চিটাৰা ডেস্ক, ১ ডিচেম্বৰ : আজি বলীউডৰ হেণ্ডছাম হাংক অভিনেতা ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ এ ছবিগৃহত মুক্তি লাভ কৰিছে । এই ছবিখনক লৈ অনুৰাগীৰ মাজত যথেষ্ট উন্মাদনা দেখা পোৱা গৈছিল । আজি ছবিখন মুক্তি পোৱাৰ পূৰ্বে যোৱা নিশা অৰ্থাৎ বৃহস্পতিবাৰে এনিমেলৰ বিশেষ দৰ্শনীৰ আয়োজন কৰা হয় । এনিমেলৰ দলটোৱে আয়োজন কৰিছিল তাৰকাৰে ভৰা প্ৰিমিয়াৰ । এই দৰ্শনীত ৰণবীৰ কাপুৰৰ পত্নী তথা অভিনেত্ৰী আলিয়া ভাট আৰু মাতৃ নীতু কাপুৰো উপস্থিত আছিল ৷ ছবিখন চোৱাৰ পিচত পত্নী আৰু মাতৃয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জানো আহক এই প্ৰতিবেদনত ।
আলিয়া ভাট আৰু নীতু কাপুৰে ৰণবীৰ কাপুৰৰ এনিমেলৰ বিষয়ে ক’লে এই কথা
পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত একচন-ড্ৰামা এনিমেলত একশ্যন ধৰ্মী চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে । আজি অৱশেষত ছবিগৃহত মুক্তি পালে ৰণবীৰ কাপুৰৰ বহু প্ৰত্যাশিত ছবিখন । মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে বিশেষ দৰ্শনীৰ আয়োজন কৰা হৈছিল, য’ত বলীউডৰ বহু তাৰকাই অংশগ্ৰহণ কৰিছিল । ৰণবীৰৰ পত্নী আলিয়া ভাট আৰু মাতৃ নীতু কাপুৰে পৰিয়ালৰ সৈতে ছবিখন চোৱাৰ লগতে ছবিখনক লৈ তেওঁলোকৰ মতামতো প্ৰকাশ কৰিছে ।
ছবিগৃহৰ পৰা ওলাই অহাৰ সময়ত আলিয়া ভাটক আগুৰি ধৰে সংবাদ মাধ্যমে । সাংবাদিকে আলিয়া ভাটক প্ৰশ্ন কৰে এনিমেল ছবিখন কেনেকুৱা পালে ? এই প্ৰশ্নৰ উত্তৰত আলিয়াই হাঁহি এটা মাৰি ক’লে, "আমেজিং, ভয়ংকৰ ।’’
ইফালে নীতু কাপুৰ আৰু ৰণবীৰ কাপুৰক বন্ধু-বান্ধৱীৰ সৈতে লিফ্টত উঠি যোৱা দেখা গৈছিল । ইয়াৰ পিচতে সাংবাদিকে নীতু কাপুৰক দূৰৰ পৰা পুত্ৰৰ ছবিখনৰ বিষয়ে প্ৰশ্ন সোধে ৷ ইয়াৰ উত্তৰত নীতুয়ে কয়- যুগ যুগ জিয়ো ৷
বছ লেডী লুক আলিয়াৰ
স্বামীৰ বিশেষ দিনটোত স্বামীক সমৰ্থন কৰিবলৈ ছবিখনৰ বিশেষ দৰ্শনীত উপস্থিত হৈছিল আলিয়া ভাট । স্ক্ৰীনিঙৰ বাবে অভিনেত্ৰীগৰাকীয়ে বছ লেডীক লুকত আহিছিল ৷ আলিয়াই পৰিধান কৰিছিল ক’লা ব্লেজাৰ আৰু মেচিং পেণ্ট । অতি কম মেকআপৰ সৈতে অভিনেত্ৰীগৰাকীয়ে চুলিকোচা খোলা ৰাখিছিল ৷ আলিয়াই এই সাজৰ সৈতে সোণালী ৰঙৰ কাণফুলি আৰু ক’লা ৰঙৰ হেণ্ডবেগ যোগ কৰে । অৱশ্যে অভিনেত্ৰীগৰাকীৰ এই লুকটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ আন এটা কাৰণ আছে ৷ সেয়া হৈছে ব্লেজাৰৰ ভিতৰত পৰিধান কৰা বগা টি-চাৰ্টটো ৷ কিয়নো বগা টি-চাৰ্টটো কাষ্টমাইজ কৰি ছবিখনৰ পৰা ৰণবীৰৰ চৰিত্ৰৰ ফটো অংকন কৰা হৈছিল ।
লগতে পঢ়ক: ছবিগৃহত মুক্তিৰ লগে লগে আলোড়নৰ সৃষ্টি কৰিছে এনিমেলে