চিটাৰা ডেস্ক, 12 ছেপ্টম্বৰ : বিজেপি নেত্ৰী তথা অভিনেত্ৰী সোণালী ফোগাটৰ মৃত্যুক কেন্দ্ৰ কৰি দিনক দিনে পোহৰলৈ আহিছে নতুন নতুন তথ্য (Sonali Phogat death case) । যিমানেই মৃত্যুৰ দিন বাঢ়ি গৈছে সিমানেই যেন অধিক ৰহস্যময়ী হৈ পৰিছে এই মৃত্যু (Sonali Phogat news) ৷ কিন্তু তাৰ মাজতে সোণালী ফোগাটৰ অনুৰাগীসকললৈ আহিছে এটি ভাল খবৰ ৷
অতি শীঘ্ৰেই মুক্তি পাবলৈ গৈ আছে সোণালী ফোগাটৰ শেষৰখন ছবি । সোণালী ফোগাটৰ শেষৰখন চিনেমাৰ নাম ‘প্ৰেৰণা’। সোণালী ফোগটৰ সৈতে ‘প্ৰেৰণা’ ছবিখনত শহুৰেকৰ চৰিত্ৰত অভিনয় কৰা পৰিচালক তথা প্ৰযোজক নৰেশ ধনাই কয় যে এই ছবিখন এখন প্ৰেৰণাদায়ক ছবি ।
কি আছে চিনেমাখনত ?
পৰিচালক তথা প্ৰযোজক নৰেশ ধনাই কয় যে, "এই ছবিখনৰ শিৰোনাম হৈছে প্ৰেৰণা । এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সোণালী ফোগাটে । সঁচাকৈয়ে ই এখন প্ৰেৰণাদায়ক ছবি । ছবিখনত দেখুওৱা হৈছে যে কেনেকৈ সোণালী ফোগাটৰ চৰিত্ৰ প্ৰেৰণাই ছাত্ৰ-ছাত্ৰীসকলক জীৱনত সাহস আৰু আশা নেহেৰুৱাবলৈ শক্তি যোগায় আৰু লগতে সদায় আগবাঢ়ি যাবলৈ শিকাই'' ৷
উল্লেখযোগ্য যে সোণালী ফোগটৰ কন্যা যশোধৰায়ে দুদিন পূৰ্বে শ্বেয়াৰ কৰিছিল ছবিখনৰ পোষ্টাৰখন । চলচ্চিত্ৰ নিৰ্মাতা নৰেশ ধনাই কয়, তেওঁ প্ৰয়াত অভিনেত্ৰী সোণালী ফোগাটৰ কন্যাৰ সৈতে এটা গীতৰ শ্বুটিং কৰিব বিচাৰে আৰু সেয়েহে ছবিখনৰ মুক্তিৰ তাৰিখ অতি সোনকালে ঘোষণা কৰা হ'ব । "এই গীতটো আপোনালোকে ছবিখনৰ শেষত চাব পাৰিব, যিটো হ’ব সোণালী ফোগাটৰ প্ৰতি শ্ৰদ্ধাঞ্জলি । কাৰণ এই গীতটোৰ জৰিয়তে মই সোণালী ফোগাটক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰো'' ৷
বায়’গ্ৰাফী ছবিখনৰ বিষয়ে কি ক’লে পৰিচালকে ?
চলচ্চিত্ৰ নিৰ্মাতা নৰেশ ধনাই লগতে সোণালী ফোগাটৰ জীৱনৰ আধাৰত এখন ছবি নিৰ্মাণৰ পৰিকল্পনা কৰা বুলিও জানিবলৈ দিয়ে । নৰেশে কয়, "মই ক'ব লাগিব যে তেওঁৰ জীৱনটো চিনেমাৰ কাহিনীতকৈ কম নহয় । কেনেকৈ তেওঁ এখন গাঁৱৰ পৰা আহিছিল আৰু পিছলৈ বিগবছ আৰু টিভিত কাম কৰিছিল" (Sonali Phogat shows) ৷
সোণালীৰ জীৱনক লৈ নিৰ্মাণ হ’ব ছবিখন
অপৰাধীকেইটা পোহৰলৈ অনাৰ পাছতেই শীঘ্রেই সোণালী ফোগাটৰ জীৱনীমূলক ছবিখন প্রস্তুত কৰিব বুলিও তেওঁ সদৰী কৰে ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে, "সোণালীৰ জীৱনৰ ওপৰত আমি যিখন ছবি নিৰ্মাণ কৰিম সেইখনেই হ’ব আমাৰ পৰৱৰ্তী প্ৰজেক্ট । সোণালী ফোগাটৰ নামেৰে নামাকৰণ কৰা হ’ব ছবিখনৰ" ।
লগতে পঢ়ক : ৰাণী দ্বিতীয় এলিজাবেথে চেন্নাইত কমল হাছানৰ ফিল্ম ছেট পৰিদৰ্শন কৰিছিল, স্মৰণ কৰিলে অভিনেতা কমল হাছানে