ETV Bharat / entertainment

দেওবাৰে বক্স অফিচত ছালাৰে ৰচিলে অভিলেখ

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 11:50 AM IST

Salaar Box Office Collection Day 3: বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে প্ৰভাসৰ ‘ছালাৰ’এ । এই ছবিখনে ভাৰতত মুক্তিৰ মাত্ৰ তিনিদিনতে বক্স অফিচত ২০০ কোটি টকাৰ সংখ্যা অতিক্ৰম কৰিছে ।

Salaar box office day 3: Prabhas and Prashanth Neels' actioner enters Rs 200 crore club in first weekend
ছালাৰ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: প্ৰভাস অভিনীত ছবি ‘ছালাৰ’এ দৰ্শকৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰিছে । ছবিখন চাবলৈ চিনেমাহলত বিপুল জনসমাগম দেখা গৈছে । কেৱল ইমানেই নহয়, এই ছবিখনে মুকলিৰ দিনৰে পৰা নতুন নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । আনকি ছুটিৰ দিনতো অৰ্থাৎ দেওবাৰেও প্ৰভাসৰ ‘ছালাৰ’এ বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে । মুক্তিৰ তৃতীয় দিনা ছবিখনে কিমান কোটি টকা উপাৰ্জন কৰিছে জানো আহক ।

মুক্তিৰ তৃতীয় দিনা ‘ছালাৰ’এ কিমান কোটি টকা উপাৰ্জন কৰিলে ?

মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ঢৌ তুলিবলৈ সক্ষম হৈছিল ছালাৰে । ৯০ কোটিতকৈ অধিক টকাৰে ছবিখনে বক্স অফিচত অ’পেনিং কৰে আৰু ইয়াৰ লগে লগে ছবিখনে বছৰৰ সৰ্ববৃহৎ অ’পেনাৰ ছবি হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয় । এই ছবিখনে ছুটিৰ দিনতো অৰ্থাৎ দেওবাৰৰ দিনতো ছবিখনে ব্যাপক ধন উপাৰ্জন কৰে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে মুক্তিৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে ‘ছালাৰ’এ ৫৬.৭ কোটি টকা উপাৰ্জন কৰে । এতিয়া ছবিখনৰ তৃতীয় দিন অৰ্থাৎ দেওবাৰৰ উপাৰ্জনৰ সংখ্যাও পোহৰলৈ আহিছে ।

ছালাৰৰ সন্মুখত ধৰাশায়ী হ’ল ডাংকি !

বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ছালাৰে । একে সময়তে প্ৰভাসৰ ‘ছালাৰ’ৰ সন্মুখত থিয় দিব পৰা নাই শ্বাহৰুখ খানৰ ডাংকি । মাত্ৰ তিনিদিনতে ‘ছালাৰ’এ ২০০ কোটিৰো অধিক টকা উপাৰ্জন কৰাৰ বিপৰীতে শ্বাহৰুখ খানৰ ডাংকিয়ে চাৰিদিনত ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । এনে পৰিস্থিতিত ‘ডাংকি’তকৈ বহুগুণে বেছি উপাৰ্জন কৰিছে ‘ছালাৰ’এ ।

ছালাৰৰ ষ্টাৰকাষ্ট

ছালাৰ পৰিচালনা কৰিছে কেজিএফ খ্যাত পৰিচালক প্ৰশান্ত নীলে । ছবিখনৰ ষ্টাৰ কাষ্টৰ কথা ক’বলৈ গ’লে প্ৰভাসৰ উপৰিও ছালাৰত শ্ৰুতি হাছান, পৃথ্বীৰাজ সুকুমাৰন, জগাপতি বাবুকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: বেক টু বেক ফ্লপৰ পিচত বৃহৎ কামবেক প্ৰভাসৰ, ছালাৰে ভংগ কৰিছে বহু ছবিৰ উপাৰ্জনৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.