ETV Bharat / entertainment

Daler mehndi human trafficking case:জামিন লাভ কৰিলে জনপ্ৰিয় গায়ক ডালেৰ মেহেন্দীয়ে

author img

By

Published : Sep 16, 2022, 1:34 PM IST

2003 চনৰ মানৱ সৰবৰাহৰ গোচৰত জামিন মঞ্জুৰ লাভ কৰে পাঞ্জাবী গায়ক ডালেৰ মেহেন্দীয়ে (Daler mehndi human trafficking case) । জামিন মঞ্জুৰ কৰিলে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে । সবিশেষ আগলৈ-

SINGER DALER
জামিন লাভ কৰিলে জনপ্ৰিয় গায়ক ডালেৰ মেহেন্দীয়ে

চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ : পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে মানৱ সৰবৰাহৰ গোচৰত কাৰাবন্দী হৈ থকা পাঞ্জাবী কণ্ঠশিল্পী ডালেৰ মেহেন্দীৰ জামিন মঞ্জুৰ কৰে ৷ 2003 চনৰ মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী ডালেৰ মেহেন্দীয়ে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে । পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে এই জামিন মঞ্জুৰ কৰে (Daler Mehndi updates) । পঞ্জাৱৰ পাটিয়ালা আদালতে 19 বছৰ পুৰণি এক গোচৰৰ শুনানী গ্ৰহণ কৰি পাঞ্জাৱী গায়কগৰাকীক 2 বছৰৰ কাৰাদণ্ড বিহিছিল । 14 জুলাইত কাৰাগাৰলৈ গৈছিল ডালেৰ ।

তথ্য অনুসৰি, 2003 চনৰ 19 ছেপ্টেম্বৰত ডালেৰ মেহেন্দীৰ জ্যেষ্ঠ ভাতৃ শ্বামছেৰ মেহেন্দীৰ বিৰুদ্ধে কবুতৰ পেল্টিং মিউজিক বেণ্ডৰ জৰিয়তে লোকসকলক অবৈধভাৱে বিদেশলৈ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছিল (Daler mehndi human trafficking case) ৷ এই সন্দৰ্ভত শ্বামছেৰ মেহেন্দীৰ বিৰুদ্ধে এজাহাৰ দাখিলো কৰা হৈছিল । ডালেৰ আৰু তেওঁৰ ভাতৃ শ্বামছেৰ মেহেন্দী বিৰুদ্ধে 31 টা গোচৰ ৰুজু কৰা হৈছে ।

বাক্সী সিং নামৰ এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুই ভাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । পিছত 2018 চনৰ 16 মাৰ্চত পাটিয়ালা আদালতে তেওঁক দুবছৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । এতিয়া আদালতে তেওঁক জামিন প্ৰদান কৰিছে । 2003 চনত আমেৰিকাতো এই গায়িকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল । বৃহস্পতিবাৰে তেওঁক জামিন প্ৰদান কৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে (Daler Mehndi latest news) ।

চলিত বৰ্ষৰ 14 জুলাইত পাটিয়ালা আদালতে 2018 চনৰ ৰায়ক সমৰ্থন কৰি বিখ্যাত কণ্ঠশিল্পীগৰাকীক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে । পাটিয়ালা জেল য’ত ডালেৰৰ বন্ধু তথা ৰাজনীতিবিদ নৱজোত সিং সিদ্ধুক ইতিমধ্যে ৰখা হৈছে, তাতেই কাৰাগাৰৰ একেটা বেৰেকতে দুয়ো আছিল (Daler Mehndi in jail) ।

লগতে পঢ়ক : 200 crore extortion case: সোধা পোছাৰ বাবে EOW ৰ অফিচত উপস্থিত জেকলিন ফাৰ্ণাণ্ডেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.