চিটাৰা ডেস্ক, 30 অক্টোবৰ: বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান বৰ্তমান কেদাৰনাথ যাত্ৰাত আছে । অভিনেত্ৰীগৰাকীয়ে এই যাত্ৰাৰ এটা ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টোত ছাৰাই কেদাৰনাথ যাত্ৰাৰ কিছু মুহূৰ্ত দেখুৱাইছে । ভিডিঅ’টোত কেতিয়াবা যদি ছাৰাক ভক্তিত মগ্ন হোৱা দেখা গৈছে, আন কেতিয়াবা খাদ্যৰ সোৱাদ লোৱা দেখা গৈছে । কেতিয়াবা আকৌ জলপ্ৰপাতৰ ঠাণ্ডা পানীৰে মুখ ধুই থকা দেখা গৈছে আৰু কেতিয়াবা ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ অগ্নিকুণ্ডৰ কাষত হাত গৰম কৰা দেখা গৈছে ।
ছাৰাৰ প্ৰশংসাত পঞ্চমুখ হ’ল অনুৰাগী
অনুৰাগীয়ে ছাৰাৰ এই ভিডিঅ’টো অতিকৈয়ে পছন্দ কৰিছে । ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টোৰ ওপৰত ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে । এজন অনুৰাগীয়ে লিখিছে, সুশান্ত সিং ৰাজপুতৰ কথা মনত পেলাই দিলে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, যিমানেই ট্ৰ’ল নকৰক কিয়, ভক্তি বন্ধ নহয় । আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, এই গীতটোৱে মোক সদায় ছবিখনৰ পৰা ছাৰা আৰু সুশান্তৰ দৃশ্যটোৰ কথা মনত পেলাই দিয়ে। অমৃতা সিঙৰ লালন-পালনৰ প্ৰশংসা কৰি এজন অনুৰাগীয়ে লিখিছে, ছাৰা এগৰাকী সম্পূৰ্ণ ভাৰতীয় ছোৱালী যিয়ে মাতৃৰ পৰা উৎকৃষ্ট লালন-পালন লাভ কৰিছে । আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, বলীউডৰ একমাত্ৰ অভিনেত্ৰী ছাৰা যিয়ে ভগৱানৰ প্ৰতিটো স্থান ভ্ৰমণ কৰিবলৈ যায় ।
কেদাৰনাথ আছিল প্ৰথমখন ছবি ছাৰাৰ
বিশেষ কথাটো হ’ল ছাৰাৰ প্ৰথমখন ছবি কেদাৰনাথৰ ‘কাফিৰানা’ গীতটি এই ভিডিঅ’টোৰ পটভূমিত বাজি আছে । ছাৰাৰ এই ভিডিঅ’টো দেখি সুশান্ত সিং ৰাজপুতলৈ মনত পৰে অনুৰাগীৰ ৷ উল্লেখ্য যে, এই ছবিখনৰ জৰিয়তে ২০১৮ চনত সুশান্তৰ সৈতে ছাৰাই বলীউডত আত্মপ্ৰকাশ কৰিছিল । সুশান্ত আছিল ছাৰাৰ প্ৰথম সহ-অভিনেতা । দুয়োৰে কেমেষ্ট্ৰী ছবিখনত দেখা পোৱা গৈছিল ৷ আনকি বাস্তৱ জীৱনতো তেওঁলোকে ডেট কৰাৰ খবৰো আহিছিল । কিন্তু ২০২০ চনৰ জুন মাহত ইহলীলা সম্বৰণ কৰে সুশান্তে ৷
লগতে পঢ়ক: Priyanka Chopra: প্ৰিয়ংকাই প্ৰকাশ কৰিলে তেওঁৰ সফলতাৰ আঁৰৰ তিনিটা মন্ত্ৰ