ETV Bharat / entertainment

বিবেক-ঐশ্বৰ্যৰ সম্পৰ্কত কিয় অসন্তুষ্ট আছিল সুৰেশ ওবেৰয় ? বহু বছৰ পিচত শ্বেয়াৰ কৰিলে আঁৰৰ কাহিনী

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 2:02 PM IST

Suresh Oberoi On Vivek-Aishwarya Relationship: ২০০০ চনৰ জনপ্ৰিয় যুটি ঐশ্বৰ্য ৰায় আৰু বিবেক ওবেৰয়ৰ প্ৰেম কাহিনীৰ বিষয়ে কোনে নাজানে । এতিয়া বহু বছৰ পাচত বিবেকৰ পিতৃয়ে প্ৰকাশ কৰিছে দুয়োৰে সম্পৰ্কৰ বিষয়ে ।

Suresh Oberoi was unhappy with Vivek and Aishwarya's relationship, shared the inside story after years
বিবেক-ঐশ্বৰ্যৰ সম্পৰ্কত অসন্তুষ্ট আছিল বিবেকৰ পিতৃ

চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: ঐশ্বৰ্য ৰায় আৰু বিবেক ওবেৰয় ২০০০ চনৰ অন্যতম জনপ্ৰিয় প্ৰেমিক-প্ৰেমিকা আছিল । কিন্তু, তেওঁলোকৰ প্ৰেম কাহিনীয়ে নাপালে পূৰ্ণতা, দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল । বিচ্ছেদৰ বহু বছৰ পাচত এতিয়া বিবেকৰ পিতৃ সুৰেশ ওবেৰয়ে পুত্ৰৰ অতীতৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে । শেহতীয়াকৈ ব্লকবাষ্টাৰ ছবি এনিমেলত দেখা পোৱা প্ৰবীণ অভিনেতা সুৰেশ ওবেৰয়ে এতিয়া প্ৰকাশ কৰিছে যে তেওঁ পুত্ৰ বিবেক ওবেৰয়ৰ সম্পৰ্কৰ বিষয়ে একো জনা নাছিল ৷ কিন্তু পিচত পৰিচালক ৰাম গোপাল বৰ্মাই তেওঁক বিবেক আৰু ঐশ্বৰ্য ৰায়ৰ সম্পৰ্কৰ কথা কৈছিল ।

সুৰেশ ওবেৰয়ে বিবেকক ঐশ্বৰ্যৰ বিষয়ে সকীয়নি প্ৰদান কৰিছিল

শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সুৰেশে কয়, ‘‘বেছিভাগ কথা মই নাজানিছিলো । বিবেকে মোক কেতিয়াও কোৱা নাছিল । ৰামু (ৰাম গোপাল বৰ্মাই) মোক কৈছিলে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে । অৱশ্যে ৰামুৰ আগতে আন লোকেও তেওঁলোকৰ সম্পৰ্কৰ কথা মোক কৈছিল । তেতিয়া মই তাক বুজাইলোঁ । মই তাক এইবোৰ বাদ দিবলৈ কৈছিলো ।”

সুৰেশ ওবেৰয়ক অমিতাভ বচ্চনৰ সৈতে সম্পৰ্কৰ বিষয়ে সোধাত তেওঁ কয়, "মই কেতিয়াও তেওঁৰ বন্ধু নাছিলোঁ । মই আছিলোঁ তেওঁৰ সহ অভিনেতা । আমাৰ সম্পৰ্ক আছিল উদ্যোগ অনুসৰি । ডেনি মুকুলৰ লগত মোৰ বন্ধুত্ব আছিল । হয়, বচ্চন ডাঙৰীয়াই জন্মদিনত মোক নিমন্ত্ৰণ কৰিছিল যদিও ঠিকেই আছিল । মই বেছিভাগ কথাই মানুহক জনোৱা ভাল নাপাওঁ । কিন্তু আমি যেতিয়াই লগ পাওঁ তেতিয়াই আমি ইজনে সিজনৰ লগত বহুত ভালকৈ কথা পাতো ।’’

বিবেকৰ পিতৃয়ে ছলমানৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিছে

ইয়াৰ পিচত অভিনেতাজনে ছলমান খান আৰু চেলিম খানৰ সৈতে থকা সম্পৰ্কৰ কথা কয় । তেওঁ ক’লে, “বিবেকৰ ক্ষেত্ৰত মই সেই সময়ত আৰু এতিয়াও সকাহত আছো ৷ তথাপিও আমি সকলোৱে ইজনে সিজনৰ লগত বহুত ভালদৰে লগ পাওঁ । ছলমান খানে যেতিয়াই মোক লগ পায় তেতিয়াই চিগাৰেটটো লুকুৱাই ৰাখে আৰু তাৰ পিচত সন্মানেৰে মোৰ লগত কথা পাতে । মই সদায় বিবেকক চেলিম জীৰ ভৰি চুবলৈ কওঁ । চেলিম ভাইকো মই সন্মান কৰো । যদিও বহু কিবা কিবি হৈছিল তথাপিও মোৰ সম্পৰ্ক তেওঁলোকৰ লগত ভালে আছিল ।

ঐশ্বৰ্য ৰায় আৰু বিবেক ওবেৰয়ৰ বিষয়ে

২০০৩ চনত বিচ্ছেদৰ হোৱাৰ পূৰ্বে বিবেক ওবেৰয়ে ঐশ্বৰ্য ৰায়ৰ সৈতে ডেটিং কৰিছিল । ইয়াৰ পূৰ্বে অভিনেতাজনে কৈছিল যে ঐশ্বৰ্যৰ প্ৰাক্তন প্ৰেমিক ছলমানে তেওঁক ডেটিং কৰাৰ বাবে ভাবুকি দিছিল ।

লগতে পঢ়ক: ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰ, ইডিৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ জেকলিন ফাৰ্নাণ্ডেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.