ETV Bharat / entertainment

Singer Nahid Afrin: কলিযুগত নিজকে শক্তিশালী কৰি ৰখাটো অতিকৈ প্ৰয়োজন; নাহিদ আফ্ৰিন

author img

By

Published : Mar 20, 2023, 10:58 AM IST

Updated : Mar 20, 2023, 11:17 AM IST

বঁটা বিতৰ্কত নাম সাঙোৰ খোৱা কণ্ঠশিল্পী নাহিদ আফ্ৰিনে শেহতীয়াকৈ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা পোষ্ট (Singer Nahid Afrin) ৷ পোষ্টটোৰ কেপচনত ভুল কৰিলেহে ভয় থাকে বুলি কয় নাহিদে ৷ ইয়াৰ লগতে নিজৰ বেয়া সময়ত নাহিদে নিজকে কেনেকৈ শক্তিশালী কৰি ৰাখিছিল সেই বিষয়েও উল্লেখ কৰে ৷

Singer Nahid Afrin recently shared a post on social media says we need to stay strong in this kalyug
কণ্ঠশিল্পী নাহিদ আফ্ৰিনে শেহতীয়াকৈ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে

চিটাৰা ডেস্ক, 20 মাৰ্চ: শেহতীয়াকৈ কণ্ঠশিল্পী নাহিদ আফ্ৰিনে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে (Singer Nahid Afrin) ৷ নিজৰ ফটোৰ সৈতে শ্বেয়াৰ কৰা পোষ্টটোৰ কেপচনত কণ্ঠশিল্পীগৰাকীয়ে লিখিছে , " ভুল কৰিলেহে ভয় থাকে " ৷ কেৱল ইমানেই নহয়, নাহিদে লগতে লিখিছে, "মোৰ শিক্ষাগুৰুৱে কৈছিল, আমি এই কলিযুগত শক্তিশালী হৈ থকাটো অতিকৈয়ে প্ৰয়োজন । ইয়াৰ বাহিৰে আন কোনো বিকল্প নাই ৷ "

লগতে নাহিদে লিখিছে,"মই বিশ্বাস কৰোঁ, সত্যবাদী হোৱাটো অতি মুক্তিদায়ক । কিন্তু মানুহে আপোনাক বিশ্বাস নকৰিবও পাৰে আৰু আপোনাক তলত পেলাবলৈ চেষ্টা কৰিব পাৰে । কিন্তু যেতিয়ালৈকে আপুনি নিজকে ধৰি ৰাখিব, মনত ৰাখিব আপুনি নিশ্চিতভাৱে জয়ী হ’ব । যিয়ে নহওক, ভগৱানে সকলো জানে ! গতিকে চিন্তা কিহৰ ?"

উল্লেখ্য যে, নাহিদ আফ্ৰিন অসমৰ এগৰাকী উদীয়মান নেপথ্য কণ্ঠশিল্পী ৷ ২০১৫ চনৰ ইণ্ডিয়ান আইডল জুনিয়ৰত অংশগ্ৰহণ কৰি নিজৰ সমধুৰ কণ্ঠৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল নাহিদে ৷ ইয়াৰ পিচত সকলোৰে জনপ্ৰিয় হৈ পৰিছিল নাহিদ ৷ অৱশ্যে জনপ্ৰিয়তাৰ লগতে বহু বিতৰ্কৰো সন্মুখীন হ’ব লগা হৈছে নাহিদ ৷ অতি কম বয়সতে উন্নতিৰ শিখৰ চুবলৈ সক্ষম হোৱা কণ্ঠশিল্পীগৰাকীয়ে কেইবাটাও বিতৰ্কৰো সন্মুখীন হ’ব লগা হৈছে (Nahid Afrin recently shared a post) ৷

শেহতীয়াকৈ বঁটা বিতৰ্কত নাম সাঙোৰ খাইছিল কণ্ঠশিল্পীগৰাকীৰ (Singer Nahid Afrin got criticized)। গান নোগোৱাকৈয়ে বঁটা লাভ কৰা বুলি সামাজিক মাধ্যমত একাংশই সমালোচনা কৰিছিল ৷ ইয়াৰ পিচতে ভিডিঅ’যোগে নাহিদে স্পষ্টীকৰণ দিব লগা হৈছিল (Nahid Afrin Clarifies About State Film Awards 2023) । উল্লেখ্য যে, ২০১৮ আৰু ২০১৯ বৰ্ষৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত নাহিদলৈ আগবঢ়োৱা হৈছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (মহিলা)ৰ ‘‘প্ৰতিমা পাণ্ডে বৰুৱা বঁটা’’ ।

ইয়াৰ পিচতে আৰম্ভ হৈছিল বিতৰ্ক ৷ কাৰণ নাহিদ আফ্ৰিনক যিটো গীতৰ বাবে বঁটাটো প্ৰদান কৰা হৈছিল, সেই গীতটো নাহিদে গোৱা নাছিল, গাইছিল ৰূপজ্যোতি দেৱীয়েহে । সামাজিক মাধ্যমত একাংশই নাহিদক নোগোৱা গানৰ বাবে বঁটা গ্ৰহণ কৰাত সমালোচনা কৰে ৷ অৱশ্যে জুৰীয়ে এই বিতৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বঁটাটো নাহিদেই পাবলগীয়া আছিল, ভুলবশতঃ গানৰ নামটোহে সলনি হ’ল ৷ এই বিতৰ্কক লৈয়ে শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীয়ে ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰি নিজৰ মনৰ ভাব প্ৰকাশ কৰে ৷

লগতে পঢ়ক: State Film Award Controversy :বঁটা বিতৰ্কক লৈ কি ক'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ?

Last Updated : Mar 20, 2023, 11:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.