ETV Bharat / entertainment

SRK : ছ’চিয়েল মিডিয়াত ভাইৰেল শ্বাহৰুখ খানৰ এটা ভিডিঅ’, নেটিজনে ক’লে- আৰু চাওক এওঁলোকৰ ছবি

author img

By

Published : May 3, 2023, 1:36 PM IST

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে শ্বাহৰুখ খানৰ এটা ভিডিঅ’ ৷ বিমানবন্দৰত কিং খানে এজন অনুৰাগীৰ সৈতে কৰিলে এনে ব্যৱহাৰ কৰিছিল, যাৰ বাবে এতিয়া ব্যাপক ট্ৰলৰ সন্মুখীন হৈছে কিং খান ৷ ঘটনাৰ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

SHAH RUKH STOPPED FAN TAKING SELFIE WITH HIM AT MUMBAI AIRPORT USERS FURIOUS
অনুৰাগীৰ মোবাইল দলিয়াই দিলে শ্বাহৰুখ খানে

চিটাৰা ডেস্ক, 3 মে’: বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খান উদাৰতাৰ বাবে পৰিচিত । অনুৰাগীৰ সৈতে অভিনেতাগৰাকীৰ সম্পৰ্ক অতি গভীৰ ৷ অভিনেতাগৰাকীয়ে অনুৰাগীৰ হৃদয়ত থিতাপি ল’বলৈ যিকোনো পৰিসৰলৈকে যাব পাৰে, কিন্তু হঠাৎ কি হ’ল শ্বাহৰুখ খানৰ ?

শ্বাহৰুখ খানে এজন অনুৰাগীৰ সৈতে এইবাৰ এনে ব্যৱহাৰ কৰিলে যিটো হয়তো তেওঁ কেতিয়াও কৰা নাছিল ৷ আচলতে শ্বাহৰুখ খানক যোৱা নিশা মুম্বাই বিমানবন্দৰত দেখা গৈছিল । বিমানবন্দৰত ছুট-বুট পৰিধান কৰি অহা এজন অনুৰাগীয়ে যেতিয়া তেওঁৰ লগত চেলফি ল’বলৈ চেষ্টা কৰিছিল, তেতিয়া শ্বাহৰুখ খানে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, যিটো দেখাৰ পিচত হয়তো আপুনিও বিশ্বাস নকৰিব যে শ্বাহৰুখ খানে এনে কাম কৰিব পাৰে (Shahrukh Khan in Mumbai Airport) ৷

এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, যোৱা নিশা শ্বাহৰুখ খানক মুম্বাই বিমানবন্দৰত দেখা গৈছিল (Shah Rukh Khan Loses Cool) । মুম্বাই বিমানবন্দৰত শ্বাহৰুখ খানক ডেছিং লুকত দেখা গৈছিল । শ্বাহৰুখ খানে ডেনিমৰ ওপৰত ক’লা টি-চাৰ্ট লগতে ক’লা চামৰাৰ জেকেট পৰিধান কৰিছিল (Shahrukh Khan pushed away the phone of a fan) ৷

ইফালে অভিনেতাগৰাকী যেতিয়া এয়াৰপৰ্টৰ লবীৰ পৰা ওলাই আহিছিল তেতিয়া ছুট-বুট পৰিধান কৰা এজন অনুৰাগীয়ে শ্বাহৰুখ খানৰ সৈতে চেলফি তুলিবলৈ চেষ্টা কৰে ৷ কিন্তু শ্বাহৰুখ খানে অনুৰাগীক চেলফি লোৱাত বাধা প্ৰদান কৰা আৰু অনুৰাগীৰ হাত জোকাৰি মোবাইলটো পেলাই দিয়ে । সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে শ্বাহৰুখ খানৰ এই ভিডিঅ’ ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বাদশ্বাহৰ ক্লাছ লোৱা দেখা যায় ।

এতিয়া শ্বাহৰুখ খানৰ এনে ব্যৱহাৰত নেটিজেনে ব্যাপকভাৱে ট্ৰল কৰে ৷ শ্বাহৰুখৰ এনে ব্যৱহাৰত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, আৰু চাওক এওঁলোকৰ ছবি । আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ইমান বছৰৰ পিচত হিট ছবি হোৱাৰ পিচত শ্বাহৰুখ খানৰ এনে মনোভাৱ । আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, অনুৰাগীয়ে তেওঁলোকক বনাইছে আৰু তেওঁলোকে কিহৰ বাবে গৌৰৱ কৰে।’ এজনে লিখিছে, এয়া কেনেকুৱা কিং খান ।

উল্লেখ্য যে, এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে অনুৰাগীয়ে এতিয়া ছ’চিয়েল মিডিয়াত শ্বাহৰুখ খানক কটাক্ষ কৰা দেখা যায় ।

লগতে পঢ়ক: The Kerala Story: প্ৰতিবাদৰ মাজতে জে এন ইউ কেম্পাছত প্ৰদৰ্শিত হ’ল ‘দ্য কেৰালা ষ্ট’ৰী’, ৫ মে’ত মুক্তি পাব ছবিখনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.