চিটাৰা ডেস্ক, 2 ডিচেম্বৰ : প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা কে মুৰালীধৰণৰ হৃদৰোগত আক্ৰান্ত হৈ আজি মৃত্যু ঘটে ৷ বাসগৃহত থকা অৱস্থাতেই হৃদৰোগত আক্ৰান্ত হয় তেওঁ (k muralidharan death) । মুৰালীধৰণ তামিল প্ৰযোজক পৰিষদৰ প্ৰাক্তন সভাপতিও আছিল । কে মুৰালীধৰণৰ মৃত্যুৰ পিছত তামিল চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে । কমল হাছানকে ধৰি বহু প্ৰবীণ অভিনেতা, প্ৰযোজক, বহু তাৰকাই প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে ।
দক্ষিণৰ প্ৰযোজক কে মুৰালীধৰণৰ তামিলনাডুৰ তেওঁৰ গৃহচহৰ কুম্বাকোনামত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । মুৰালীধৰণ তামিল প্ৰযোজক পৰিষদৰ এজন প্ৰাক্তন সভাপতিও আছিল । তেওঁৰ সহকৰ্মী স্বৰ্গীয় ভি স্বামীনাথন আৰু জি বেণুগোপালৰ সহযোগত তেওঁ প্ৰযোজনা গৃহ লক্ষ্মী মুভি মেকাৰ্ছ আৰম্ভ কৰিছিল, যাৰ সৈতে তেওঁ আম্বে শিৱম, পুধুপেট্টাই আৰু বাগুথিৰ দৰে বহুতো ডাঙৰ হিট ছবি প্ৰদান কৰিছিল ।
লক্ষ্মী মুভি মেকাৰ্ছে তামিল চিনেমাৰ কিছু নামজ্বলা তাৰকাৰ সৈতে ব্যৱসায়িকভাৱে সফল ছবি দিছে । কে মুৰালীধৰণে এ-লিষ্টাৰ কমল হাছান (অম্বে শিৱম), বিজয়কান্ত (উলাৱথুৰাই), কাৰ্তিক (গোকুলাথিল সীথাই), অজিত (উন্নাই থেদি), বিজয় (প্ৰিয়মুদন), ধনুষ (পুধুপেট্টাই) আৰু চিম্বু (চিলম্বটম)ৰ সৈতে কাম কৰিছে । এল এম এমৰ দ্বাৰা নিৰ্মিত শেষৰখন ছবি আছিল জয়ম ৰবি, তৃষা আৰু অঞ্জলি অভিনীত সকালকলা বল্লৱন । 2015 চনত মুক্তি লাভ কৰিছিল ছবিখনে ।
ছ’চিয়েল মিডিয়াত কে মুৰালীধৰণক আৱেগিক শ্ৰদ্ধাঞ্জলি জনাইছে কমল হাছানে । তেওঁ লিখিছে, ‘বহুত হিট ছবি দিয়া লক্ষ্মী মুভি মেকাৰ্ছৰ প্ৰযোজক জন আৰু নাই । প্ৰিয় শিৱ, সেই দিনবোৰ মোৰ মনত পৰিছে । তেখেতলৈ শ্ৰদ্ধাঞ্জলি’ । কে মুৰালীধৰণৰ মৃত্যুৰ পিছত তামিল চলচ্চিত্ৰ জগতখন শোকত ভাগি পৰিছে আৰু বহু প্ৰবীণ অভিনেতা, প্ৰযোজকে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে ।
লগতে পঢ়ক : দুৰ্ঘটনাত আহত জুবিন নৌটিয়াল,ততাতৈয়াকৈ প্ৰেৰণ মুম্বাইৰ চিকিৎসালয়লৈ