চিটাৰা ডেস্ক, 3 মে’: ইহলীলা সম্বৰণ কৰিলে প্ৰবীণ তামিল অভিনেতা-পৰিচালক মনোবালাই ৷ মনোবালাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দক্ষিণ চলচ্চিত্ৰ উদ্যোগ ৷ ছুপাৰষ্টাৰ ৰজনীকান্তকে ধৰি বিভিন্ন চলচ্চিত্ৰ ব্যক্তিয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে । জানিব পৰা মতে, বহুদিনৰ পৰা ৬৯ বছৰীয়া প্ৰবীণ অভিনেতাগৰাকীক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি হৈ আছিল । জানুৱাৰী মাহত অভিনেতাগৰাকীৰ এঞ্জিও চিকিৎসা কৰা হৈছিল আৰু যকৃতৰ সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল (Manobala passes away) ।
মনোবালাই (৬৯) পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ ৰজনীকান্ত, বিজয়কান্ত, সত্যৰাজকে ধৰি শীৰ্ষ তাৰকাৰ সৈতে ছবি নিৰ্মাণ কৰিছিল মনোবালাই (Tamil actor director Manobala passes away)। শেহতীয়াকৈ তেওঁ অভিনয়ৰ ক্ষেত্ৰখনত আগবাঢ়িছিল আৰু নিজকে কমিক চৰিত্ৰত অভিনয় কৰি এগৰাকী কৌতুক অভিনেতা হিচাপেও পৰিচয় লাভ কৰে ৷ বিজয় আৰু ধনুষকে ধৰি শীৰ্ষ অভিনেতাৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে । তেওঁ দুখনমান ছবিও নিৰ্মাণ কৰিছে (Manobala passes away)।
এটা টুইটযোগে ৰজনীকান্তে তেওঁৰ “প্ৰিয় বন্ধু”ৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে । ৰজনীকান্তে লিখিছে "Shocking & it's unbelievable such a sweet person & a good friend #Manobala sir ৰ মৃত্যু। পৰিয়াললৈ আন্তৰিক সমবেদনা। তেওঁৰ আত্মাই শান্তি লাভ কৰক।"
অভিনেতাগৰাকীয়ে ৰজনীকান্ত অভিনীত আগয়া গংগাই, পিল্লাই নীলা, উৰকাভালন আৰু মল্লু ভেট্টি মাইনৰ আদি ছবি পৰিচালনাও কৰিছিল । মনোবালাক শেষবাৰৰ বাবে দেখা গৈছিল "কন্দ্ৰাল পাৱম" আৰু "ঘোষ্টী" প্ৰজেক্টত (Actor Manobala)।
২০০০ চনৰ আৰম্ভণিতে অভিনেতাগৰাকীয়ে তেওঁৰ ব্যক্তিত্ব, সংলাপ প্ৰদানৰ প্ৰতি অনন্য দৃষ্টিভংগীৰ বাবে আৰু তেওঁৰ কমিক টাইমিংৰ বাবে সুপৰিচিত হৈছিল । তেওঁৰ হিট ছবিসমূহ হৈছে পিঠামগন, চন্দ্ৰমুখী, তমিজ পদম, অৰণমনাই ফ্ৰেঞ্চাইজি আৰু আম্বালা । ৭০০ ৰো অধিক ছবিত অভিনয় কৰি বিবেক, ভাদিভেলু, সন্থানম আদি বিভিন্ন কমিক অভিনেতাৰ সৈতে বিভিন্ন প্ৰজেক্টৰ বাবে সহযোগিতা আগবঢ়াইছে অভিনেতাগৰাকীয়ে । (With Agency Inputs)
লগতে পঢ়ক: Nargis Dutt : মাতৃ নাৰ্গিছ দত্তৰ মৃত্যু বাৰ্ষিকীত আৱেগিক হৈ পৰিল সঞ্জয় দত্ত