ETV Bharat / entertainment

The Kerala Story released: কোচিৰ দুটা ছবিগৃহই বাতিল কৰিছে দ্য কেৰালা ষ্ট’ৰী প্ৰদৰ্শন

বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ৰ প্ৰদৰ্শনী বাতিল কৰিছে কোচিৰ দুটা ছবিগৃহই ৷ জানি লওক কোনটো ছবিগৃহত চলিব এই ছবিখন ৷

author img

By

Published : May 5, 2023, 2:01 PM IST

Updated : May 5, 2023, 4:40 PM IST

Two theatres cancel shows of The Kerala Story in Kochi only one to screen the film
বিতৰ্কিত ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ প্ৰদৰ্শনী বাতিল কৰিছে কোচিৰ দুটা ছবিগৃহই

চিটাৰা ডেস্ক, 5 মে’: আজি ছবিগৃহত মুক্তি পাবলগীয়া বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ৰ প্ৰদৰ্শন বাতিল কৰিছে কেৰালাৰ কোচি চহৰৰ দুটা ছবিগৃহই (The Kerala Story released)। লুলু মল আৰু চেণ্টাৰ স্কোৱাৰ মলৰ চিনেপলিছে বাতিল কৰিছে ছবিখনৰ প্ৰদৰ্শন ৷ অৱশ্যে এই সিদ্ধান্তৰ আঁৰৰ কোনো কাৰণ উল্লেখ কৰা নাই ছবিগৃহ কৰ্তৃপক্ষই । এতিয়া কোচি চহৰত বাকী আছে মাত্ৰ এটা ছবিগৃহ (Kerala Story shows cancelled) ৷ বাকী থকা ‘শ্বেনয়ছ’ থিয়েটাৰত আজি পুৱা ১০.০০ বজাৰ পৰা প্ৰদৰ্শন কৰা হৈছে ছবিখন (The Kerala Story) ।

ইয়াৰ পূৰ্বে কেৰালাৰ ৫০ খন পৰ্দাত ছবিখন প্ৰদৰ্শনৰ বাবে বিতৰকসকলৰ সৈতে ছবিগৃহসমূহে চুক্তিবদ্ধ কৰিছিল যদিও মুক্তিৰ ঠিক পূৰ্বেই পিছুৱাই যায় ছবিগৃহৰ কৰ্তৃপক্ষ ৷ পিচত ছবিখনে মাত্ৰ ১৭ খন পৰ্দাত প্ৰদৰ্শন কৰিবলৈ সন্মত হয় । অৱশ্যে এতিয়ালৈকে ছবিখন কিমান ছবিগৃহত প্ৰদৰ্শিত হ’ব সেয়া স্পষ্ট হোৱা নাই । ইয়াৰ মাজতে এৰ্নাকুলাম জিলাত এই ছবিখন প্ৰদৰ্শন কৰিবলৈ গৈ আছে মাত্ৰ তিনিটা ছবিগৃহই (Chief Minister Pinarayi Vijayan)। কোচি চহৰৰ শ্বেনয়ছ, কৰিয়াদৰ কাৰ্নিভাল চিনেমা আৰু পিৰাভমৰ ধৰ্ষনা চিনেমা কমপ্লেক্সত প্ৰদৰ্শিত হ’ব ‘দ্য কেৰেলা ষ্ট’ৰী’।

ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবেই ছবিগৃহসমূহে এই ছবিখন প্ৰদৰ্শন কৰিবলৈ অস্বীকাৰ কৰিছে (Kerala Story controversy) ৷ সুদীপ্ত সেনৰ নেতৃত্বত আৰু বিপুল অমৰুতলাল শ্বাহৰ প্ৰযোজনাত নিৰ্মিত ছবিখনক লৈ বিভিন্ন নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বৃহৎ ৰাজনৈতিক বিবাদৰ সৃষ্টি কৰিছে (Theatres cancel Kerala Story) ।

মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে, শেহতীয়াকৈ এক বিবৃতিত কয় যে সাম্প্ৰদায়িক মেৰুকৰণ আৰু কেৰালাৰ বিৰুদ্ধে ঘৃণাৰ অপপ্ৰচাৰৰ লক্ষ্যৰে এই ছবিখন ইচ্ছাকৃতভাৱে নিৰ্মাণ কৰা হৈছে । মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয়, "সাম্প্ৰদায়িক মেৰুকৰণ আৰু কেৰালাৰ বিৰুদ্ধে ঘৃণাৰ অপপ্ৰচাৰৰ লক্ষ্যৰে ইচ্ছাকৃতভাৱে নিৰ্মাণ কৰা হৈছে দ্য কেৰালা ষ্ট’ৰী । ট্ৰেইলাৰৰ পৰাই ইংগিত পোৱা গৈছে যে এই ছবিখনে কেৰালাৰ ধৰ্মনিৰপেক্ষতাৰ দেশত ধৰ্মীয় উগ্ৰবাদৰ কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা সংঘ পৰিয়ালৰ অপপ্ৰচাৰ বিয়পাবলৈ চেষ্টা কৰিছে ।"

‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আদা শৰ্মা, যোগিতা বিহানী, সিদ্ধি ইদনানী আৰু ছোনিয়া বালানীয়ে । সুদীপ্ত সেনৰ ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ ট্ৰেইলাৰত ৰাজ্যখনৰ ৩২ হাজাৰ ছোৱালী নিৰুদ্দেশ হোৱা আৰু পিচত সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদান কৰা বুলি দাবী কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হয় (Adah Sharma) ।

শেহতীয়াকৈ কেৰালা বিধানসভাৰ বিৰোধী দলৰ নেতা ভি ডি সথিছানে কয় যে ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখন প্ৰদৰ্শনৰ অনুমতি দিয়া উচিত নহয় । তেওঁ কয়, "কেৰালাৰ ৩২ হাজাৰ মহিলাই ধৰ্মান্তৰিত হৈ ইছলামিক ষ্টেটৰ সদস্য হোৱা বুলি মিছাকৈ দাবী কৰা 'দ্য কেৰালা ষ্ট'ৰী' ছবিখনক প্ৰদৰ্শনৰ অনুমতি দিয়া উচিত নহয়। ছবিখনে কি ক’ব বিচাৰিছে সেই কথা ট্ৰেইলাৰত স্পষ্টকৈ দেখা গৈছে।"

লগতে পঢ়ক: The Kerala Story: দ্য কেৰালা ষ্ট’ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত পিআইএল দাখিল

Last Updated : May 5, 2023, 4:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.