীগৰাকী ।

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 5:01 PM IST

Actress Hina Khan trolled on social media for celebrating Diwali
দীপাৱলী উদযাপন কৰি ট্ৰ’ল হিনা খান

চিটাৰা ডেস্ক, 13 নৱেম্বৰ: দেওবাৰে সমগ্ৰ দেশজুৰি দীপাৱলী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হয় । দীপাৱলীৰ উন্মাদনা কেৱল সাধাৰণ জনতাৰ মাজতেই নহয়, বলীউড আৰু টিভিৰ চেলিব্ৰিটিসকলৰ মাজতো দেখা গ’ল । জনপ্ৰিয় টিভি অভিনেত্ৰী হিনা খানকো এই উৎসৱ উদযাপন কৰা দেখা গ’ল । যাৰ এটা ভিডিঅ’ অভিনেত্ৰীগৰাকীয়ে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে । কিন্তু এতিয়া এই ভিডিঅ’টোক লৈ অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়া ব্যাপকভাৱে সমালোচনা কৰা হৈছে ।

আচলতে হিনা খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত দীপাৱলী উদযাপনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । এই ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক গোলাপী ৰঙৰ শাৰাৰা চুট পৰিধান কৰা দেখা গৈছিল । ভিডিঅ’টোত হিনা খানে ফুলজাৰি জ্বলাই থকা দেখা গৈছে । দীপাৱলী উদযাপনৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি হিনাই কেপচনত লিখিছে – ‘হেপি দীপাৱলী ’৷ কিন্তু অভিনেত্ৰীগৰাকীয়ে হয়তো জনা নাছিল যে এই ভিডিঅ’টোক লৈ অভিনেত্ৰীগৰাকীক ব্যাপকভাৱে ট্ৰ’ল কৰা হ’ব ।

দীপাৱলী উদযাপনৰ বাবে ট্ৰ’ল হ’ল হিনা খান

এতিয়া এই ভিডিঅ’টোক লৈ ছ’চিয়েল মিডিয়াত হিনা খানক বেয়াকৈ ট্ৰ’ল কৰা হৈছে । আচলতে এগৰাকী মুছলিম ধৰ্মাৱলম্বী পৰিয়ালৰ ছোৱালী হিনা খান । সেইবাবেই একাংশ ইউজাৰে তেওঁক দীপাৱলী উদযাপন কৰাৰ বাবে সমালোচনা কৰিছে । হিনাৰ ভিডিঅ’টোৰ ওপৰত মন্তব্য কৰি এজন ইউজাৰে লিখিছে - ‘প্ৰথমে আপুনি নিজৰ ধৰ্ম সলনি কৰক, তাৰ পিচত যি মন যায় কৰক ৷’ আনহাতে আন এজনে লিখিছে - ‘কেইদিনমান পূৰ্বে তেওঁ উমৰাহ কৰি আহিছে ৷’ ইয়াৰ উপৰিও এজন ইউজাৰে লিখিছে - ‘হিনা, এইটো আপোনাৰ ফালৰ পৰা একেবাৰে ভুল কাম ৷’

এই শ্ব’টোৰ জৰিয়তে হিনাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল

উল্লেখ্য যে, হিনা খানে অভিনয় জীৱন আৰম্ভ কৰিছিল টিভি শ্ব’ ‘য়ে ৰিস্তা ক্যা কেহলাতা হে’ৰ জৰিয়তে । এই শ্ব’টোত অক্ষৰাৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল হিনা । ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীয়ে বিগ বছ, ছবি আৰু কিছুমান ৱেব ছিৰিজতো অভিনয় কৰিছে ।

লগতে পঢ়ক: Parineeti Chopra's Diwali Pics: স্বামী ৰাঘৱ চাড্ডাৰ সৈতে প্ৰথম দীপাৱলী উদযাপন কৰিলে পৰিণীতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.