চিটাৰা ডেস্ক, 21 মাৰ্চ: সোমবাৰে (২০ মাৰ্চ) ‘দ্য কাশ্মীৰ ফাইলছ’ৰ অভিনেতা অনুপম খেৰে প্ৰয়াত বন্ধু তথা যশস্বী অভিনেতা সতীশ কৌশিকৰ প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে । প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি অভিনেতাগৰাকীয়ে নিজৰ প্ৰিয় বন্ধুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অভিনেতাগৰাকীয়ে সতীশ কৌশিকৰ বাবে এটা বিদায়ী নোট লিখি ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে (Anupam Kher pays tribute to Satish Kaushik)।
অনুপম খেৰে সতীশৰ ফটোত মাল্যাৰ্পণ কৰা এটা স্লো মোচন ভিডিঅ’ শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত ৷ ভিডিঅ’টোৰ কেপচনত লিখিছে ‘জা, তুঝে মাফ কিয়া । মোক অকলে এৰি যোৱাৰ বাবে । মানুহৰ হাঁহিৰ মাজত মই নিশ্চয় আপোনাক বিচাৰিম ৷ কিন্তু আমাৰ বন্ধুত্বক সদায় মিছ কৰিম ৷ গুড বাই মোৰ বন্ধু । আপোনাৰ প্ৰিয় গীতটি ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত লগাইছো । আপুনিও কি মনত ৰাখিব ?" উল্লেখ্য যে, এই ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত ‘দ্য গ্ৰেট জুৱাৰী’ (১৯৭৯) ছবিখনৰ ‘দো লফজো কি হে দিল কি কাহানী’ গীতটো সংযোজন কৰা হৈছে (Anupam Kher and Satish kaushik) ।
- " class="align-text-top noRightClick twitterSection" data="
">
অভিনেতাগৰাকীয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ পিচতে সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে বিভিন্ন মন্তব্য প্ৰকাশ কৰে ৷ এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, ‘বাস্তৱ জীৱনত উচ্চ ছবি এখনৰ চৰিত্ৰ চাই থকা যেন অনুভৱ হৈছে । বন্ধুত্ব জীয়াই থাকক ।" একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘বন্ধু হ’লে এনেকুৱা হ’ব লাগে ৷" প্ৰাৰ্থনা সভাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে অনুপম খেৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে সতীশ কৌশিকৰ মৃত্যুৰ কাৰণ সম্পৰ্কে উৰি থকা উৰাবাতৰিবোৰ গুৰুত্ব নিদিব (Anupam Kher tribute to Satish Kaushik) ।
প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে বি-টাউনৰ চেলিব্ৰিটি (Satish Kaushik prayer meet) ৷ সোমবাৰে মুম্বাইত প্ৰয়াত অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় । এই প্ৰাৰ্থনা সভাত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল বহু বি-টাউনৰ চেলিব্ৰিটি । অনুপম খেৰৰ উপৰিও বনী কাপুৰ, গুলশান গ্ৰ’ভাৰ, বিবেক অগ্নিহোত্ৰী, জাভেদ আখতাৰ, জেকী শ্ৰফ আৰু বিদ্যা বালানেও অংশগ্ৰহণ কৰে এই প্ৰাৰ্থনা সভাত (Anupam Kher Satish kaushik) ।
লগতে পঢ়ক: Kirron Kher Corona: কৰ’ণাত আক্ৰান্ত অভিনেত্ৰী তথা বিজেপি নেত্ৰী কিৰণ খেৰ