ETV Bharat / entertainment

Vijay Deverakonda: বিজয় দেৱৰাকোণ্ডাৰ মহানুভৱতা; ১০০ পৰিয়াললৈ ১ কোটি টকাৰ সাহায্যৰ ঘোষণা বিজয় দেৱৰাকোণ্ডাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 11:34 AM IST

অনুৰাগীয়ে অতিকৈয়ে পছন্দ কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱৰাকোণ্ডা আৰু সামান্থা ৰুথ প্ৰভুৰ সদ্য মুক্তি পোৱা ছবি ‘কুশী’ ৷ ছবিখনে বক্স অফিচতো দেখুৱাইছে ভাল ফলাফল । এতিয়া ছবিখনৰ সফলতাত সুখী হৈ বিজয় দেৱৰাকোণ্ডাই লৈছে এক ডাঙৰ সিদ্ধান্ত ৷ ছবিখনৰ পাৰিশ্ৰমিকৰ পৰা পোৱা ধনৰ পৰা ১ কোটি টকাৰ অনুদান আৰ্তজন পৰিয়াললৈ আগবঢ়োৱাৰ সিদ্ধান্ত। সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Vijay Deverakonda will spread Kushi with fans will donate1 crore to needy family
বিজয় দেৱৰাকোণ্ডাই লৈছে এক ডাঙৰ সিদ্ধান্ত

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ: শেহতীয়াকৈ মুক্তি লাভ কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডাৰ অভিনীত ছবি ‘কুশী’ ৷ ছবিখনে বক্স অফিচত দেখুৱাইছে ভাল ফলাফল, লগতে অনুৰাগীয়েও ভাল পাইছে ছবিখন । এতিয়া ছবিখনৰ সফলতাত অভিনেতা বিজয় দেৱৰাকোণ্ডাই লৈছে এক ডাঙৰ সিদ্ধান্ত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনৰ পৰা লাভ কৰা পাৰিশ্ৰমিকৰ পৰা ১০০ টা দুখীয়া পৰিয়ালক ১ কোটি টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে অভিনেতাগৰাকীয়ে । বিজয় দেৱেৰাকোণ্ডাই ঘোষণা কৰে যে অনুৰাগীৰ সৈতে এই সুখ ভাগ কৰিবলৈ তেওঁ ‘কুশী’ৰ পৰা পোৱা পাৰিশ্ৰমিকৰ পৰা ১ কোটি টকা ব্যয় কৰি ১০০টা পৰিয়ালক সহায় কৰিব। এইখিনিতে উল্লেখ কৰিব লাগিব যে মাত্ৰ তিনিদিনতে ‘কুশী’ ছবিখনে ৭০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে উপাৰ্জন কৰিছে বক্স অফিচত ।

বিজয় দেৱেৰাকোণ্ডা আৰু সামান্থা ৰুথ প্ৰভু তেওঁলোকৰ সদ্য মুক্তি পোৱা ছবি ‘কুশী’ৰ সফলতাত অতিকৈয়ে সুখী ৷ শেহতীয়াকৈ হায়দৰাবাদৰ ছবিগৃহ পৰিদৰ্শন কৰাৰ পিচত বিজয়ে বিশাখাপট্টনমৰ এক প্ৰচাৰমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানতে খোদ বিজয়ে ঘোষণা কৰে যে তেওঁৰ পাৰিশ্ৰমিকৰ পৰা ১ কোটি টকা ১০০টা আৰ্তজনৰ পৰিয়াললৈ আগবঢ়াব । তেওঁ কয় যে তেওঁ নিজৰ অনুৰাগীৰ সৈতে সুখ শ্বেয়াৰ কৰিব খুজে আৰু সেইবাবেই তেওঁ ১০০টা পৰিয়ালক ১ কোটি টকা দান দিব বিচাৰিছে।

উল্লেখ্য যে শিৱ নিৰ্বাণে পৰিচালনা কৰা ‘কুশী’ ছবিখন ১ ছেপ্টেম্বৰত একাধিক ভাষাত ছবিগৃহত মুক্তি লাভ কৰিছিল আৰু ছবিখনে বক্স অফিচত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছে । ইফালে ৪ ছেপ্টেম্বৰত বিজয় দেৱেৰাকোণ্ডাই বিশাখাপট্টনমৰ এক প্ৰচাৰমূলক অনুষ্ঠানত অংশ লৈ নিজৰ অনুৰাগীৰ সৈতে মতবিনিময় কৰে ৷

অনুষ্ঠানত অভিনেতাগৰাকীয়ে কয়, ‘আপুনি সুখী আৰু মইও সুখী, মই কিবা এটা চিন্তা কৰি আছো ৷ মই নাজানো যে মই সেইটো সম্পূৰ্ণ কৰিব পাৰিম নে নাই ৷ আপোনালোকৰ লগত সুখ ভাগ কৰিবলৈ মই মোৰ 'কুশীৰ' পাৰিশ্ৰমিকৰ পৰা ১০০ টা পৰিয়ালক ১ কোটি টকা আগবঢ়াম । ১০০ টা দুখীয়া পৰিয়াল বাছনি কৰি আগন্তুক ১০ দিনত ১ লাখ টকাকৈ চেক প্ৰদান কৰিম । মোৰ সফলতা, মোৰ সুখ আৰু মোৰ পাৰিশ্ৰমিক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছো।

কুশী ছবিখনৰ বিষয়ে

শিৱ নিৰ্বাণৰ দ্বাৰা পৰিচালিত এখন ৰোমান্টিক নাট্য ছবি হৈছে ‘কুশী’। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিজয় দেৱেৰাকোণ্ডা আৰু সামান্থা ৰুথ প্ৰভুৱে। ১ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পোৱা ছবিখনে মাত্ৰ তিনিদিনতে ৭০ কোটিৰো অধিক টকা উপাৰ্জন কৰে ।

লগতে পঢ়ক: Shah Rukh Khan: শ্বাহৰুখ খানৰ এটা সিদ্ধান্তই উপকৃত কৰিলে তামিলনাডুৰ তিনি হাজাৰ পৰিয়ালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.