ETV Bharat / entertainment

Tum Kya Mile Song Release: অৰিজিৎ-শ্ৰেয়াৰ কণ্ঠৰ এই গীতটি শুনাৰ পিছত আপোনাৰো মনত উঠলি উঠিব প্ৰেমৰ ঢৌ

author img

By

Published : Jun 28, 2023, 1:46 PM IST

আজি মুক্তি লাভ কৰিলে ৰকি অৰ ৰাণী কি প্ৰেম কাহানীৰ প্ৰথমটো গীত ‘তুম ক্যা মিলে’ গীতটি । ৰাহাৰ জন্মৰ পিছত গীতটিৰ শ্বুটিং কৰিছিল আলিয়া ভাট্টে ।

Tum kya Mile song release, Karan Johar says Alia Bhatt shot soon after daughter Raha's birth
অৰিজিৎ-শ্ৰেয়াৰ কণ্ঠৰ এই গীতটি শুনাৰ পিছত আপোনাৰো মনত উঠলি উঠিব প্ৰেমৰ ঢৌ

চিটাৰা ডেস্ক, 28 জুন: ৰণবীৰ সিং আৰু আলিয়া ভাটৰ দ্বিতীয়খন ছবি ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহিনী’ৰ মুক্তিৰ দিন চমু চাপি আহিছে । আজিৰ পৰা ঠিক এমাহৰ পৰা ছবিগৃহত প্ৰদৰ্শিত হ’ব ছবিখন । ইয়াৰ পূৰ্বে কৰণ জোহৰৰ পাৰিবাৰিক ড্ৰামা আৰু ৰোমান্টিক ছবিৰ প্ৰথমটো ৰোমান্টিক গীত ‘তুম ক্যা মিলে’ মুক্তি লাভ কৰিছে ।

সকলোৱে অতি আগ্ৰহেৰে বাট চাই থকা ৰকি অৰ ৰাণী কি প্ৰেম কাহানিৰ প্ৰথমটো গীত ‘তুম ক্যা মিলে’ গীতটি মুক্তি লাভৰ বাবে দৰ্শকে অতি আগ্ৰহেৰে বাট চাই আছিল । গীতটি মুক্তি লাভৰ পূৰ্বেই বহুলোকে #Tumkyamile❤️#ArijitSingh❤️ আদি হেছটেগেৰে উপচাই পেলায় ৷

বৰফৰ মাজত আলিয়া আৰু ৰণবীৰৰ প্ৰেমৰ কেমিষ্ট্ৰীক গীতটিত অতি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে ৷

উল্লেখ্য যে, এই গীতটোত শ্বাহৰুখ খান আৰু কাজলৰ প্ৰেম-ৰোমান্টিক কেমিষ্ট্ৰী সামঞ্জস্য দেখিবলৈ পোৱা গৈছে ৰণবীৰ সিং আৰু আলিয়া ভাটৰ মাজত । অমিতাভ ভট্টাচাৰ্যই লিখা গীত তুম ক্যা মিলেত কণ্ঠদান কৰিছে যাদুকৰী কণ্ঠৰ অধিকাৰী অৰিজিত সিঙ আৰু সুমধুৰ গায়িকা শ্ৰেয়া ঘোষালে ।

উল্লখ্যে যে, আলিয়া ভাট আৰু ৰণবীৰ সিঙৰ ছবি ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহিনী’ৰ ‘তুম ক্যা মিলে’ এই গীতটো মুক্তিৰ পূৰ্বে ছবিখনৰ পৰিচালক কৰণ জোহৰে ছবিখনৰ গীতৰ এটা দৃশ্য শ্বেয়াৰ কৰি প্ৰয়াত পৰিচালক যশ চোপ্ৰাৰ বাবে এটি মৰমৰ নোট লিখিছিল । তেওঁ এই গীতটো যশ চোপ্ৰাৰ নামত উৎসৰ্গা কৰা বুলি উল্লেখ কৰে ।

কৰণে এটি মৰমলগা টোকা লিখে

ছবিখনৰ সৈতে কৰণে লিখিছে যে– ‘‘কেইঘণ্টামানৰ ভিতৰত যি পাব সেয়া আপোনাৰ হ’ব ৷ এই ছবিখনত মই এটা প্ৰেমৰ গীত বিচাৰিছিলো, যিটো মই মোৰ গুৰু যশ চোপ্ৰাক উৎসৰ্গা কৰিব পাৰো । তাৰ পিছত মই নিজকে ক’বলৈ ধৰিলোঁ যে আপুনি মেচ কৰিব নোৱাৰিব বা আনকি কৰিবলৈও সাহস কৰিব নোৱাৰিব । কিন্তু ফেন বয় আৰু স্নো, চিফন, কাশ্মীৰৰ ভয়ংকৰ স্থান আৰু ৰোমাঞ্চৰ প্ৰেমীয়ে মোক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিলে ।

প্ৰীতম দাদা আৰু মই বহুদিনৰ পৰা এনেকুৱা এটা গীত বনাব বিচাৰিছিলো । বৈভৱী ব্যৱসায়ীয়ে এই গীতটোৰ সমগ্ৰ দায়িত্ব নিজৰ ওপৰত লৈ যশ চোপ্ৰা প্ৰেমিকৰ দৰে অতি সুন্দৰকৈ গীতটো সম্পূৰ্ণ কৰিলে ।’’

কৰণে আলিয়াৰ ওচৰত ক্ষমা বিচাৰে

কৰণে আৰু নিজৰ পোষ্টত লগতে লিখিছে যে, "আলিয়াৰ সন্তান জন্মৰ পিছত এইটো প্ৰথম শ্বুটিং আৰু মই ক্ষমা বিচাৰিছো যে তাইক মনীষ মালহোত্ৰাৰ চিফনৰ শাৰীত ঠাণ্ডাত শ্বুটিং কৰোৱা হৈছিল । ৰণবীৰ নাৰ্ভাছ হৈছিল কাৰণ এইটো তেওঁৰ প্ৰথম লিপ চিংক মাউণ্টেন লাভ চংগ আছিল ।" আশাকৰোঁ আপোনালোকেও যিমান প্ৰেম অনুভৱ কৰিব,যিমান আমিও ঠাণ্ডা অনুভৱ কৰিছো । এইটো আপোনাৰ বাবে যশ খুৰা...আপোনাৰ অনুৰাগী কৰণ ।"

ৰাহাৰ জন্মৰ পিছত আলিয়াই কৰিছিল শ্বুটিং

২০২২ চনৰ ৬ নৱেম্বৰত আলিয়া ভাটে কন্যা ৰাহাক জন্ম দিয়ে । দীৰ্ঘদিনীয়া সম্পৰ্কৰ অন্তত বিগত বৰ্ষৰ এপ্ৰিল মাহত আলিয়াই অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । গৰ্ভাৱস্থাৰ পূৰ্বে আলিয়াই ছবিখনৰ অধিকাংশ শ্বুটিং কৰিছিল যদিও ৰাহাৰ জন্মৰ পিছত এই গীতটোৰ বাবে শ্বুটিং কৰিছিল ।

ছবিখনৰ তাৰকা অভিনেতা

আপোনালোকক জনাই দিও যে, ৰণবীৰ আৰু আলিয়াৰ লগতে ধৰ্মেন্দ্ৰ, শ্ববানা আজমী আৰু জয়া বচ্চনো ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহিনী’ত বিশেষ চৰিত্ৰত অভিনয় কৰিছে । উল্লেখ্য যে, ২০২৩ চনৰ ২৮ জুলাইত মুক্তি লাভ কৰিব এই ৰোমান্টিক ছবিখন ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: Rocky Aur Rani Ki Prem Kahani Teaser: মুকলি হ’ল ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ৰ টিজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.