ETV Bharat / entertainment

The Elephant Whisperers oscar: চুটি ছবিৰ শিতানত দ্য এলিফেণ্ট হুইচপেৰাৰ্ছলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা - অস্কাৰত চুটি ছবিৰ শিতান

অস্কাৰ 2023 ত গুনীত মংগা প্ৰযোজিত কাৰ্তিকি গনচালভেছৰ চুটি ছবি 'দ্য এলিফেন্ট হুইচপেৰাৰ্ছ' এ চুটি ছবিৰ শিতানত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ ৯৫ তম একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয় (short film at Oscars 2023) ।

The Elephant Whisperers
শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ বঁটা
author img

By

Published : Mar 13, 2023, 8:58 AM IST

Updated : Mar 13, 2023, 10:19 AM IST

চিটাৰা ডেস্ক, 13 মাৰ্চ : ভাৰতৰ বাবে এক বৃহৎ জয়েৰে, গুনীত মংগা প্ৰযোজিত কাৰ্তিকি গনচালভেছৰ চুটি ছবি, দ্য এলিফেণ্ট হুইচপেৰাৰ্ছে চুটি চলচ্চিত্ৰৰ শিতানত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ 95 তম একাডেমী বঁটাটো লাভ কৰিলে (best documentary short film at Oscars 2023) । নেটফ্লিক্সৰ দ্বাৰা প্ৰযোজিত দ্য এলিফেণ্ট হুইচপেৰাৰ্ছ নামৰ এই চুটি ছবিখনত বোমন আৰু বেলি নামৰ এটি দম্পতীৰ কাহিনী তুলি ধৰা হৈছে যি ৰঘু নামৰ এটা অনাথ হাতীৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে ।

তথ্যচিত্ৰখন নিৰ্মাণ কৰিবলৈ পৰিচালকক ৫ বছৰতকৈও অধিক সময় লাগিছিল ৷ যেতিয়া ছবিখনৰ সম্পাদনাৰ বাবে পৰিচালক সম্পাদনা কক্ষত সোমাইছিল তেতিয়া শ্বুটিঙৰ অসম্পাদিত ফুটেজবোৰ দেখি তেওঁকে ধৰি সকলো আচৰিত হৈ পৰিছিল, য’ত অসম্পাদিত ফুটেজৰ সামগ্ৰিক ৰানটাইম আছিল ৪৫০ ঘণ্টা । তথ্যচিত্ৰখনত হাতী মানুহৰ মাজত হোৱা আত্মীয়তাক অতি সুন্দৰভাৱে তুলি ধৰা পৰিলক্ষিত হৈছে । তাৰোপৰি তথ্যচিত্ৰখনৰ প্ৰতিটো দৃশ্যই এখন বনাঞ্চলৰ অকল্পনীয় সৌন্দৰ্য্যখিনিক তুলি ধৰি দৰ্শকক মোহিত কৰিবলৈ সক্ষম হৈছে (Best short film at Oscars 2023) ।

ছবিখন নিৰ্মাণৰ আঁৰৰ কথা উল্লেখ কৰি কাৰ্তিকি গনচালভেছে কয়, এদিন উটিৰ পৰা বেংগালুৰুলৈ নিজৰ গাড়ীখন চলাই গৈ থকাৰ পথত মই প্ৰথমবাৰৰ বাবে এটি সৰু হাতী পোৱালি দেখিবলৈ পাইছিলো । হাতী পোৱালিটোয়ে এগৰাকী মহিলাৰ হাতত ধৰি সেই স্থানেৰে গৈ আছে । মই দুয়োৰে মাজত এক বিশেষ সম্পৰ্ক অনুভৱ কৰিলো ৷ লগে লগে মই গাড়ীখন তেওঁলোকৰ কাষত ৰাখি ওলাই আহিলোঁ আৰু তেওঁলোকৰ লগত কাষতে থকা নদীখনলৈ গ’লোঁ ।

মানুহ আৰু জীৱ-জন্তুৰ মাজত হ’ব পৰা সম্পৰ্কৰ গতিশীলতাৰ বিষয়টোয়ে কাৰ্তিকি গনচালভেছক অতি সুন্দৰভাৱে চুই গৈছিল (best documentary short film at Oscars 2023) । তাৰ ফলস্বৰূপে এই বিষয়টোক ছবিখনৰ জৰিয়তে কাৰ্তিকি গনছালভেছে অতি সুন্দৰকৈ উপস্থাপন কৰিবলৈ সক্ষম হৈছে ৷ তাৰোপৰি তথ্যচিত্ৰখনত এনে এখন পৃথিৱীও উন্মোচিত হৈছে যি বন ধ্বংস কৰি কৰা উদ্যোগীকৰণ আৰু জীৱ-জন্তুৰ বাসস্থান অৰণ্যৰ ভূখণ্ডসমূহ সংকুচিত কৰি বেদখল কৰা । প্ৰযোজকগৰাকীয়ে ক’লে, ‘The Elephant Whisperers’ এনে এক জীয়া কাহিনী, য’ত একাংশ লোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি হাতীৰ বাবে কাম কৰি আহিছে আৰু তেওঁলোক বনাঞ্চলৰ গুৰুত্বৰ প্ৰতি বহু পৰিমানে সচেতন ৷

লগতে পঢ়ক: Poster war in Telangana: হায়দৰাবাদত অপমানিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Last Updated : Mar 13, 2023, 10:19 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.