ETV Bharat / entertainment

The Vaccine War: বিবেক অগ্নিহোত্ৰীৰ অপেক্ষাৰ অন্ত পৰিল; দ্য ভেকচিন ৱাৰে লাভ কৰিলে ইউ চাৰ্টিফিকেট - পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰী

বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ নতুন ছবি ‘‘The Vaccine War’’ ৷ কিছুদিন পূৰ্বে মুক্তি পাইছিল দ্য ভেকচিন ৱাৰৰ ট্ৰেইলাৰ । মহামাৰীৰ কাহিনীক লৈ নিৰ্মাণ কৰা এই ছবিখনে এতিয়া চেঞ্চৰ ব’ৰ্ডৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰিছে । এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Vivek Agnihotri's film The Vaccine War gets U certificate from CBFC, Vivek Agnihotri reacts on this
দ্য ভেকচিন ৱাৰে লাভ কৰিলে ইউ চাৰ্টিফিকেট
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 4:33 PM IST

চিটাৰা ডেস্ক, ২১ ছেপ্টেম্বৰ: ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে পুনৰ এক ব্যতিক্ৰমী বিষয় লৈ উভতি আহিছে ডাঙৰ পৰ্দাত ৷ পৰিচালকগৰাকীৰ আগন্তুক ছবি হৈছে ‘দ্য ভেকচিন ৱাৰ’ ৷ এই ছবিখনত ভাৰতীয় বিজ্ঞানীসকলে ক’ৰ’না মহামাৰীৰ সময়ত ‘ভেকচিন’ নিৰ্মাণৰ মিছনত কেনেদৰে দিনে নিশাই কষ্ট কৰিছিল তাৰ কাহিনী দেখুওৱা হ’ব ।

নানা পাটেকাৰ, পল্লৱী যোশী, অনুপম খেৰ, ৰীমা সেনকে ধৰি বহু অভিনেতা-অভিনেত্ৰীক ছবিখনত দেখা যাব । ট্ৰেইলাৰ মুক্তিৰ পিচত বিবেক অগ্নিহোত্ৰীৰ ছবিখনক এতিয়া চেণ্ট্ৰেল ব’ৰ্ড অৱ চাৰ্টিফিকেশ্যন (চিবিএফচি)ৰ দ্বাৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে । ছবিখনে লাভ কৰা প্ৰমাণ পত্ৰক লৈ এতিয়া বিবেক অগ্নিহোত্ৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

  • CBFC certification #TheVaccineWar #ATrueStory

    After a long time, a clean, inspiring, emotional film with U certificate.

    See it with your children and parents. Gain knowledge and feel inspired in this family film.

    7 DAYS TO GO. https://t.co/6bFYPr1Jcl

    — Vivek Ranjan Agnihotri (@vivekagnihotri) September 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

‘দ্য ভেকচিন ৱাৰ’ৰ ইউ চাৰ্টিফিকেট পোৱাৰ পিচত আৱেগিক হৈ পৰিল বিবেক

আজি ‘দ্য ভেকচিন ৱাৰ’ ছবিখনৰ প্ৰমাণপত্ৰৰ বিষয়ে তথ্য শ্বেয়াৰ কৰাৰ সময়ত বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে কৈছিল যে নানা পাটেকাৰৰ অভিনীত ছবিখনে চিবিএফচিৰ পৰা ইউ প্ৰমাণপত্ৰ লাভ কৰিছে। মুঠ ২ ঘন্টা ৪০ মিনিট ৪৩ ছেকেণ্ডৰ এই ছবিখন ।

তৰণ আদৰ্শৰ এই টুইটটো পুনৰ টুইট কৰি 'দ্য কাশ্মীৰ ফাইলছ'ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে লিখিছে, "ভেক্সিন যুদ্ধ, এটা সঁচা ঘটনাই প্ৰমাণপত্ৰ লাভ কৰিছে। বহুদিনৰ মূৰত সম্পূৰ্ণ পৰিষ্কাৰ, প্ৰেৰণাদায়ক কাহিনী । আৱেগেৰে ভৰপূৰ ছবিখনে লাভ কৰিছে এটা U প্ৰমাণপত্ৰ । সন্তান আৰু পিতৃ-মাতৃৰ সৈতে এই ছবিখন চাওক, আপোনাৰ জ্ঞান বৃদ্ধি কৰক আৰু এই পাৰিবাৰিক ছবিখনৰ পৰা অনুপ্ৰাণিত হওক ৷"

বিবেক অগ্নিহোত্ৰীয়ে বহু দিন ধৰি অপেক্ষা কৰিছিল এই ক্ষণৰ বাবে

ইয়াৰ পূৰ্বে অ’এমজি ২ক চেঞ্চৰ ব’ৰ্ডে এ চাৰ্টিফিকেট দিয়াৰ বিপৰীতে গদৰ ২ আৰু জৱানকো ইউ/এ চাৰ্টিফিকেট প্ৰদান কৰিছিল । ভেকচিন যুদ্ধক দিয়া হৈছে সাৰ্বজনীন প্ৰমাণ পত্ৰ । যিটো বহুদিনৰ মূৰত এইখন ছবিয়ে লাভ কৰিছে ।

উল্লেখ্য যে বিবেক অগ্নিহোত্ৰীৰ আগৰ বহু চিনেমা Censor Board ৰ দ্বাৰা A আৰু U/A চাৰ্টিফিকেট দিয়া হৈছে । পৰিচালকগৰাকীৰ শেষৰখন মুক্তিৰ ছবি দ্য কাশ্মীৰ ফাইলছে লাভ কৰিছিল এ চাৰ্টিফিকেট, যিয়ে বিশ্বজুৰি প্ৰায় ৩৪০ কোটি টকাৰ ব্যৱসায় কৰিছিল ।

লগতে পঢ়ক: The Vaccine War: ‘দ্য ভেকচিন ৱাৰ’ প্ৰদৰ্শনীত অংশ গ্ৰহণ সুধা মূৰ্তিৰ; ভাৰতীয় হিচাপে গৌৰৱ কৰাৰ আহ্বান সকলোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.