ETV Bharat / entertainment

ডিপফেক ভিডিঅ’ক লৈ ছানী লিয়নীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া - Sunny Leone deepfake

Sanny Leone On Deepfake: Deepfake ভিডিঅ’ৰ বলি হৈছে বহু অভিনেত্ৰী । প্ৰতিদিনে কোনোবা নহয়, কোনাবা অভিনেত্ৰী ইয়াৰ বলি হৈছে । এতিয়া অভিনেত্ৰী ছানী লিয়নীয়ে এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Sunny Leone on celebrities falling prey to deepfake
ডিপফেক ভিডিঅ’ক লৈ ছানী লিয়নীৰ মন্তব্য
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 6:48 PM IST

চিটাৰা ডেস্ক, ১২ জানুৱাৰী: বৰ্তমান প্ৰযুক্তিবিদ্যা যিমানেই আগবাঢ়ি গৈছে, সিমানেই মানুহৰ কাম সহজ হৈ গৈছে ৷ যিটো কাম কৰিবলৈ পূৰ্বে বহু সময় লাগিছিল এতিয়া সেই কাম কম্পিউটাৰ বা মোবাইলৰ জৰিয়তে অতি সহজেই কৰিব পাৰি ৷ কিন্তু প্ৰযুক্তিবিদ্যাই মানুহৰ কাম যিমানেই সহজ কৰিছে, সিমানেই এই প্ৰযুক্তিবিদ্যাৰ দূৰ্ব্যৱহাৰে মানুহৰ জীৱন বিপদাপন্নও কৰি তুলিছে ৷ সকলো বস্তুৰে যেনকৈ ভাল বেয়া গুণ দুয়োটাই আছে, ঠিক তেনেকৈয়ে প্ৰযুক্তিবিদ্যাৰো ভাল বেয়া দুয়োটা গুণেই আছে ৷ শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ সহায়ত মানুহৰ কাম বহু গুণে সহজ হৈছে কিন্তু AI য়ে মানুহৰ জীৱন বিপদাপন্নও কৰিছে ৷

শেহতীয়াকৈ AI ৰ সহায়ত চেলিব্ৰিটিৰ ডিপফেক ভিডিঅ’ তৈয়াৰ কৰি ছ’চিয়েল মিডিয়া ভাইৰেল কৰিছে একাংশ দুৰ্বৃত্তই ৷ ডিপফেক ভিডিঅ’ মানে কি ? দৰাচলতে ডিপফেক ভিডিঅ’ হৈছে যেতিয়া কোনো এগৰাকী ব্যক্তিৰ মুখত আন এগৰাকীৰ মুখ লগাই দিয়া হয় ৷

এতিয়া প্ৰায় প্ৰতিদিনে কোনোবা নহয়, কোনাবা এগৰাকী লোক ডিপফেকৰ বলি হৈ আহিছে । শেহতীয়াকৈ ইয়াৰ বলি হৈছিল দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মন্দন্না, কাজল, কেটৰিণা কাইফ । এই খবৰটোৱে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছিল । এতিয়া ছানী লিয়নীয়ে এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিছে ৷

ছানীয়ে ডিপফেকৰ বিষয়ে কি ক’লে ?

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছানীয়ে টিভি অভিনেত্ৰী অনুষ্কা সেনৰ ভুৱা ফটোক লৈ নিজৰ মতামত প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে কয়, "সঁচা কথা ক’বলৈ গ’লে মইও ইয়াৰ বলি হৈছো, কিন্তু ইয়াৰ প্ৰভাৱ মোৰ ওপৰত পৰা নাই আৰু মই ইয়াক বেছি গুৰুত্বসহকাৰে লোৱা নাই । এগৰাকী ছোৱালী হিচাপে ইয়াত তেওঁৰ কোনো দোষ নাই আৰু কোনো ছোৱালীয়েই এনেধৰণৰ ঘটনাৰ মাজেৰে পাৰ হ’ব নালাগে । যদি কোনোবাই ইয়াক গুৰুত্বসহকাৰে লয় তেন্তে তেওঁ চাইবাৰ চেলত ৰিপৰ্ট দাখিল কৰিব লাগে । ডিপফেক কোনো নতুন সমস্যা । মানুহে বহুদিনৰ পৰা প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি আহিছে ।"

চেলিব্ৰিটিসকল সাৱধান হ’ব লাগিব

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, " চেলিব্ৰিটিসকলে এই বিষয়ত সাৱধানতা অৱলম্বন কৰা নাই । এই বিষয়সমূহৰ ওপৰত তৎক্ষণাত মাত মাতিব লাগে, যিদৰে আমি যোৱা বছৰ কিছুমান ক্ষেত্ৰত দেখিছিলো । এই সকলোবোৰ নিৰ্ভৰ কৰে এনে ফটো আৰু ভিডিঅ' বনোৱা সেই ভুল চিন্তাধাৰাৰ লোকসকলৰ চিন্তাধাৰাৰ ওপৰত । সকলোৱে এআইৰ সৈতে বিভিন্ন ধৰণে পৰীক্ষা-নিৰীক্ষা কৰাৰ কথা ভাবিছে ।" এইদৰেই ছানী লিয়নীয়ে এই গুৰুতৰ সমস্যাটোৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: প্ৰভাস-দীপিকা অভিনীত কল্কী ২৮৯৮ ADৰ মুক্তিৰ তাৰিখ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.