চিটাৰা ডেস্ক, 23 ছেপ্টেম্বৰ: অসমীয়া ছবি জগতৰ এটি চিনাকী নাম হৈছে যতীন বৰা ৷ যিয়ে অসমীয়া ছবিজগতক এখনৰ পিচত আনখন ছবি ৰাইজক উপহাৰ দিছে ৷ বিতৰ্ক, মৰম, সমাদৰ সকলোৱেই লাভ কৰিছে যতীন বৰাই ৷ তৎস্বত্বেও যেন সকলোৰে মাজত আজিও এক সুকীয়া স্থান লৈ আছে যতীন বৰাই ৷
'ৰত্নাকৰ'ৰ সফলতাৰ পিছত এইবাৰ পুনৰবাৰ দৰ্শকৰ বাবে যতীন বৰাই লৈ আহিছে আন এখন ছবি 'ৰাঘৱ' ৷ ৰবি শৰ্মাৰ 'ৰঘুপতি'ৰ বিপুল সফলতাৰ পিছত অসমীয়া ছবিজগতে পুনৰবাৰ সাহস লাভ কৰিছে ৷ এসময়ত যতীন বৰাৰ অসমীয়া ছবি জগতত বিপুল সমাদৰ লাভ কৰা ছবি 'দাগ', 'প্ৰিয়া মিলন', 'অধিনায়ক', 'বাৰুদ', 'কন্যাদান', 'হিয়া দিয়া নিয়া', 'চুৰেণ চোৰৰ পুতেক', 'জুমন-চুমন', 'চেনাই মোৰ ঢুলীয়া' আদি ছবিসমূহ আজিও অসমীয়া দৰ্শকৰ মাজত খুবেই জনপ্ৰিয় ৷
ইফালে, যতীন বৰাৰ আন এখন জনপ্ৰিয় ছবি ‘প্ৰিয়া অ প্ৰিয়া’ ছবিৰ এটি ক্লিপ আজি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি নষ্টাল্জিক হৈ পৰে অভিনেতাগৰাকী ৷ পোষ্টটোত যশস্বী অভিনেতা প্ৰয়াত নিপন গোস্বামীক স্মৰণ কৰি অভিনেতাগৰাকী আবেগিক হৈ পৰা দেখা যায় ৷
ইফালে, ছবিখনৰ কিছু স্মৃতি ৰোমন্থণ কৰি অভিনেতাগৰাকীয়ে ছবিখনৰ কলা-কুশলী প্ৰাঞ্জল বৰা,মলয়া গোস্বামী তথা আব্দুল মজিদৰ কথাও উল্লেখ কৰি তেওঁলোকৰ পৰা অভিজ্ঞতাৰ কথাও উল্লেখ কৰে অভিনেতা যতীন বৰাই ৷
পোষ্টটোত ‘প্ৰিয়া অ প্ৰিয়া’ ছবিখনৰ এটি মূহুৰ্ত শ্বেয়াৰ কৰি তেওঁ লিখে যে, ভিডিঅ'টি নগাঁৱৰ ভাইটি এজনে এইকেইদিনতে দিছিল ৷ ক্লিপটো 'প্ৰিয়া অ' প্ৰিয়া' বোলছবিৰ ৷ ভিডিঅ'টি চাই ক্ষন্তেকৰ বাবে ভাবুক হৈ গ'লো ৷
শ্ৰদ্ধাৰ নিপনদাৰ ছবিখনো মুখৰ আগত ভাহি আহিল ৷ 2001-02 চনৰ কথা ৷ তেতিয়া অসমৰ সকলো ৰাইজে অভিনেতা 'যতীন বৰা' হিচাপে মোক চিনি পোৱা দুবছৰ মান হৈছে কিজানি ৷ 'প্ৰিয়া অ' প্ৰিয়া'ত অভিনয় কৰিলোঁ ৷ নিপন দা,প্ৰাঞ্জল দা,মলয়া বাইদেউ তথা আব্দুল মজিদ ডাঙৰীয়াৰ দৰে বলিষ্ঠ অভিনেতাৰ লগত কৰা ছবিখন কৰি যথেষ্ট শিকিব পাৰিলোঁ ৷ ৰাইজে ভাল পালে ৷
আমোদজনক কথাটো হ'ল ছবিখনত মোৰ নাম আছিল বাস্তৱ ৷ আৰু কিছু ৰাইজে ইমানেই ছবিখন ভাল পাইছিল যে মোৰ ফোন নাম্বাৰো বাস্তৱ নামেৰেই ছেভ কৰি ৰাখিছিল ৷ আজিও বহুতে মেছেজ কৰি চিনেমাখনৰ কথা কয় ৷ ভাল লাগে,মনটো আকৌ সেই পুৰণি দিনবোৰলৈ উৰা মাৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে, অহা 27 অক্টোবৰত তেওঁৰ ছবি 'ৰাঘৱ' মুক্তি পাবলৈ গৈছে ৷ ইতিমধ্যে ছবিখন টিজাৰ তথা ছবিখনৰ "গীত চিলমিল টোপনি", "চাৰি চকা ঘূৰিলেহে" গীতকেইটিয়ে ৰাইজৰ পৰা মৰম পাবলৈ সক্ষম হৈছে ৷ এতিয়া প্ৰশ্ন হয় ৰত্নাকৰৰ দৰেই বক্স অফিচত ৰাঘৱে ভাল প্ৰৰ্দশন দেখুওৱাব পাৰিব নে নাই তাৰ বাবে এতিয়া অপেক্ষা মাথোঁ 27 অক্টোবৰলৈ ৷
- " class="align-text-top noRightClick twitterSection" data="">
লগতে পঢ়ক: Assamese film Raghav: ৰাঘৱে ভংগ কৰিব পাৰিব নে ৰঘুপতিৰ অভিলেখ ? এই সন্দৰ্ভত কি ক’লে নিশিতা গোস্বামীয়ে