ETV Bharat / entertainment

Shamshera trailer: ডকাইত হৈয়ো নিজৰ জাতিৰ স্বাধীনতাৰ বাবে যুঁজ কৰে ৰণবীৰ কাপুৰে

author img

By

Published : Jun 24, 2022, 1:36 PM IST

ৰণবীৰ কাপুৰ অভিনীত ছবি শ্বমছেৰাৰ নিৰ্মাতাসকলে শুকুৰবাৰে ছবিখনৰ পোষ্টাৰ উন্মোচন কৰে । কৰণ মালহোত্ৰাৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন ১৮০০ ৰ দশকক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ৷ ছবিখনত এজন ডকাইতে ব্ৰিটিছসকলৰ শোষণৰ পৰা নিজৰ জাতিৰ ৰক্ষা, অধিকাৰ আৰু স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ কাহিনী দেখুওৱা হৈছে ।

Shamshera trailer
ডকাইত হৈয়ো নিজৰ জাতিৰ স্বাধীনতাৰ বাবে যুঁজ কৰে ৰণবীৰ কাপুৰে

চিটাৰা ডেস্ক, 24 জুন : সঞ্জুৰ মুক্তিৰ বহু সময়ৰ পিছত ৰণবীৰ কাপুৰ শ্বমছেৰাৰ সৈতে ৰূপালী পৰ্দালৈ উভতি আহিবলৈ সাজু হৈছে । শুকুৰবাৰে মুকলি হ’ল শ্বমছেৰাৰ ট্ৰেইলাৰ (Shamshera trailer) ৷ ট্ৰেইলাৰত ডকাইতৰ ৰূপত আকৰ্ষণীয় দেখাইছে ৰণবীৰ কাপুৰক ।

শ্বমছেৰাত এনে এজন মানুহৰ কাহিনী দেখুওৱা হৈছে যি প্ৰথমে এজন দাস হৈ পৰে, তাৰ পিছত তেওঁ এজন নেতালৈ ৰূপান্তৰিত হয় আৰু নিজৰ বংশৰ লোকসকলৰ বাবে কিংবদন্তি ব্যক্তি হৈ পৰে । তেওঁ তেওঁৰ বংশৰ স্বাধীনতা আৰু সন্মানৰ বাবে অক্লান্ত যুঁজ দিয়ে । শ্বমছেৰা নামৰ এই চৰিত্ৰটোত ৰণবীৰ কাপুৰে শক্তিশালী অভিনয় প্ৰদৰ্শন কৰিছে ৷

স্বাধীনতাৰ পূৰ্বৰ যুগৰ ওপৰত আধাৰিত এই ছবিখনত ডকাইত শ্বমছেৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে এজন নিষ্ঠুৰ আধিপত্যবাদী সেনাপতি শুদ্ধ সিঙৰ বৰ্বৰতাৰ বিৰুদ্ধে যুঁজ দিয়া ৷ শুদ্ধ সিঙৰ চৰিত্ৰ ৰূপায়ন কৰিছে সঞ্জয় দত্তই ৷

ট্ৰেইলাৰত দেখা গৈছে, সঞ্জয় দত্তই ৰণবীৰৰ আটাইতকৈ ডাঙৰ শত্ৰুৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ট্ৰেইলাৰ চাই ইজনে সিজনৰ লগত কৰা যুদ্ধসদৃশ দৃশ্যসমূহ চাবলৈ আকৰ্ষণীয় হ’ব যেন অনুমান কৰিব পাৰি । আনহাতে বাণীয়ে ১৮০০ ৰ দশকত ভাৰতৰ আটাইতকৈ বেছি চাহিদা থকা ভ্ৰমণ শিল্পী সোনাৰ চৰিত্ৰত অভিনয় কৰিছে ।

আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত শ্বমছেৰাত আশুতোষ ৰাণা, সৌৰভ শুক্লা, ৰনিত ৰয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে (Shamshera cast) । ছবিখনে ২২ জুলাইত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰিব (Shamshera release date) ।

লগতে পঢ়ক : কোমলৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি আৱেদন জনালে ৰেপ্পাৰ ৰাফতাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.