চিটাৰা ডেস্ক, 18 এপ্ৰিল: চলচ্চিত্ৰ নিৰ্মাতা জয়া আখটাৰে তেওঁৰ নতুন ছবি দ্য আৰ্চিছৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিছে ৷ এই ছবিখনৰ জৰিয়তে শ্বাহৰুখ খান আৰু গৌৰী খানৰ জীয়ৰী সুহানা খান, মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দা আৰু বনি কাপুৰ আৰু স্বৰ্গীয় শ্ৰীদেৱীৰ জীয়ৰী খুশি কাপুৰে বলীউডত আত্মপ্ৰকাশ কৰিব (Suhana Khan Khushi Kapoor Agastya Nanda debut film) । সোমবাৰে, জয়াৰ সৈতে ছবিখনৰ সহ-প্ৰযোজনা কৰি থকা ৰীমা কাগটিয়ে ইনষ্টাগ্ৰামত এই বিষয়ে পোষ্ট কৰে ।
![debut film](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ssssssoajaja_1804newsroom_1650257058_564.jpg)
ছবিখনৰ নিৰ্মাতাসকলে অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিকভাৱে কলাকুশলী সকলৰ নাম ঘোষণা কৰা নাই । কেইসপ্তাহমান আগতে, সুহানা, খুশি আৰু অগস্ত্যক লুক টেষ্ট দিবলৈ যাওতে ছবিখনৰ ছেটত দেখা গৈছিল (The Archies cast) । জয়া আৰু ৰীমা কাগতিৰ কোম্পানী টাইগাৰ বেবী ফিল্মছে গ্ৰাফিক ইণ্ডিয়াৰ সৈতে চুক্তিবদ্ধ হৈ আৰ্চিছ প্ৰযোজনা কৰিছে ।
![debut film](https://etvbharatimages.akamaized.net/etvbharat/prod-images/aguubeta_1804newsroom_1650257058_991.jpg)
জয়া আখটাৰৰ নতুন ছবিখন 1960-ৰ দশকত নিৰ্মিত এখন লাইভ-একচন সংগীতৰ আধাৰত নিৰ্মাণ হ’ব লগীয়া ছবি ৷ ছবিখনৰ জৰিয়তে ৰিভাৰডেলক ভাৰতৰ নতুন প্ৰজন্মৰ সৈতে পৰিচয় কৰাব বিচাৰিছে ছবিখনৰ নিৰ্মাতাই ।
ছবিখনৰ বিষয় সম্পৰ্কত জয়াই কৈছিল, "আৰ্চিসকলক জীৱন্ত কৰাৰ সুযোগ পাই মই অতি উৎসাহিত হৈ পৰিছো । মোৰ শৈশৱ আৰু কৈশোৰৰ ই এটা ডাঙৰ অংশ । এই চৰিত্ৰবোৰ বিশ্বব্যাপী আইকনিক আৰু সমাদৃত, যাৰ বাবে মই অলপ উদ্বিগ্নও হৈ আছো । মই নিশ্চিত কৰিব লাগিব যে কমিকছৰ সৈতে ডাঙৰ দীঘল হোৱা এটা প্ৰজন্মৰ এই চলচ্চিত্ৰখনে যাতে পুৰণি স্মৃতি সতেজ কৰি তুলিব পাৰে" ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ছবিখনৰ শ্বুটিং ইতিমধ্যেই আৰম্ভ হৈছে ৷ প্ৰথম দিনৰ শ্বুটিঙৰ পৰাই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তিনিওৰে নতুন অৱতাৰ ৷ এতিয়া মাথো ছবিখনৰ মুক্তিৰ অপেক্ষা অনুৰাগীৰ মাজত ৷
লগতে পঢ়ক: Ranbir Alia wedding: ৰণবীৰৰ বিয়াত কইনাৰ পিছতেই সৰ্বাধিক চৰ্চা লাভ কৰা কোন এই সুন্দৰী