ETV Bharat / entertainment

The Railway Men Trailer: ইৰফান খানৰ পুত্ৰ বাবিলৰ অভিনীত ‘দ্য ৰে’লৱে মেন’ৰ গাৰ নোম শিয়ৰি উঠা ট্ৰেইলাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:27 PM IST

ভূপাল গেছ ট্ৰেজেডীৰ আধাৰত নিৰ্মিত ৱেব ধাৰাবাহিক দ্য ৰে’লৱে মেন ট্ৰেইলাৰ মুকলি । যিটো দেখিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব ৷ ইয়াত চাওক ট্ৰেইলাৰ ৷

The Railway Men Trailer release r madhavan babil khan bring stories of unsung heroes of bhopal gas tragedy
‘দ্য ৰে’লৱে মেন’ৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, 6 নৱেম্বৰ: ভূপালৰ গেছ ট্ৰেজেডী কেতিয়াও পাহৰিব নোৱাৰা এক ভয়াৱহ দুৰ্ঘটনা । বিশ্বৰ সৰ্ববৃহৎ ঔদ্যোগিক ট্ৰেজেডীত অন্তৰ্ভুক্ত এই ট্ৰেজেডীয়ে ভূপালক নিশাটোৰ ভিতৰতে শ্মশানলৈ ৰূপান্তৰিত কৰিছিল । এতিয়া আহি আছে ভূপাল গেছ ট্ৰেজেডীৰ ওপৰত ৱেব চিৰিজ 'দ্য ৰে’লৱে মেন' ।

কিছুদিন পূৰ্বে মুক্তি পাইছিল ‘দ্য ৰে’লৱে মেন’ৰ টিজাৰ । তেতিয়াৰ পৰাই এই ধাৰাবাহিকখনে দখল কৰিছিল বাতৰিৰ শিৰোনাম । একে সময়তে এতিয়া ৬ নৱেম্বৰত মুক্তি পালে ‘দ্য ৰে’লৱে মেন’ৰ ট্ৰেইলাৰ ৷ যিটো চালে আপানোৰো গাৰ নোম শিয়ৰি উঠিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

গাৰ নোম শিয়ৰি উঠা কাহিনী

১৯৮৪ চনৰ ২ ডিচেম্বৰত ভূপালৰ এটা কীটনাশক কাৰখানাৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈছিল, যাৰ ফলত প্ৰায় দুহেজাৰ লোকে প্ৰাণ হেৰুৱাইছিল । ইয়াৰ উপৰিও চহৰখনৰ লাখ লাখ কৰ্মচাৰী আৰু জনসাধাৰণে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল । এতিয়া অ’টিটি প্লেটফৰ্মে লৈ আহিছে এই ভয়াৱহ দুৰ্ঘটনাৰ ওপৰত এখন ৱেব ছিৰিজ ।

অভিজ্ঞ শিল্পীৰে নিৰ্মিত ধাৰাবাহিকখন

‘দ্য ৰে’লৱে মেন’ এখন থ্ৰিলাৰ ধাৰাবাহিক, য’ত ভোপালৰ জনসাধাৰণক সহায় কৰিবলৈ নিজৰ প্ৰাণৰো চিন্তা নকৰা সেই নায়কসকলৰ কাহিনী দেখুওৱা হ’ব । ধাৰাবাহিকখনত সেই নায়কসকলৰ কথা কোৱা হৈছে যাৰ কাহিনী পূৰ্বে কোনেও শুনা নাছিল । ‘দ্য ৰে’লৱে মেন’ত আছে কে কে মেনন, দিব্যেন্দু শৰ্মা, বাবিল খান আৰু আৰ মাধৱনৰ দৰে অভিজ্ঞ অভিনেতা ।

কেতিয়া আৰু ক’ত মুক্তি পাব ?

এই চাৰিজন অভিনেতাৰ আকৰ্ষণীয় অভিনয় ‘দ্য ৰে’লৱে মেন’ৰ ট্ৰেইলাৰত দেখা গৈছে । ট্ৰেইলাৰত ধাৰাবাহিকখনৰ গুৰুতৰ কাহিনীয়ে ভূপাল গেছ ট্ৰেজেডীৰ সেই ভয়ংকৰ নিশাটোৰ আভাস স্পষ্টকৈ দেখুৱাইছে । ২০২৩ চনৰ ১৮ নৱেম্বৰত অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব এই ধাৰাবাহিকখন ।

লগতে পঢ়ক: The Railway Men: ‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজত দেখা যাব ইৰফান খানৰ পুত্ৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.