ETV Bharat / entertainment

Vivek Agnihotri movies:জন্মদিনৰ শুভক্ষণত বিবেক অগ্নিহোত্ৰীয়ে ঘোষণা কৰিলে নতুন ছবি দ্য ভেকছিন ৱাৰ

author img

By

Published : Nov 10, 2022, 3:47 PM IST

'দ্য কাশ্মীৰ ফাইলছ' খ্যাত পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ জন্মদিনত এখন নতুন ছবি দ্য ভেকছিন ৱাৰ ঘোষণা কৰিছে । ছবিখন 11 টা ভাষাত মুক্তি দিয়া হ'ব ।

Vivek Agnihotri
বিবেক অগ্নিহোত্ৰীয়ে ঘোষণা কৰিলে নতুন ছবি দ্য ভেকছিন ৱাৰ

চিটাৰা ডেস্ক, 10 নৱেম্বৰ : ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ জৰিয়তে সমগ্ৰ দেশতে খলকনি তোলা বিখ্যাত পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ঘোষণা কৰিছে তেওঁৰ এখন নতুন ছবি । ছবিখনৰ নাম ‘দ্য ভেকছিন ৱাৰ’ । দুদিন পূৰ্বে বিবেকে ছ’চিয়েল মিডিয়াত এই ছবিখনৰ সৈতে জড়িত এটা ইংগিত দিছিল । কিন্তু 49 সংখ্যক জন্মদিনত ছবিখনৰ নাম উন্মোচন কৰে পৰিচালক গৰাকীয়ে । ছবিখনৰ নামটোৱেই ইংগিত দিছে যে ছবিখন সমগ্ৰ বিশ্বতে বিধ্বংসী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ ওপৰত নিৰ্মাণ হৈছে ।

ছবিখন 11 টা ভাষাত মুক্তি পাব

বিবেক অগ্নিহোত্ৰীয়ে 49 সংখ্যক জন্মদিনত নিজৰ নতুন ছবি দ্য ভেকছিন ৱাৰ ঘোষণা কৰি ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, "উপস্থাপন কৰিছো দ্য ভেকছিৱ ৱাৰ, এক যুদ্ধৰ এক অবিশ্বাস্য সঁচা কাহিনী যাক আপুনি নাজানে যে ভাৰতে ইয়াৰ বিজ্ঞান, সাহস আৰু মহান ভাৰতীয় মূল্যবোধৰ সৈতে যুঁজিছিল আৰু জিকিছিল ৷ এই স্বাধীনতা দিৱসত ইয়াক 2023 (15 আগষ্ট) 11 টা ভাষাত মুক্তি দিয়া হ'ব । অনুগ্ৰহ কৰি আমাক আশীৰ্ব্বাদ কৰক" ৷ ছবিখন হিন্দী, তেলুগু, তামিল, মালয়ালম, কানাড়াৰ উপৰিও মাৰাঠী, বাংলা, পাঞ্জাবী, ভোজপুৰী, ইংৰাজী আৰু গুজৰাটী ভাষাত মুক্তি দিয়া হ’ব ।

বিবেকে নতুন ছবিখনৰ সৈতে কেৱল ইমানখিনি তথ্যই শ্বেয়াৰ কৰিছে । এই ছবিখনৰ মুখ্য চৰিত্ৰ কোন হ’ব সেই কথা তেওঁ এতিয়ালৈকে প্ৰকাশ কৰা নাই ।

বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ জন্ম হৈছিল 1973 চনৰ 10 নৱেম্বৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত । 2005 চনত তেওঁ প্ৰথমখন ছবি ‘চকলেট’ পৰিচালনা কৰে । ইয়াৰ পিছত 2007 চনত জন আব্ৰাহাম আৰু আৰ্শ্বাদ ৱাৰ্ছিৰ ষ্টাৰ স্প’ৰ্টছ ছবি ‘ধন-ধনা ধন গোল’, ‘হেট ষ্ট’ৰী’ (2012), ‘জিড’ (2014), ‘বুদ্ধ ইন এ ট্ৰেফিক জাম’ , ‘জুনুনিয়াত’ ' (2016), 'দ্য তাচখন্দ ফাইলছ' (2019) আৰু 'দ্য কাশ্মীৰ ফাইলছ' (2022) নিৰ্মাণ কৰে । বক্স অফিচত 250 কোটিৰো অধিক ব্যৱসায় কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনে । ‘দ্য ভেকছিন ৱাৰ’ৰ পিছত দিল্লী দাংগাৰ আধাৰত বিবেকে নিৰ্মাণ কৰিব ‘দ্য দিল্লী ফাইলছ’ শীৰ্ষক এখন ছবি (Vivek Agnihotri next film)।

লগতে পঢ়ক : The Crew: টাবু, কৰীণা, কৃতিৰ সমন্বয়েৰে আহি আছে দ্য ক্ৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.