ETV Bharat / entertainment

The Vaccine War: দ্য ভেকচিন ৱাৰলৈ সুখবৰ, অস্কাৰ একাডেমীৰ পৰা লাভ ডাঙৰ সন্মান

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:56 PM IST

বিবেক ৰঞ্জন অগ্ৰিহোত্ৰীৰ ছবি দ্য ভেকচিন ৱাৰে বক্স অফিচত ভাল সঁহাৰি নাপালেও, ছবিখনে অস্কাৰ একাডেমীৰ পৰা অনুৰোধ পত্ৰ লাভ কৰিছে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Vivek Agnihotri expresses happiness as Oscars library accepts The Vaccine War script for Academy collections
অস্কাৰ একাডেমীৰ পৰা বিশেষ সন্মান দ্য ভেকচিন ৱাৰলৈ

চিটাৰা ডেস্ক, 12 অক্টোবৰ: শেহতীয়াকৈ ছবিগৃহত মুক্তি লাভ কৰিছে পৰিচালক বিবেক ৰঞ্জন অগ্ৰিহোত্ৰীৰ ‘দ্য ভেকচিন ৱাৰ’ ছবিখন ৷ কিন্তু এই ছবিখনে বক্স অফিচত দেখুওৱাব নোৱাৰিলে যাদু ৷ বক্স অফিচত উপাৰ্জনৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ছবিখনে ৷ বক্স অফিচত ছবিখনৰ ইমান দুৰ্বল প্ৰদৰ্শনৰ পিচতো ছবিখনলৈ আহিছে এটা সুখবৰ ৷ দৰাচলতে অস্কাৰ একাডেমীৰ পৰা ছবিখনলৈ প্ৰেৰণ কৰা হৈছে অনুৰোধ পত্ৰ ৷ পৰিচালক-লেখক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে প্ৰকাশ কৰিছে যে দ্য ভেকচিন ৱাৰৰ চিত্ৰনাট্য অতি সোনকালে অস্কাৰ লাইব্ৰেৰীৰ স্থায়ী মূল সংগ্ৰহৰ অংশ হ’ব । একাডেমীৰ পৰা পোৱা মেইলৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে পৰিচালকজনে ।

স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি বিবেকে টুইটাৰত লিখিছে, ‘‘মই গৌৰৱান্বিত যে দ্য ভেকচিন ৱাৰৰ চিত্ৰনাট্য অস্কাৰ একাডেমীৰ পুথিভঁৰালৰ সংগ্ৰহত ৰখাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । মই আনন্দিত যে শ শ বছৰ, অধিক লোকে ভাৰতীয় ছুপাৰহিৰোৰ এই মহান কাহিনীটো পঢ়িব ।’’

একাডেমীৰ মেইল ​​শ্বেয়াৰ কৰিছে সঞ্চালক অগ্ৰিহোত্ৰীয়ে

৩ অক্টোবৰৰ ইমেইলত একাডেমীৰ লাইব্ৰেৰিয়ানে লিখিছে, "আমি লাইব্ৰেৰী অৱ দ্য একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছৰ স্থায়ী মূল সংগ্ৰহত দ্য ভেকচিন ৱাৰৰ এটা কপি স্থাপন কৰিবলৈ আগ্ৰহী । আমাৰ মূল সংগ্ৰহ কেৱল পঢ়িব পৰাকৈ ৰখা হৈছে । কোঠাৰ পৰা কেতিয়াও লিপি প্ৰচাৰ নহয় আৰু যিকোনো ধৰণৰ কপি বনোৱাটো কঠোৰভাৱে নিষিদ্ধ । এটা গৱেষণা পুথিভঁৰাল আছে, য’ত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ আহে । যিটো সকলোৰ ধৰণৰ মানুহৰ বাবে খোলা ৰখা হয় ৷’’

দ্য ভেকচিন ৱাৰৰ কাহিনী

ছেপ্টেম্বৰ মাহত ছবিগৃহত মুক্তি পোৱা দ্য ভেকচিন ৱাৰে দৰ্শকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছে । ছবিখনত নানা পাটেকাৰ, সপ্তমী গৌড়া, পল্লৱী যোশী আৰু ৰাইমা সেনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । নানা, সপ্তমী আৰু পল্লৱীয়ে ছবিখনত বিজ্ঞানীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ৰাইমাই সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে । নিবেদিতা ভট্টাচাৰ্য আৰু মোহন কাপুৰেও অভিনয় কৰা ছবিখনত অনুপম খেৰৰ গুৰুত্বপূৰ্ণ ভূমিকাও আছে । এই ছবিখন Covid-19 ৰ বিৰুদ্ধে যুঁজ দিয়া ভাৰতীয় বিজ্ঞানীসকলৰ বিজয়ৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক: Fukrey 3 Vs The Vaccine War Vs Chandramukhi 2: বক্স অফিচত কিমান হৈছে ফুক্ৰে ৩, দ্য ভেকচিন ৱাৰ, চন্দ্ৰমুখী ২ৰ উপাৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.