চিটাৰা ডেস্ক, 7 ফেব্ৰুৱাৰী : পাঠানৰ সফলতাই বলীউডৰ উৰ্দ্ধমুখী যাত্ৰাৰ সূচনা কৰে ৷ এক দীঘলীয়া সময় ধৰি বলীউড উদ্যোগটোৱে জনসাধাৰণৰ পৰা অৱহেলাৰ সন্মুখীন হৈ আহিছিল ৷ লগতে সময়ে সময়ে ছ’চিয়েল মিডিয়াত #বয়কটবলীউড ট্ৰেণ্ডে অলপ হ’লেও সকলোকে চিন্তিত কৰি তুলিছিল ৷ কিন্তু এই বছৰটোৰ আৰম্ভণিতে মুক্তি দিয়া পাঠান ছবিখনে বলীউডৰ নক্সাই সলাই দিলে ৷ এই ছবিখনেৰে চাৰি বছৰৰ মূৰত শ্বাহৰুখ খান ছবি জগতলৈ উভতি আহিছে ৷
শ্বাহৰুখৰ অনুৰাগীৰ বাবে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ’ব পাৰে যে যিখন ছবিৰে তেওঁ দীঘলীয়া সময়ৰ মূৰত ছবি জগতলৈ প্ৰত্যাৱৰ্তন কৰিছে সেই ছবিখনে গঢ়িছে ইটোৰ পিছত সিটোকৈ ৰেকৰ্ড ৷ বিভিন্ন পুৰণি অভিলেখ ভংগ কৰা ছবি পাঠানৰ আন এটা মুখ্য আকৰ্ষণ হ’ল ছবিখনত শ্বাহৰুখ আৰু ছলমানে একেলগে অভিনয় কৰিছে ৷ শ্বাহৰুখ-ছলমান যুটিৰ অভিনয় দৰ্শকে সাংঘাতিক পছন্দ কৰিছে ৷ 25 জানুৱাৰীত মুক্তি লাভ কৰা ছবিখন এতিয়াও সগৌৰৱেৰে ছবিগৃহত চলি আছে ৷
শেহতীয়াকৈ দুয়ো খানেই ‘পাঠান’ ছবিখনত একেলগে অভিনয় কৰাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে (Shahrukh Salman working together in Pathaan ) । ছলমানে কয় যে, "ডাঙৰ পৰ্দাত শ্বাহৰুখ আৰু মোৰ একত্ৰিত হ’বলৈ সদায় এখন বিশেষ ছবিৰ প্ৰয়োজন হয় আৰু মই আনন্দিত যে সেই ছবিখন হৈছে ‘পাঠান’ । আমি যেতিয়া ‘কৰণ অৰ্জুন’ কৰিছিলো তেতিয়াও এই ছবিখন ব্লকবাষ্টাৰ হৈছিল আৰু এতিয়া ৱাই আৰ এফৰ স্পাই ইউনিভাৰ্ছৰ অংশস্বৰূপ পাঠানো ব্লকবাষ্টাৰ হৈ পৰিছে" ।
ছলমান খানে কয়, "মই জানো যে দৰ্শকে আমাক একেলগে পৰ্দাত চাই ভাল পায় আৰু মই সুখী যে তেওঁলোকে আমাক পাঠানত ইমান মৰম দিছে । যেতিয়া আদিয়ে মোক ছিকুৱেন্স আৰু আমাক পুনৰ পৰ্দাত একত্ৰিত কৰাৰ তেওঁৰ দৃষ্টিভংগীৰ কথা ক’লে, তেতিয়া মই আনন্দত আত্মহাৰা হৈ পৰিলোঁ" ৷
একে সময়তে শ্বাহৰুখ খানে কয়, "এই কথা কওঁতে বিশ্বাস কৰক, ছলমান আৰু মই সদায় একেলগে অভিনয় কৰিবলৈ বিচাৰিছিলো, কিন্তু আমি সঠিক ছবি, সঠিক চিত্ৰনাট্যৰ বাবে অপেক্ষা কৰি আছিলো । কাৰণ আমি দুয়োৱে জানিছিলোঁ যে অনুৰাগীসকলে আমাক পৰ্দাত দেখি উত্তেজিত হ’ব আৰু আমি সেইটো সম্ভৱ কৰি তুলিব লাগিব" । পাঠানৰ পূৰ্বে শ্বাহৰুখ আৰু ছলমানে ‘কৰণ অৰ্জুন’, ‘কুছ কুছ হোতা হে’ আৰু ‘হুম তুম্হাৰে হে চনম’ ছবিত একেলগে কাম কৰিছে (Shahrukh Khan and Salman Khan movie)। শ্বাহৰুখেও বছৰ বছৰ পিছত ছলমানৰ সৈতে কাম কৰি সুখ প্ৰকাশ কৰে ।
(ইনপুট- আইএনএছ)
লগতে পঢ়ক : Siddharth Anand on pathaan controversy: পাঠানে বৰ্জন দলৰ কাৰ্যসূচী বিফল কৰি তুলিলে: সিদ্ধাৰ্থ আনন্দ