ETV Bharat / entertainment

Vikram Vedha Song: এলক’হলিয়াই নচুৱাইছে দৰ্শকক

author img

By

Published : Sep 19, 2022, 4:35 PM IST

যোৱা শনিবাৰে মুক্তি লাভ কৰিছিল হৃতিক-ছৈফৰ আগন্তুক ছবি ‘বিক্ৰম বেধা’ৰ নতুন গীত ‘এলক’হলিয়া’ই (Vikram Vedha Song)। ছবিখনৰ মুক্তিৰ পূৰ্বে এই গীতটোৱে দৰ্শকক যথেষ্ট আমোদ জগাবলৈ সক্ষম হৈছে ৷ আনকি ছ’চিয়েল মিডিয়াতো ট্ৰেণ্ডিং হৈ আছে Alcoholia ৷

Vikram Vedha
এলক’হলিয়াই নচুৱাইছে দৰ্শকক

চিটাৰা ডেস্ক, 19 ছেপ্টেম্বৰ : বিগত শনিবাৰে মুক্তি লাভ কৰিছিল হৃতিক-ছৈফৰ আগন্তুক ছবি ‘বিক্ৰম বেধা’ৰ নতুন গীত ‘এলক’হলিয়া’ই । এই গীতটোৰ প্ৰতি জনসাধাৰণৰ উৎসাহ এতিয়া তুংগত উঠিছে ৷ মুক্তিৰ পূৰ্বেই এই গীতটি দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ কোৱা বাহুল্য যে হৃতিক ৰোশনৰ নতুন ছবিখনত গীত এলক’হলিয়াই অন্য এক মাত্ৰা যোগ দিছে । এলক’হলিয়া গীতটিৰ ৰচনা কৰিছে মনোজ এমে ৷ এই গীতটো এতিয়া ছ’চিয়েল মিডিয়াতো ট্ৰেণ্ড হৈ আছে (Vikram Vedha Song alcoholia) ৷ বিশাল-শেখৰৰ দ্বাৰা ৰচিত গীতটিত বিশাল, শেখৰ, স্নিগ্ধজিৎ ভৌমিক আৰু অনন্যা চক্ৰৱৰ্তীয়ে কণ্ঠদান কৰিছে ।

প্ৰায় ২০ লাখ লোকে ইতিমধ্যে এই গীতটো শুনিছে ৷ এই ছবিখনত (Hrithik Saif New Film Vikram Vedha) এজন তথাকথিত অপৰাধী আৰু এজন কঠোৰ আৰক্ষী বিষয়াৰ মাজত হোৱা যুদ্ধসদৃশ পৰিৱেশ দেখিবলৈ পোৱা যাব ।

  • " class="align-text-top noRightClick twitterSection" data="">

কঠোৰ আৰক্ষী বিষয়া এজনে অধিক ধূৰ্ত গেংষ্টাৰ এটাক ধৰিবলৈ কি কৰে সেইয়া দেখুওৱা হ’ব ছবিখনত ৷ বেদৰ চৰিত্ৰত হৃতিক আৰু আৰক্ষী বিষয়া বিক্ৰমৰ চৰিত্ৰত দেখা যাব ছৈফ আলী খানক । ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৰাধিকা আপ্তেই ৷

তামিল ছবি ‘বিক্ৰম বেধা’ৰ হিন্দী ৰিমেক এই ছবিখন । টি ছিৰিজৰ বেনাৰত নিৰ্মাণ হোৱা এই ক্ৰাইম থ্ৰিলাৰখন 30 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব (Vikram Vedha release date) ।

লগতে পঢ়ক : Vikram Vedha Trailer: ন্যায়ৰ যুঁজত ছৈফ আলী খান আৰু হৃত্বিক ৰোশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.