চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ: অতি সোনকালে টিভি চিৰিয়েল জগতৰ সৰু বোৱাৰী অৰ্থাৎ ৰুবিনা দিলাইকৰ ঘৰত নতুন আলহীৰ মাত শুনিবলৈ পোৱা যাব ৷ হয়, অতি সোনকালে মাতৃ হ’বলৈ ওলাইছে এই মোহময়ী ৷ ৰুবিনাই নিজেই এই ভাল খবৰটো নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টতৰ জৰিয়তে ইতিমধ্যে শ্বেয়াৰ কৰিছে ৷ আজি এই ভাল খবৰটি তেওঁৰ স্বামী অভিনৱ শুক্লাৰ সৈতে এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰি সকলোকে জনায় ৷
মাতৃ হ’বলৈ গৈ আছে ৰুবিনা দিলাইক
এই সুন্দৰ ছবিখনৰ কেপচনত ৰুবিনাই লিখিছে যে ‘যেতিয়া আমি ইজনে সিজনৰ লগত ডেটিং আৰম্ভ কৰিছিলো তেতিয়াৰ পৰাই আমি প্ৰতিশ্ৰুতি দিছিলো যে আমি একেলগে পৃথিৱী ভ্ৰমণ কৰিম ৷ তাৰ পিছত আমাৰ বিয়া হৈছিল আৰু এতিয়া পৰিয়াল হিচাপে আমি অতি সোনকালে আমাৰ সৰু অতিথিজনক আমি আদৰিবলৈ ওলাইছো ৷
এই পোষ্টটোৰ ওপৰত অনুৰাগীয়ে ইতিমধ্যে বিভিন্ন কমেন্টেৰে উপচাই তুলিছে ৷ মাতৃ হোৱাৰ বাবে সকলোৱে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে ৷ অনুৰাগীৰ পৰা চেলিব্ৰিটিলৈকে জীৱনৰ নতুন আৰম্ভণিৰ বাবে দম্পতীহালক অভিনন্দন জ্ঞাপন কৰে ৷
বিয়াৰ ৫ বছৰৰ পাছত গৰ্ভৱতী হয় ৰুবিনা
উল্লেখ্য যে, বিবাহৰ ৫ বছৰৰ পাছত ৰুবিনা আৰু অভিনৱে প্ৰথম সন্তানক আদৰিবলৈ ওলাইছে ৷ উল্লেখ্য যে, ২০১৮ চনত দুয়োৱে অগ্নিক সাক্ষী কৰি বিবাহপাশত আৱদ্ধ হৈছিল ৷ ‘বিগ বছ ১৪’লৈ অহাৰ পিছত এই টিভি দম্পতীয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল ৷ দৰ্শকে এই যুটিটো বৰ পচন্দ কৰিছিল ৷ এই শ্ব'ত জয়ী হোৱাৰ পিছত ৰুবিনাৰ এক সুকীয়া পৰিচয় হৈ পৰিছিল ৷ প্ৰায়েই অনুৰাগীৰ সৈতে সংযুক্ত হৈ থাকিবলৈ ইনষ্টাগ্ৰামত কিবা নহয় কিবা আপডেট দি থাকে ৷ অনুৰাগীৰ মাজতো তেওঁ খুবেই জনপ্ৰিয় ৷ মানুহে তেওঁৰ ড্ৰেছিং চেন্সকো বৰ পচন্দ কৰে ৷
উল্লেখ্য যে, 2012 চনত কালাৰ্চৰ এখনি ধাৰাবাহিক ‘চোটি বহু’, তাৰ পিছত শক্তি-অস্তিত্ব কে এহচাচ কী, পুনৰ বিবাহৰ দৰে ধাৰাবাহিক অভিনয় কৰি তেওঁ সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল ৷