ETV Bharat / entertainment

ললিত মোদীৰ সৈতে কি সম্পৰ্ক আছিল সুস্মিতা সেনৰ ? মুকলিকৈ ক’লে অভিনেত্ৰীগৰাকীয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 12:23 PM IST

Sushmita Sen on Lalit Modi: অভিনয়ৰ লগতে প্ৰায়ে নিজৰ ব্যক্তিগত কাৰণত বাতৰিৰ শিৰোনামত থাকে অভিনেত্ৰী সুস্মিতা সেন ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ আৰু ললিত মোদীৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰি পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ আচলতে কি কৈছে অভিনেত্ৰীগৰাকীয়ে জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Sushmita Sen sets the record straight on whether she was going to marry Lalit Modi
ললিত মোদীক লৈ কি ক’লে অভিনেত্ৰী সুস্মিতা সেনে

চিটাৰা ডেস্ক, 19 নৱেম্বৰ : অভিনেত্ৰী সুস্মিতা সেন তেওঁৰ শক্তিশালী অভিনয়ৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে ৷ শেহতীয়াকৈ তালি ধাৰাবাহিকখনত অভিনেত্ৰীগৰাকীয়ে এগৰাকী তৃতীয় লিংগৰ চৰিত্ৰত জোৰদাৰ অভিনয় কৰিছিল, যাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল ৷

অৱশ্যে সুস্মিতা কেৱল তেওঁৰ শক্তিশালী অভিনয়ৰ বাবেই নহয়, তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেও প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে । বিগত বছৰ ললিত মোদীৰ সৈতে অভিনেত্ৰীগৰাকীৰ ছুটীৰ সময় উপভোগ কৰা ফটো ভাইৰেল হৈ পৰিছিল ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক লৈ আৰম্ভ হৈছিল তীব্ৰ চৰ্চা ৷ অৱশ্যে এই সম্পৰ্কে সেই সময়ত মৌনতা অৱলম্বন কৰিছিল সুস্মিতা সেনে ৷ কিন্তু এতিয়া সুস্মিতা সেনে ললিত মোদীৰ সৈতে থকা তেওঁৰ সম্পৰ্ক আৰু প্ৰেমৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে ৷

শেহতীয়াকৈ সংবাদ মাধ্যমত সুস্মিতা সেনে দিছিল এক সাক্ষাৎকাৰ, য’ত সুস্মিতা সেনে ললিত মোদীৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে সাক্ষাৎকাৰটোত কয় - ‘‘মই মাত্ৰ ইনষ্টাগ্ৰামত এটা পোষ্ট দিছিলো ৷ কাৰণ কেতিয়াবা মই অনুভৱ কৰো যে যেতিয়া মানুহে মৌন হৈ থাকে তেতিয়া তেওঁলোকৰ মৌনতাক দুৰ্বলতা বা ভয় হিচাপে লোৱা হয় । মই এটা পোষ্ট দিয়াৰ প্ৰয়োজন আছিল, যাতে তেওঁলোকে জানিব পাৰে যে মই হাঁহি আছো’’ ৷

সুস্মিতা সেনে তেওঁৰ সাক্ষাৎকাৰত লগতে কয় – এয়া আছিল এক বেলেগ অভিজ্ঞতা । এটা বেলেগ পৰ্যায় আৰু কথাবোৰ হৈ গৈছিল । আপোনালোকে কোৱাৰ দৰে যদি মই তেওঁৰ লগত বিয়া হ’বলৈয়ে গৈছিলো তেন্তে মই ইমানদিনে তেওঁৰ লগতে বিবাহপাশত হৈ গ’লোঁহেঁতেন ।

ইফালে শেহতীয়াকৈ কেইবাৰো সুস্মিতা সেনক প্ৰাক্তন প্ৰেমিক ৰোহমান শ্বাউলৰ সৈতে দেখা পোৱা গৈছে ৷ অৱশ্যে অভিনেত্ৰীগৰাকী বা ৰোহমানে তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই । সুস্মিতা সেনৰ ৱৰ্ক ফ্ৰন্টৰ কথা ক’বলৈ গ’লে শেহতীয়াকৈ মুক্তি লাভ কৰিছে অভিনেত্ৰীগৰাকীৰ একচন-ড্ৰামা-থ্ৰিলাৰ ছিৰিজ আৰ্যৰ তৃতীয় খণ্ড । আৰ্য 3 ৰ পূৰ্বে সুস্মিতা সেনক তালি ধাৰাবাহিকখনত শক্তিশালী চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল ।

লগতে পঢ়ক: আকাংক্ষা ডুবেৰ আত্মহত্যাৰ গোচৰ, জামিনত মুকলি অভিযুক্ত সমৰ সিং, ফুলৰ মালাৰে আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.