ETV Bharat / entertainment

Jawan Trailer: ১ খন ছবি, ৫ টা অৱতাৰ, শ্বাহৰুখ খানৰ আধিপত্য বুৰ্জ খলিফাত, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:36 AM IST

বুৰ্জ খলিফাত মুকলি হ’ল শ্বাহৰুখ আৰু নয়নতৰাৰ অভিনীত ছবি জৱানৰ ট্ৰেইলাৰ ৷

Shah rukh khan unveil Jawan trailer at iconic Burj Khalifa in Dubai
শ্বাহৰুখ খানৰ আগন্তুক ছবি জৱানৰ ট্ৰেইলাৰ মুক্তি

চিটাৰা ডেস্ক, 31 আগষ্ট: বৰ্তমান ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে শ্বাহৰুখ খানৰ অভিনীত ছবি জৱানৰ ট্ৰেইলাৰ ৷ টুইটাৰত ট্ৰেণ্ড কৰিছে জৱান হেচটেগ ৷ এই ছবিখনক লৈ অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উন্মাদনা ৷ বহুদিনৰে পৰা কিং খানে ছবিখনৰ পৰা কিস্তি কিস্তিয়ে উপহাৰ দি আহিছিল অনুৰাগীক ৷ কেতিয়াবা যদি পোষ্টাৰৰ জৰিয়তে আন কেতিয়াবা আকৌ গীতৰ জৰিয়তে ৷ কিন্তু ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা নাছিল ৷ যাৰ বাবে ছবিখনৰ ট্ৰেইলাৰক লৈ অতি ব্যাকুল হৈ পৰিছিল অনুৰাগী ৷

এতিয়া অনুৰাগীৰ আগ্ৰহ দেখি অৱশেষত 31 আগষ্টত মুকলি কৰিছে ছবিখনৰ ট্ৰেইলাৰ ৷ 31 আগষ্টৰ দিনৰ 11.58 বজাত ইউটিউভত নিৰ্মাতাই মুকলি কৰে ট্ৰেইলাৰ ৷ যাৰ বাবে উৎফুল্লিত হৈ পৰে অনুৰাগী ৷ কিন্তু ইয়াতে সমাপ্ত হোৱা নাই শ্বাহৰুখৰ অনুৰাগীলৈ উপহাৰ ৷ বৃহস্পতিবাৰে নিশা 9 বজাত শ্বাহৰুখ খানে ডুবাইৰ বিখ্যাত বুৰ্জ খলিফাত জৱানৰ ট্ৰেইলাৰ মুকলি কৰিছে ৷

দীৰ্ঘদিন ধৰি অনুৰাগীয়ে অপেক্ষা কৰি আছিল জৱানৰ ট্ৰেইলাৰৰ বাবে, কিন্তু অপেক্ষা এতিয়া শেষ হৈছে ৷ শ্বাহৰুখৰ লগতে তেওঁৰ মেনেজাৰ তথা পৰিচালক এটলীয়েও জৱানৰ ট্ৰেইলাৰ লঞ্চৰ বাবে ডুবাইত উপস্থিত হৈছে । শ্বাহৰুখ খান, নয়নতৰা আৰু বিজয় ছেঠুপথিৰ অভিনীত জৱান ছবিখন অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব । ইয়াৰ পূৰ্বে বুধবাৰে এটলী, অনিৰুদ্ধ ৰবিচন্দৰ, বিজয়, যোগী বাবু, সন্যা মালহোত্ৰা আৰু প্ৰিয়া মণি ৰাজৰ সৈতে চেন্নাইত জৱানৰ অডিঅ’ লঞ্চত শ্বাহৰুখেও অংশগ্ৰহণ কৰে ।

কেনেকুৱা লাগিল ট্ৰেইলাৰ ?

শ্বাহৰুখ খানৰ শক্তিশালী কণ্ঠ আৰু এক প্ৰচণ্ড সংলাপেৰে আৰম্ভ হৈছে জৱানৰ ট্ৰেইলাৰ । য’ত তেওঁ কৈছে – ‘এজন ৰজা আছিল, তেওঁ ইখনৰ পিছত সিখন যুদ্ধত পৰাস্ত হৈছিল । ভোকাতুৰ অৱস্থাত, হাবিত আছিল । বৰ খং উঠিছিল।’ ইয়াৰ পিচতে শ্বাহৰুখক বহুতো ভিন্ন ৰূপত দেখা যায় । ইয়াৰ সমান্তৰালকৈ সন্যা মালহোত্ৰা, দীপিকা পাডুকনকে ধৰি আন তাৰকাৰ আভাসো ট্ৰেইলাৰত দেখা গৈছে । শ্বাহৰুখ খান, নয়নতৰা, বিজয় ছেঠুপথি আৰু দীপিকা পাডুকনে অভিনয় কৰা এই ছবিখনত সন্যা মালহোত্ৰা, সুনীল গ্ৰ’ভাৰ, এজাজ খান আৰু ৰিদ্ধি ডোগ্ৰাৰ দৰে তাৰকাও গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে।

লগতে পঢ়ক: Jawan Trailer: কিং খানৰ অনুৰাগীৰ বাবে সুখবৰ ! অৱশেষত মুকলি হ’ল জৱানৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.