ETV Bharat / entertainment

Salman Khan body double, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ছলমান খানৰ বডি ডাবলৰ - ছলমান খানৰ বডি ডাবল সাগৰ পাণ্ডে

ছলমানৰ বডি ডাবল সাগৰ পাণ্ডেৰ মৃত্যু হৈছে । প্ৰাপ্ত খবৰ অনুসৰি হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটে (Salman Khan body double)। সবিশেষ আগলৈ-

Salman Khan body double
ছলমান খানৰ বডি ডাবল
author img

By

Published : Oct 1, 2022, 5:29 PM IST

চিটাৰা ডেস্ক, 1 অক্টোবৰ : বলীউডৰ পৰা আন এটা বেয়া খবৰ । ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ পিছত পুনৰ এজন অভিনেতা জিমত ট্ৰেডমিলত খোজ কাঢ়ি থাকোতে হাৰ্ট এটেকত আক্ৰান্ত হয় ৷ সাগৰ পাণ্ডে, যাক ছলমান খানৰ বডি ডাবল বা ডুপ্লিকেট বুলি জনা যায় তেওঁৰ মৃত্যু ঘটিছে (Salman Khan body double Sagar Pandey) । 50 বছৰীয়া সাগৰ পাণ্ডেই জিমত ব্যায়াম কৰি থাকোতে হৃদৰোগত আক্ৰান্ত হয় । যাৰ ফলত তেওঁ মৃত্যুক সাৱটি ল’বলগীয়া হয় । ছলমানে সাগৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি গভীৰ দুখ প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে, সাগৰে জিমত ট্ৰেডমিলত দৌৰি থাকোতেই হঠাতে অজ্ঞান হৈ পৰে । তেওঁক ততাতৈয়াকৈ মুম্বাইৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । সাগৰ পাণ্ডেই কেইবাখনো চলচ্চিত্ৰত ছলমানৰ বাবে বডি ডাবলৰ চৰিত্ৰত অভিনয় কৰিছিল । এতিয়া ছলমানে সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে ।

ছলমানে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত সাগৰ পাণ্ডেৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে । ফটোখনৰ শিৰোনামত তেওঁ লিখিছে, "সাগৰ ভাই, মোৰ সৈতে থকাৰ বাবে আন্তৰিক ধন্যবাদ, আপোনাৰ আত্মাই শান্তি লাভ কৰক, ধন্যবাদ, #RIP #SagarPandey" । সাগৰ পাণ্ডেৰ মৃত্যুত সমগ্ৰ চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে । মানুহে সামাজিক মাধ্যমত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে ।

সাগৰ উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ বাসিন্দা আছিল । সাগৰেও ছলমানৰ দৰে বিয়া পতা নাছিল । অভিনেতা হোৱাৰ সপোন লৈয়ে মুম্বাইলৈ আহিছিল তেওঁ । যেতিয়া তেওঁ অভিনয়ৰ ক্ষেত্ৰত বিশেষ কাম বিচাৰি নাপালে তেতিয়া তেওঁ ছলমান খানৰ বাবে বডি ডাবল কৰাৰ সিদ্ধান্ত ল’লে। তেওঁৰ পাঁচজন ভাই-ভনী আছে, যাৰ ভিতৰত তেওঁ অধিক উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছিল ।

সাগৰক প্ৰথমবাৰৰ বাবে ছলমানৰ বাবে বডি ডাবল হিচাপে দেখা গৈছিল ‘কুচ্চ কুচ্চ হোটা হে’ ছবিখনত । ইয়াৰ পিছত তেওঁ ‘বজৰংগী ভাইজান’, ‘টিউবলাইট’, ‘দাবাং’, ‘দাবাং 2’, ‘দাবাং 3’ আদি ছবিসমূহতো অভিনয় কৰিছিল । সাগৰে এটা পুৰণি সাক্ষাৎকাৰত কৈছিল যে তেওঁ 50 খনতকৈও অধিক ছবিত বডি ডাবল কৰিছে ।

লগতে পঢ়ক : আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সাক্ষাৎকাৰ ল’লে প্ৰিয়ংকা চোপ্ৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.