চিটাৰা ডেস্ক, 24 এপ্ৰিল: আজি বলীউডৰ অন্যতম সুদৰ্শন অভিনেতা বৰুণ ধাৱনৰ বাবে এক অতি বিশেষ দিন (Varun Dhawan B day)। কিয়নো আজি অভিনেতাগৰাকীৰ জন্মদিন । আজি ৩৬ বছৰ বয়স সম্পূৰ্ণ হ’ল অভিনেতাগৰাকীৰ । এই বিশেষ দিনটোত অভিনেতাগৰাকীৰ অনুৰাগী আৰু চেলিব্ৰিটিসকলে তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰা দেখা যায় ।
বলীউডৰ সুন্দৰী অভিনেত্ৰী জাহ্নৱী কাপুৰে বৰুণৰ সৈতে আগন্তুক ছবি বাৱালৰ চেটৰ ছবি শ্বেয়াৰ কৰি বৰুণ ধাৱনক জন্মদিনৰ শুভেচ্ছা জনাইছে আৰু আনফালে দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰহিট অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱেও তেওঁৰ সহ অভিনেতা বৰুণ ধাৱনক জন্মদিনৰ শুভেচ্ছা জনাইছে (Varun Dhawan birthday)। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে চিটাডেলৰ ভাৰতীয় সংস্কৰণত সামান্থা আৰু বৰুণক মুখ্য তাৰকা হিচাপে দেখা পোৱা যাব।
![Varun Dhawan birthday, Janhvi Kapoor and Samantha Ruth Prubhu wish Actor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18330680_2.png)
জাহ্নৱী কাপুৰে শ্বেয়াৰ কৰিলে স্মৰণীয় ছবি
বৰুণ ধাৱনৰ জন্মদিনৰ শুভেচ্ছা জনাই জাহ্নৱী কাপুৰে নিজৰ ইনষ্টা ষ্ট’ৰীত চাৰিখন ছবি শ্বেয়াৰ কৰিছে । বৰুণ আৰু জাহ্নৱীৰ আগন্তুক ছবি বাৱালৰ শ্বুটিঙৰ সময়ত অফ কেমেৰাত কৰা আনন্দৰ এই চাৰিখন ছবি । প্ৰথম ছবিখনত বৰুণে আইচক্ৰীম লৈ বহি থকা দেখা গৈছে, দ্বিতীয় ছবিত জাহ্নৱী আৰু বৰুণ দুয়োৰে হাতত আইচক্ৰীম আছে, তৃতীয় ছবিত বাৱালৰ চেট আৰু চতুৰ্থ ছবিত বৰুণ আৰু জাহ্নৱীৰ সুখী চাৱনি দেখা গৈছে ৷ এই ছবিসমূহ শ্বেয়াৰ কৰি জাহ্নৱীয়ে বৰুণ ধাৱনৰ জন্মদিনৰ শুভেচ্ছা জনাইছে এক বেলেগ ধৰণেৰে (Varun Dhawan) ।
![Varun Dhawan birthday, Janhvi Kapoor and Samantha Ruth Prubhu wish Actor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18330680_1.png)
সামন্থা ৰুথ প্ৰভুৱে এনেদৰে জনালে শুভেচ্ছা
দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ সুন্দৰী অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱেও বৰুণ ধাৱনক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে (Varun Dhawan and Janhvi Kapoor) । আগন্তুক ধাৰাবাহিক চিটাডেল ইণ্ডিয়াৰ চেটৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰি বৰুণ ধাৱনৰ জন্মদিনৰ শুভেচ্ছা জনাইছে সামন্থাই (Varun Dhawan and Samantha Ruth Prubhu) । সামান্থাই লিখিছে, চিটাডেলত আপোনাক দেখাৰ অপেক্ষা দীঘলীয়া হৈ আহিছে, আগলৈ আপোনাৰ এটা সুন্দৰ বছৰ হওক (Varun Dhawan and Janhvi Kapoor) ।
![Varun Dhawan birthday, Janhvi Kapoor and Samantha Ruth Prubhu wish Actor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18330680_1.png)
উল্লেখ্য যে, বৰুণ ধাৱন জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা ডেভিদ ধাৱনৰ পুত্ৰ আৰু পৰিচালক ৰোহিত ধাৱনৰ কনিষ্ঠ ভাতৃ । একে সময়তে ২০১২ চনত বৰুণে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ছবিৰ জৰিয়তে বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে (Varun Dhawan and Janhvi Kapoor bawaal)।