চিটাৰা ডেস্ক, 7 জুন: আজি বিবাহপাশত আবদ্ধ হ’ব (৭ জুন) প্যাৰ কা পাঞ্চনামাৰ অভিনেত্ৰী সোণালী ছেহগাল । আজি পুৱাৰে পৰা ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈছিল অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ । অৱশেষত গোলাপী ৰঙৰ শাৰী পৰিধান কৰি কইনাৰ সাজত বিবাহৰ স্থানত উপস্থিত হোৱা দেখা গ’ল অভিনেত্ৰীগৰাকীক (Sonnalli Seygall Wedding) ৷
সম্প্ৰতি সোণালী ছেহগালৰ বিয়াৰ ছবি আৰু ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। সোণালীৰ বিশেষ বন্ধু তথা টিভি অভিনেত্ৰী ছামা ছিকন্দৰেও বিবাহত অতি সুন্দৰ সাজ-পোছাক পৰিধান কৰি উপস্থিত হয় । এতিয়া অভিনেত্ৰীগৰাকীৰ অনুৰাগীয়ে তেওঁৰ বিয়াৰ লুকটোৰ ওপৰতো মন্তব্য কৰিছে (Sonnalli Seygall and Ashesh Sajnani)।
![Sonnalli Seygall Bride looks stunning in pink, Shama Sikander shares videos from Gurdwara](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18695250-_t1.png)
ক’ত হৈ আছে বিয়াখন ?
উল্লেখ্য যে, বুধবাৰে মুম্বাইৰ চান্টা ক্ৰুজ পশ্চিমৰ গুৰুদ্বাৰাত ব্যৱসায়ী আশীষ সাজননীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব সোণালী ছেহগাল । এই বিবাহত আৰম্ভ হৈছে চেলিব্ৰিটিৰ আগমন । ইয়াত মন্দিৰা বেদী, ছামা চিকন্দৰ, কৰণ ভি গ্ৰভাৰ, লক্ষ্মী ৰায়কে ধৰি বহু টিভি অভিনেতা বিয়াত উপস্থিত হৈছে ৷ লগতে বিবাহৰ পৰা সুন্দৰ ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই বিয়াত বেছিভাগ চেলিব্ৰিটিয়ে বগা সাজ-পোছাক পৰিধান কৰা দেখা যায় (Sonnalli Seygall Wedding) ।
প্যাৰ কা পাঞ্চনামা ফেম অভিনেত্ৰী সোণালীয়ে বিয়াৰ বাবে বাছি লৈছিল গোলাপী ৰঙৰ শাৰী । সোণালীয়ে এই গোলাপী ৰঙৰ বিবাহৰ সাজত ৰূপালী ৰঙৰ কলিৰে আৰু ৰূপালী-হীৰা গহনাৰে শোভা বঢ়াইছে। ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে নিজৰ পোহনীয়া কুকুৰৰ সৈতে বিয়াৰ স্থানত গ্ৰেণ্ড এণ্ট্ৰি কৰা দেখা যায় (Sonnalli Seygall and Ashesh Sajnani wedding) ।
লগতে পঢ়ক: HBD Ekta Kapoor: পিতৃৰ চৰ্তৰ বাবেই আজিলৈকে বিবাহ নহ’ল নেকি একতা কাপুৰ ? কি আছিল পিতৃৰ সেই চৰ্ত ?