চিটাৰা ডেস্ক, 16 জুন : দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ বিখ্যাত অভিনেত্ৰী সাই পল্লৱীৰ এক বিবৃতিয়ে ছ'চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । অভিনেত্ৰীগৰাকীয়ে 'দ্য কাশ্মীৰ ফাইলছ' বোলছবিখনত দেখুওৱা কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানক এটা ঘটনাৰ সৈতে তুলনা কৰিছে, যাৰ পিছত চাৰিওফালে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে বাক-বিতণ্ডা আৰম্ভ হৈছে (Sai Pallavi statement on Kashmiri Pandits) ।
সাইয়ে অলপতে এটা সাক্ষাৎকাৰত এই মন্তব্য দিছিল । কোটি টকাৰ সৌন্দৰ্য সামগ্ৰীৰ বিজ্ঞাপন প্ৰত্যাখ্যান কৰা অভিনেত্ৰী গৰাকীয়ে কিনো মন্তব্য় দিলে জানোচোন আহক-
সাক্ষাৎকাৰটোত সাই পল্লৱীয়ে কয়, "দ্য কাশ্মীৰ ফাইলছ' বোলছবিখনত দেখা গৈছে সেই সময়ত কাশ্মীৰী পণ্ডিতসকলক কেনেদৰে হত্যা কৰা হৈছিল । যদি আপুনি এই বিষয়টোক ধৰ্মীয় সংগ্ৰাম হিচাপে চাই আছে, শেহতীয়াকৈ এটা ঘটনা ঘটিছিল য'ত এজন মুছলমান চালক, যিয়ে গৰু কঢ়িয়াই আনিছিল, তেওঁক প্ৰহাৰ কৰা হৈছিল আৰু 'জয় শ্ৰী ৰাম'ৰ শ্ল'গান দিবলৈ বাধ্য কৰা হৈছিল । গতিকে, এই দুটা ঘটনাৰ মাজত পাৰ্থক্য কি?"
![Sai Pallavi statement](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15573513_1.jpg)
এই লৈ ছ'চিয়েল মিডিয়াত বিভিন্ন জনৰ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে (Sai Pallavi controversy)। কিছুমানে তেওঁৰ সাহসেৰে দিয়া মন্তব্যক প্ৰশংসা কৰিছে, আনহাতে কিছুমানে অভিনেত্ৰীগৰাকীক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ কৰিছে ।
অভিনেত্ৰীগৰাকী ৰাজনৈতিক বিষয়ত আগ্ৰহী ৷ তেওঁ জানিবলৈ দিছিল যে তেওঁ এটা নিৰপেক্ষ পৰিয়ালত ডাঙৰ দীঘল হোৱা য'ত কেৱল এজন ভাল ব্যক্তি হোৱাৰ আদিপাঠ শিকোৱা হয় । বৰ্তমান সাই পল্লৱীয়ে অভিনেতা ৰাণা দগ্গুবাটীৰ সৈতে তেওঁৰ নতুন তেলেগু ছবি 'বীৰতা পৰ্বম'ৰ প্ৰচাৰ কৰি আছে ।
চলচ্চিত্ৰখন ১৯৯০ ৰ দশকৰ সঁচা ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত । ই তেলেংগানা অঞ্চলত নক্সালবাদী আন্দোলনৰ বিৰোধিতা কৰা এটা প্ৰেমকাহিনী দেখুৱাইছে । ছবিখনত চাই পল্লৱীৰ চৰিত্ৰটোৰ নাম হৈছে ভেনেলা, যি নক্সাল নেতা ৰাৱণ (ৰাণা দগ্গুবাটী)ৰ প্ৰতি আকৰ্ষিত হৈ পৰে । বীৰতা পৰ্বম ১৭ জুনত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে (Sai Pallavi new movie) ।
লগতে পঢ়ক: দিলীপ কুমাৰৰ বাবে বঁটা গ্ৰহণ কৰি উচুপি উঠিল চাইৰা বানু