ETV Bharat / entertainment

Badshah On Mrunal Thakur: মৃণাল ঠাকুৰৰ সৈতে ডেটিঙৰ খবৰত মৌনতা ভংগ কৰিলে বাদশ্বাহে

author img

By ANI

Published : Nov 14, 2023, 2:21 PM IST

মৃণাল ঠাকুৰৰ সৈতে ডেটিঙৰ খবৰক লৈ নিজৰ মৌনতা ভংগ কৰিছে ৰেপাৰ বাদশ্বাহে । আচলতে শিল্পা শ্বেট্টীৰ দীপাৱলী পাৰ্টিত শেহতীয়াকৈ দুয়োকে হাতত ধৰি থকা দেখা গৈছিল ৷ যিটো ভিডিঅ’ ছ’চিয়েল মিডিয়াত অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল ।

"Sorry to disappoint you": Badshah shares note amid dating rumours with Mrunal Thakur
মৃণাল ঠাকুৰৰ লগত সম্পৰ্কত আছে নেকি বাদশ্বাহ, কি ক’লে বাদশ্বাহে

চিটাৰা ডেস্ক, 14 নৱেম্বৰ: শেহতীয়াকৈ বলীউডৰ বহু চেলিব্ৰিটিয়ে নিজৰ ঘৰত আয়োজন কৰিছিল দীপাৱলী পাৰ্টিৰ । অভিনেত্ৰী শিল্পা শ্বেট্টীয়েও নিজৰ ঘৰত দীপাৱলী পাৰ্টিৰ আয়োজন কৰিছিল, য’ত বি টাউনৰ বহু তাৰকাই অংশগ্ৰহণ কৰিছিল । শিল্পা শ্বেট্টীৰ দীপাৱলী পাৰ্টিৰ পৰা অভিনেত্ৰী মৃণাল ঠাকুৰৰ সৈতে কণ্ঠশিল্পী তথা ৰেপাৰ বাদশ্বাহৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত ৰেপাৰ আৰু অভিনেত্ৰীগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ হাতত ধৰি থকা দেখা গৈছিল ৷ এই ভিডিঅ’টো মুহূৰ্ততে ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত ৷ ইয়াৰ লগে লগে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছে বুলি খবৰ বিয়পি পৰে। এতিয়া অৱশেষত এই খবৰক লৈ নিজৰ মৌনতা ভংগ কৰিছে বাদশ্বাহে ।

মৃণালৰ সৈতে ডেটিঙৰ খবৰত মৌনতা ভংগ কৰিলে বাদশ্বাহে

অৱশেষত মৃণাল ঠাকুৰৰ সৈতে ডেটিঙৰ খবৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰেপাৰ বাদশ্বাহে । অৱশ্যে অভিনেত্ৰীগৰাকীৰ নাম নোলোৱাকৈয়ে ৰেপাৰগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ নাম নোলোৱাকৈয়ে বাদশ্বাহে কৈছে যে এই সকলোবোৰ ইণ্টাৰনেটত ভুল খবৰ বিয়পি আছে । বাদশ্বাহে নিজৰ পোষ্টটোত লিখিছে, “প্ৰিয় ইন্টাৰনেট, আপোনাক আকৌ এবাৰ হতাশ কৰাৰ বাবে ক্ষমা কৰিব কিন্তু আপুনি যি ভাবিছে তেনেকুৱা একোৱেই নাই ।” ইফালে এই সন্দৰ্ভত মৃণালে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

বাদশ্বাহে শ্বেয়াৰ কৰিলে পোষ্ট

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বাদশ্বাহে সোমবাৰে এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰিছিল । বাদশ্বাহে নিজৰ পোষ্টটোত লিখিছিল, “মুদ্ৰা ওপৰলৈ দলিয়াই দিয়া হৈছে, গতিকে বুজিবলৈ চেষ্টা কৰক ।’’ বাদশ্বাহৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছিল ।

মৃণাল ঠাকুৰৰ ৱৰ্কফ্ৰন্ট

মৃণাল ঠাকুৰৰ ৱৰ্ক ফ্ৰন্টৰ কথা ক’বলৈ গ’লে শেহতীয়াকৈ মুক্তি পোৱা ছবি পিপ্পাত দেখা গৈছে অভিনেত্ৰীগৰাকীক । ১০ নৱেম্বৰত অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা এই ছবিখনত মৃণাল ঠাকুৰ, ঈশান খট্টৰ, প্ৰিয়ংশুৱে অভিনয় কৰিছে ৷ ইয়াৰ উপৰিও পিপ্পা ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে সোনী ৰাজদানে ।

লগতে পঢ়ক: Shehnaaz Gill: মুখ লুকুৱাই কাৰ সৈতে বদ্ৰীনাথ ধাম দৰ্শন কৰিলে শ্বেহনাজে, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.