ETV Bharat / entertainment

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিল ভূমি পেডনেকাৰৰ, হাস্পতালৰ বিচনাৰ পৰাই অনুৰাগীক জনালে আহ্বান

Bhumi Pednekar Diagnosed Dengue: ডেংগু ৰোগত আক্ৰান্ত হৈছে বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰ । হাস্পতালৰ বিচনাৰ পৰা চেলফি শ্বেয়াৰ কৰি নিজেই এই তথ্য দিছে অভিনেত্ৰীগৰাকীয়ে । একে সময়তে অনুৰাগীক সাৱধান হ’বলৈ আহ্বান জনাইছে ভূমিয়ে ।

Woke up feeling like a wow: Bhumi Pednekar updates fans with picture from hospital as she recovers from dengue
ডেংগুত আক্ৰান্ত ভূমি পেডনেকাৰ
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 2:24 PM IST

চিটাৰা ডেস্ক, 22 নৱেম্বৰ: বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেত্ৰী ভূমি পেডনেকাৰ । এতিয়ালৈকে বহু ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিছে ভূমিয়ে । শেহতীয়াকৈ মুক্তি পাইছিল অভিনেত্ৰীগৰাকীৰ অভিনীত ছবি Thank You for Coming ৷ ইয়াৰ মাজতে এতিয়া অভিনেত্ৰীগৰাকীৰ সন্দৰ্ভত আহিছে এটা বেয়া খবৰ ৷ হঠাৎ অসুস্থ হৈ পৰিছে ভূমি ৷ আচলতে অভিনেত্ৰীগৰাকী ডেংগু ৰোগত আক্ৰান্ত হৈছে । বুধবাৰে পুৱা ভূমিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই তথ্য শ্বেয়াৰ কৰিছে ৷ লগতে ক্ৰমাৎ বৃদ্ধি পোৱা ডেংগু ৰোগীৰ পৰিপ্ৰেক্ষিতত অনুৰাগীক সাৱধান হ’বলৈও আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে ।

ডেংগু ৰোগত আক্ৰান্ত ভূমি পেডনেকাৰ

বুধবাৰে পুৱা নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত হাস্পতালৰ বিচনাৰ পৰা কিছু চেলফি শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে । ফটোসমূহ পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, “এটা ডেংগু মহে মোক ৮ দিন ধৰি প্ৰচণ্ড অত্যাচাৰ কৰিছিল । কিন্তু আজি যেতিয়া সাৰ পাইছো মোৰ ‘Wow’ যেন লাগিল, গতিকে চেলফি এখন তুলিলো ।"

অনুৰাগীক ডেংগুৰ ক্ষেত্ৰত সাৱধান হ’বলৈ আহ্বান ভূমিৰ

অনুৰাগীক ডেংগুৰ ক্ষেত্ৰত সাৱধান হ’বলৈ আহ্বান জনাই ভূমিয়ে লিখিছে, ‘‘বন্ধুসকল, সাৱধান হওক, কাৰণ যোৱা কেইদিনমান মোৰ আৰু মোৰ পৰিয়ালৰ বাবে অতি কঠিন আছিল । এই সময়চোৱাত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখক আৰু মহৰ ঔষধ ঘৰত ব্যৱহাৰ কৰক । অধিক প্ৰদূষণৰ বাবে আমাৰ বেছিভাগৰে ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰভাৱিত হৈছে । মোৰ চিনাকি বহু লোকৰ শেহতীয়াকৈ ডেংগু হৈছে । এটা অদৃশ্য ভাইৰাছে মোৰ অৱস্থা বেয়া কৰি পেলালে । মোৰ ইমান ভাল যত্ন লোৱাৰ বাবে মোৰ চিকিৎসকসকললৈ ধন্যবাদ @hindjahospital @bajankhusrav #DrAgarwal । অশেষ ধন্যবাদ চাফাই কৰ্মীসকললৈ । বিশেষ ধন্যবাদ মাতৃ, সামু আৰু মোৰ তনুক ।”

লগতে পঢ়ক: HBD Bhumi Pednekar: কোনো ডায়েটিচিয়ান নোহোৱাকৈ কম সময়ৰ ভিতৰতে কেনেকৈ ৩২ কেজিকৈ ওজন হ্ৰাস কৰিছিল ভূমি পেডনেকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.