ETV Bharat / entertainment

মুক্তিৰ পঞ্চম দিনা কিমান উপাৰ্জন কৰিলে ছেম বাহাদুৰে ?

Sam Bahadur Box Office Collection Day 5: কমি আহিছে বিকি কৌশলৰ ‘ছেম বাহাদুৰ’ৰ উপাৰ্জন । মুক্তিৰ পঞ্চম দিনা অৰ্থাৎ মঙলবাৰে ছবিখনে অতি কম উপাৰ্জন কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 1:38 PM IST

Sam Bahadur box office collection: Vicky Kaushal starrer to remain steady on day 5 after witnessing a major fall on Monday
ছেম বাহাদুৰ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ৬ ডিচেম্বৰ: বিকি কৌশল অভিনীত ছবি ‘ছেম বাহাদুৰ’ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে । ছবিখনে ছবিগৃহত ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হৈছিল । কাৰণ এই দুইখন ছবি একেদিনাই মুক্তি লাভ কৰিছে ৷ ৰণবীৰ কাপুৰৰ ছবিখনে বক্স অফিচত বিপুল ধন উপাৰ্জনৰ অভিলেখ ভংগ কৰাৰ বিপৰীতে ‘এনিমেল’ৰ ধুমুহাৰ বিৰুদ্ধে ‘ছেম বাহাদুৰ’এ শক্তিশালীভাৱে থিয় দিছে । অৱশ্যে মুকলি সপ্তাহৰ শেষৰ ফালে ‘ছেম বাহাদুৰ’ৰ সংগ্ৰহ হ্ৰাস পোৱা দেখা গৈছে । জানো আহক বিকি কৌশলৰ ছবিখনে মুক্তিৰ পঞ্চম দিনা অৰ্থাৎ মঙলবাৰে কিমান উপাৰ্জন কৰিছে ৷

‘ছেম বাহাদুৰ’ দেশৰ প্ৰথমজন ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ বায়’পিক । এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে । ছবিখনে দৰ্শকৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে, যদিও ‘ছেম বাহাদুৰ’এ উপাৰ্জনৰ ক্ষেত্ৰত ৰণবীৰ কাপুৰৰ এনিমেলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হৈছে । যাৰ বাবে ছবিখনে আশা কৰা মতে উপাৰ্জন কৰিব পৰা নাই ।

ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ৬.২৫ কোটি টকাৰে বক্স অফিচত খাতা খুলিছিল ‘ছেম বাহাদুৰ’এ । ইয়াৰ পিচত দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে ৯ কোটি টকা উপাৰ্জন কৰে আৰু তৃতীয় দিনা দেওবাৰে ১০.৩ কোটি টকা উপাৰ্জন কৰে । ইয়াৰ পিচত সোমবাৰে অৰ্থাৎ চতুৰ্থ দিনা ছবিখনৰ সংগ্ৰহ ৬৬.০২ শতাংশলৈ হ্ৰাস পায় আৰু মাত্ৰ ৩.৫ কোটি টকা উপাৰ্জন কৰিছিল । এতিয়া ছবিখনৰ মুক্তিৰ পঞ্চম দিনৰ অৰ্থাৎ মঙলবাৰৰ উপাৰ্জনো পোহৰলৈ আহিছে ।

  • Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ পঞ্চম দিনটোত ‘ছেম বাহাদুৰ’এ ৩.৫০ কোটি টকা সংগ্ৰহ কৰিছে ।
  • ইয়াৰ লগে লগে ‘ছেম বাহাদুৰ’ৰ মুঠ পাঁচ দিনৰ উপাৰ্জন হৈছেগৈ ৩২.৫৫ কোটি টকা ।

লগতে পঢ়ক: শ্বাহৰুখৰ কন্যা, অমিতাভৰ নাতিক সমৰ্থন কৰিবলৈ দ্য আৰ্চিছৰ দৰ্শনীত উপস্থিত সমগ্ৰ বলীউড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.