চিটাৰা ডেস্ক, 12 মাৰ্চ: আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতমৰ স্বামী তথা পৰিচালক আদিত্য ধৰৰ জন্মদিন (Aditya Dhars 40th birthday) ৷ আজি পৰিচালকগৰাকীৰ 40 সংখ্যক জন্মদিন ৷ জন্মদিন উপলক্ষে পৰিচালগৰাকীৰ পত্নী য়ামী গৌতমে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ইনষ্টাগ্ৰামত য়ামীৰ স্বামীৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰি য়ামীয়ে লিখিছে, “মোৰ পৃথিৱীখনলৈ জন্মদিনৰ শুভেচ্ছা থাকিল ।”
- " class="align-text-top noRightClick twitterSection" data="
">
কেপচনটোত লগতে অভিনেত্ৰীগৰাকীয়ে এটা ৰঙা হৃদয়ৰ ইমোজিও দিছিল (Yami Gautam wished her husband on his birthday) । জন্মদিন উপলক্ষে য়ামীয়ে আপলোড কৰা ফটোখনত যুটিটোৱে একেলগে হাঁহি থকা পৰিলক্ষিত হৈছে ৷ ফটোখনত য়ামী আৰু আদিত্যই ক’লা ৰঙৰ কাপোৰ পৰিধান কৰি আছিল । উল্লেখ্যে যে, ২০২১ চনৰ ৪ জুনত, হিমাচল প্ৰদেশৰ এক ব্যক্তিগত অনুষ্ঠানত য়ামী আৰু আদিত্যই বিবাহপাশত আবদ্ধ হৈছিল (Aditya Dhar and Yami Wedding)।
- " class="align-text-top noRightClick twitterSection" data="
">
ইফালে ইনষ্টাগ্ৰামত অভিনেতা বিকি কৌশলে আদিত্যৰ এখন ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছিল, "হেপি বাৰ্থডে মোৰ ভাই,"। বিকি আৰু আদিত্যই প্ৰথমবাৰৰ বাবে কাম কৰিছিল একচন থ্ৰিলাৰ ছবি ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ত ৷ যিখন ছবি বক্স অফিচ ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হয় ৷ ২০১৯ চনত মুক্তি পোৱা ছবিখনত য়ামী গৌতম, পৰেশ ৰাৱাল আৰু কীৰ্তি কুলহাৰীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্যে যে, ১৯৮৩ চনৰ ১২ মাৰ্চত নতুন দিল্লীত জন্মগ্ৰহণ কৰিছিল আদিত্য ধৰে ৷ ধৰ এজন কাশ্মীৰী পণ্ডিত ৷ ২০১৯ চনত ধৰে ২০১৬ চনৰ উৰি আক্ৰমণৰ আধাৰত নিৰ্মিত একচন ছবি উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল বলীউডত ৷ ছাৰ্বিয়াত চিত্ৰগ্ৰহণ কৰা এই ছবিখন ২০১৬ চনৰ উৰি আক্ৰমণৰ প্ৰতিশোধৰ প্ৰকৃত পৰিঘটনাৰ বিষয়ে কাল্পনিকভাৱে তথা নাটকীয়ভাৱে বৰ্ণনা কৰা হৈছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
উৰি ছবিখনে ভাৰতত ২.৪ বিলিয়ন (৩০ মিলিয়ন মাৰ্কিন ডলাৰ) আৰু বিশ্বজুৰি ৩.৫ বিলিয়ন (৪৪ মিলিয়ন মাৰ্কিন ডলাৰ) তকৈ অধিক উপাৰ্জন কৰে ৷ ধৰক এই ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিষেক পৰিচালকৰ ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হয় ।
লগতে পঢ়ক: Jyotika Dilaik Wedding: বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী ৰুবিনা দিলাইকৰ ভগ্নী জ্যোতিকা দিলাইক