চিটাৰা ডেস্ক, 21 নৱেম্বৰ : ছৌদি আৰৱত অনুষ্ঠিত হ’বলগীয়া ৰেড ছি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সংস্কৰণত সন্মানীয় বঁটা লাভ কৰিব বলীউড কিং খান শ্বাহৰুখ খানে । এক বিবৃতিত মহোৎসৱৰ আয়োজকসকলে কয় যে অভিনেতা গৰাকীক চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা “ব্যতিক্ৰমী অৱদান”ৰ বাবে স্বীকৃতি দিয়া হৈছে ।
1 ডিচেম্বৰত লোহিত সাগৰৰ পূব পাৰৰ জেদ্দাত অনুষ্ঠিত হ’বলগীয়া মহোৎসৱৰ মুকলি অনুষ্ঠানত তেওঁক এই সন্মানেৰে সম্বৰ্ধনা জনোৱা হ’ব (Red Sea International Film Festival) । খানে কয় যে, তেওঁ অঞ্চলটোৰ প্ৰতিভাক উদযাপন কৰাৰ লগতে ৰোমাঞ্চকৰ চলচ্চিত্ৰ সমাজৰ অংশ হ’বলৈ আগ্ৰহী হৈ আছে ।
57 বছৰীয়া অভিনেতা গৰাকীয়ে কয় যে, "ৰেড ছি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা এই বঁটা লাভ কৰি মই সঁচাকৈয়ে সন্মানিত হৈছো । মোৰ ছবিসমূহৰ সদায় বিশাল সমৰ্থক হিচাপে থকা ছৌদি আৰু অঞ্চলটোৰ মোৰ অনুৰাগীসকলৰ সৈতে ইয়াত উপস্থিত হোৱাটো আচৰিত কথা" ৷ শ্বাহৰুখে ছৌদি আৰৱত নিজৰ আগন্তুক ছবি ডাংকিৰ শ্বুটিং কৰি আছে বুলি জানিব পৰা গৈছে ।
ৰেড ছি আই এফ এফৰ চি ই অ’ মহম্মদ আল তুৰ্কীয়ে খানক এজন উল্লেখযোগ্য প্ৰতিভা আৰু বিশ্বব্যাপী চুপাৰষ্টাৰ হিচাপে প্ৰশংসা কৰে । "প্ৰথম অভিনয়ৰ পৰাই তেওঁ দৰ্শকক মোহিত কৰি আহিছে আৰু আজি কৰ্মৰত বিশ্বৰ অন্যতম প্ৰখ্যাত অভিনেতা । 30 বছৰ এই উদ্যোগত কাম কৰাৰ পিছতো শ্বাহৰুখ খান ভাৰতীয় চিনেমাৰ অন্যতম সফল চুপাৰষ্টাৰ হৈয়েই আছে আৰু বিশ্বৰ দৰ্শকৰ তেওঁ প্ৰিয় ৷ ৷ এই ডিচেম্বৰ মাহত তেওঁক জেদ্দালৈ আদৰণি জনোৱাৰ বাবে আমি আগ্ৰহী", মহম্মদ আল তুৰ্কীয়ে লগতে কয় ।
10 ডিচেম্বৰত সমাপ্ত হ'বলগীয়া লোহিত সাগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 41 টা ভাষাত 61 খন দেশৰ 131 খন ফিচাৰ ফিল্ম আৰু শ্বৰ্ট উপস্থাপন কৰা হ'ব । কৰ্মক্ষেত্ৰত শ্বাহৰুখ খানক দেখিবলৈ পোৱা যাব 2023 চনৰ জানুৱাৰী মাহত মুক্তি পাবলগীয়া চলচ্চিত্ৰ নিৰ্মাতা সিদ্ধাৰ্থ আনন্দৰ পাঠানত ।
লগতে পঢ়ক : বিখ্যাত আলোচনী LOfficiel আৰু Harper’s Bazar Vietnam লৈ নিৰ্বাচিত সংযুক্তা দত্তৰ ডিজাইন