ETV Bharat / entertainment

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী দামী বলীউড তাৰকাৰ শাৰীত উৰ্ৱশী ৰৌতেলা !

author img

By

Published : Apr 4, 2022, 3:34 PM IST

বলীউড তাৰকা উৰ্ৱশী ৰৌতেলাই ভাৰতলৈ কঢ়িয়াই আনিলে সন্মান (Urvashi Rautela made India proud) ৷ এমিগালা বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে বিবেচিত হৈ গৌৰাৱান্বিত কৰিলে সমগ্ৰ ভাৰতীয় জনতাক (The first Indian to won Emigala awards) ৷

urvashi rautela
উৰ্ৱশী ৰৌতেলাই ভাৰতলৈ কঢ়িয়াই আনিলে সন্মান

চিটাৰা ডেস্ক, 4 এপ্ৰিল: উৰ্ৱশী ৰৌতেলাৰ ইটোৰ পিছত সিটো সফলতা ৷ বলীউডৰ কনিষ্ঠতম তাৰকাগৰাকীয়ে নিজৰ দৈনন্দিন সাফল্যৰ দ্বাৰা সকলোকে কৰিছে গৌৰৱান্বিত ৷ (Urvashi Rautela latest updates) ৷ ইয়াৰোপৰি তেওৰ এক আকৰ্ষণীয় সৌন্দৰ্যৰে সকলোকে প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে ৷

বলীউডত ভৰি ৰখাৰ পিছৰে পৰা উৰ্ৱশীয়ে আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৷ দেওবাৰে ডুবাইত আয়োজিত এমিগালা এৱাৰ্ডছৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে উৰ্ৱশীয়ে (Urvashi Rautela pictures) ৷ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ উৰ্ৱশীয়ে লাভ কৰিছিল এক ৰাজকীয় আমন্ত্ৰণ ৷

এমিগালা এৱাৰ্ডছ্ত বিশ্বৰ প্ৰভাৱশালী ব্যক্তিসকলক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে স্বীকৃতি দিয়া হৈছিল আৰু উৰ্ৱশী ৰৌতেলা তাৰ মাজত প্ৰথমগৰাকী ভাৰতীয় হিচাপে বিবেচিত হৈছে ৷ অনুষ্ঠানটোত তেওঁক ভাৰতৰ গৌৰৱ আৰু 2022 চনৰ আটাইতকৈ শক্তিশালী মহিলা হিচাপে উল্লেখ কৰা হৈছিল (The most powerful woman 2022) ৷

সপ্ত-তাৰকাযুক্ত হোটেল বুৰ্জ আল আৰৱত প্ৰায় 50,000 লোকৰ সন্মুখত অনুষ্ঠানো পৰিবেশন কৰে উৰ্ৱশী ৰৌতেলাই ৷ বলীউড তাৰকা গৰাকীয়ে অনুষ্ঠানটোত নিজৰ এটা গীত পৰিৱেশন কৰি দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হয় ৷ 50,000 লোকৰ সন্মুখত অনুষ্ঠান পৰিবেশনৰ বাবে 5 কোটি টকাৰ পাৰিতোষিক দিয়া হৈছিল উৰ্ৱশীক ।

প্ৰথমগৰাকী ভাৰতীয় হিচাপে বুৰ্জ আল আৰৱত অনুষ্ঠান পৰিৱেশন কৰি ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰিলে তাৰকা গৰাকীয়ে ৷ উল্লেখ্য যে, বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী দামী বলীউড তাৰকা হিচাপে পৰিগণিত হৈছে উৰ্ৱশী ৰৌতেলা ৷

লগতে পঢক:GRAZIA MILLENNIAL AWARDS ৰ ৰেড কাৰ্পেটত লাগিল জুই ! চাওক ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.