ETV Bharat / entertainment

Shah Rukh Khan instagram:মন্নতৰ বাহিৰত সমবেত হোৱা অনুৰাগীৰে সৈতে চেলফি তুলি ধন্যবাদ জনালে বাদশ্বাহে - Shah Rukh Khan instagram

শ্বাহৰুখে নিজৰ বাংলো ‘মন্নত’ৰ বাহিৰত সমবেত হোৱা হাজাৰ হাজাৰ অনুৰাগীৰ সৈতে চেলফি তুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে (Shah Rukh Khan twitter) । শ্বাহৰুখৰ জন্মদিনক লৈ অনুৰাগীৰ মাজত যথেষ্ট উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গ’ল ৷

Shah Rukh Khan
অনুৰাগীৰে সৈতে চেলফি তুলি ধন্যবাদ জনালে বাদশ্বাহে
author img

By

Published : Nov 3, 2022, 12:40 PM IST

চিটাৰা ডেস্ক, 3 নৱেম্বৰ : বলীউডৰ 'বাদশ্বাহ' শ্বাহৰুখ খানে 2 নৱেম্বৰত 57 সংখ্যক জন্মদিন উদযাপন কৰে । শ্বাহৰুখৰ জন্মদিন উদযাপন কৰিবলৈ অনুৰাগী সকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ এই বিশেষ দিনটোত শ্বাহৰুখ খানে বহু প্ৰতীক্ষিত আৰু এক্সনেৰে ভৰা চিনেমা 'পাঠান'ৰ টিজাৰ মুকলি কৰি তেওঁৰ অনুৰাগীসকলক এটা ডাঙৰ উপহাৰ আগবঢ়ায় । ইয়াৰ পিছত শ্বাহৰুখে তেওঁৰ বাংলো 'মন্নত'ৰ বাহিৰত গোট খোৱা হাজাৰ হাজাৰ অনুৰাগীৰ সৈতে এখন চেলফি তোলে আৰু ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ফটোখন ।

টুইটাৰ আৰু ইনষ্টাগ্ৰামত (Shah Rukh Khan twitter) জন্মদিনত তোলা চেলফিখন শ্বেয়াৰ কৰি শ্বাহৰুখ খানে লিখিছে, ‘সাগৰৰ সন্মুখত থাকিবলৈ বৰ ভাল লাগে.....মোৰ জন্মদিনত মোৰ চাৰিওফালে বিয়পি পৰা প্ৰেমৰ সাগৰখন....ধন্য়বাদ ৷ মোক ইমান বিশেষ অনুভৱ কৰোৱাৰ বাবে কৃতজ্ঞ...আৰু সুখী ।

ৰণবীৰ সিং, দক্ষিণৰ অভিনেত্ৰী ৰাশী খান্না, ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা, কৰণ জোহৰ, সুহানা খান, ফাৰাহ খানকে ধৰি বহু চেলেব্ৰিটী আৰু অনুৰাগীয়ে ‘কিং খান’ক 57 সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

আনহাতে শ্বাহৰুখ খানৰ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি অনুৰাগীৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত শ্বাহৰুখ খানে সংবাদ মাধ্যম আৰু অনুৰাগীৰ সন্মুখত কেক কাটে । লগতে এই অনুষ্ঠানত শ্বাহৰুখ খানে তেওঁৰ আইকনিক গীত ‘চাইয়া চাইয়া’ত অনুৰাগীৰ সন্মুখত নৃত্যও কৰে ।

'পাঠান'ৰ টিজাৰ দেখি মতলীয়া অনুৰাগী

চাৰি বছৰৰ মূৰত শ্বাহৰুখ খান ‘পাঠান’ৰ সৈতে মুখ্য অভিনেতা হিচাপে পৰ্দালৈ ঘূৰি আহিছে । জন্মদিনত শ্বাহৰুখে ‘পাঠান’ৰ টিজাৰ মুকলি কৰি অনুৰাগীসকলক এক ডাঙৰ উপহাৰ আগবঢ়াই । পাঠানৰ টিজাৰ দেখি এতিয়া ছবিখনৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকলে ৷ 'পাঠান'ৰ টিজাৰে ইউটিউবত এতিয়ালৈকে 1 কোটি 60 লাখতকৈ অধিক ভিউ লাভ কৰিছে । আগন্তুক বৰ্ষৰ 25 জানুৱাৰী, গণৰাজ্য দিৱসত মুক্তি পাব পাঠান ।

লগতে পঢ়ক : Shah Rukh Khan birthday:জন্মদিনৰ দিনাই পাঠানৰ টিজাৰ মুকলি কৰিলে শ্বাহৰুখে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.