ETV Bharat / entertainment

Village Rockstars cast: ভিলেজ ৰকষ্টাৰ্ছত অভিনয় কৰা মুনুৰ মৃত্যু

author img

By

Published : Apr 6, 2022, 1:23 PM IST

Updated : Apr 6, 2022, 3:28 PM IST

অস্কাৰলৈ মনোনীত হোৱা অসমীয়া ছবি ভিলেজ ৰকষ্টাৰ্ছত অভিনয় কৰা মুনুৰ মৃত্যু ঘটিছে (Village Rockstars cast) ৷ নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে শোক প্ৰকাশ কৰিলে ছবিখনৰ নিৰ্মাতা ৰীমা দাসে ৷

Village Rockstars cast
ভিলেজ ৰকষ্টাৰ্ছ

চিটাৰা ডেস্ক, 6 এপ্ৰিল : মঙলবাৰে মুনুৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিল ভিলেইজ ৰকষ্টাৰ্ছ পৰিয়ালবৰ্গ ৷ ভিলেইজ ৰকষ্টাৰ্ছৰ মুখ্য চৰিত্ৰ ধুনুৰ অতিকৈ মৰমৰ আছিল মুনু ৷ ধুনু মুনুৰ বন্ধুত্ব চাই দৰ্শক আপ্লুত হৈছিল ৷ মুনু হৈছে ছবিখনত অভিনয় কৰা ছাগলীজনী ৷ চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক ৰীমা দাসে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিলে এই খবৰটো (Village Rockstars cast) ৷ তাৰ পাচতেই সকলোৱে এই ঘটনাত শোক প্ৰকাশ কৰে ৷ ছাগলী হ’লেও ভিলেজ ৰকষ্টাৰ্চত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মুনুৱে ৷

Village Rockstars cast
ধুনু আৰু মুনু

পিতৃহীনা এগৰাকী 10 বছৰীয়া ছোৱালী ধুনুয়ে গাঁৱত নিজৰ লগৰ ল’ৰাৰে সৈতে বেছিকৈ ঘূৰে, তামোল গছে গছে বগাই তামোল পাৰে, স্কুললৈ যায়, বৰশী বায়, নিজৰ পোহনীয়া জন্তুৰ বাবে ঘাঁহ কাটে, নাও বায় আৰু এখন গীটাৰ কিনাৰ সপোন দেখে ৷ মাকক গীটাৰ বিচৰাত দুখীয়া ঘৰৰ বুলি কৈ মাকে তাইৰ মৰমৰ মুনুক বেছি দি কিনি অনাৰ কথা কয় ৷ হাৰ নামানে ধুনুৱে ৷ এদিন নিজৰ সাঁচতীয়া ধন মাকৰ হাত তুলি দিয়ে ধুনুৱে ৷ মাকে কিনি আনি দিয়ে ধুনুৰ সপোনৰ গীটাৰখন ৷ এইলৈয়েই আগবাঢ়ে ছবিখনৰ কাহিনী ৷

Village Rockstars cast
ভিলেজ ৰকষ্টাৰ্ছ

ভিলেজ ৰকষ্টাৰ্ছ ছবিখনে অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাবলৈ সক্ষম হৈছে ৷ কেইবাটাও সুনাম কঢ়িয়াই আনিছে ছবিখনে ৷ অস্কাৰৰ বাবেও মনোনয়ন পাইছিল ভিলেজ ৰকষ্টাৰ্ছে (oscar nominated movie Village Rockstars) ৷ বৰ্তমানলৈকে প্ৰায় 25 টাৰো অধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে (Village rockstars awards) ৷

65 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ডছ্ত বেষ্ট ফিচাৰ ফিল্ম শাখাত স্বৰ্ণ কমল বঁটা লাভ কৰে ছবিখনে ৷ 2017 টৰণ্ট’ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল (TIFF) ত প্ৰদৰ্শনী কৰা হৈছিল ছবিখন ৷ বেষ্ট চাইল্ড আৰ্টিষ্ট, বেষ্ট লোকেচন চাউণ্ড আৰু বেষ্ট ইডিটিং শাখাত ভিলেইজ ৰকষ্টাৰ্ছ ছবিখনে বঁটা লাভ কৰিছিল ৷

8 ছেপ্তেম্বৰত মুক্তি লাভ কৰিছিল ছবিখনে (Village rockstars release date) ৷ এতিয়া বিখ্যাত অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সতো উপলদ্ধ (Village rockstars in netflix) ৷ ই অসমবাসীৰ বাবে নিশ্চয়কৈ গৌৰৱৰ বিষয় ৷

লগতে পঢ়ক: Salman Khan court cases pending: সহায় বিচাৰি মুম্বাই উচ্চ ন্যায়ালয়ৰ দুৱাৰমুখত ছলমান

Last Updated : Apr 6, 2022, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.