ETV Bharat / entertainment

৫৮ বছৰৰ বয়সতে পুনৰ বিয়া কৰালে এইগৰাকী জনপ্ৰিয় অভিনেতাই, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 2:20 PM IST

Ronit Roy Renewed his Wedding: ৫৮ বছৰ বয়সত পুনৰ বিয়া কৰালে অভিনেতা ৰণিত ৰয়ে ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিয়াৰ ভিডিঅ’ ।

Ronit Roy marries wife Neelam again at 58, Watch Video
পুনৰ পত্নীক বিয়া কৰালে অভিনেতা ৰণিত ৰয়ে

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: অভিনেতা ৰণিত ৰয়ে শেহতীয়াকৈ ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৫৮ বছৰ বয়সত পুনৰ বিবাহপাশত আৱদ্ধ হৈছে ৷ কিন্তু কাৰ সৈতে পুনৰ যুগ্ম জীৱনৰ পাতনি মেলিলে অভিনেতাগৰাকীয়ে ? সেয়া জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

দৰাচলতে ৫৮ বছৰীয়া অভিনেতাগৰাকীয়ে পত্নী নীলম বসু ৰয়ৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হৈছে । দুয়োৰে বিবাহৰ ২০ বছৰ সম্পূৰ্ণ হ’ল ৷ সেয়ে বিবাহ বাৰ্ষিকী উপলক্ষে পত্নীক পুনৰ বিয়া কৰাইছে ৰণিতে ।

পুনৰ পত্নীক বিয়া কৰালে ৰণিত ৰয়ে

ছ’চিয়েল মিডিয়াত বিবাহৰ আভাস শ্বেয়াৰ কৰিছে অভিনেতাগৰাকীয়ে । ৰণিত ৰয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত ২০ বছৰৰ পাচত পুনৰ অগ্নি সাক্ষী কৰি বিয়াৰ প্ৰতিজ্ঞাবোৰ আওৰাই থকা দেখা গৈছে । এই সময়ত ৰণিত আৰু নীলমৰ পুত্ৰ অগস্ত্য বসুকো পিতৃ-মাতৃৰ বিয়া উপভোগ কৰা দেখা গৈছিল ।

২০ বছৰৰ পাচত পুনৰ অগ্নিক সাক্ষী কৰি বিবাহপাশত আৱদ্ধ হ’ল

২০ বছৰৰ পিচত তেওঁলোকৰ বিবাহৰ দৃশ্য ভিডিঅ’বোৰত দেখা গৈছে । সম্পূৰ্ণ ৰীতি-নীতিৰে পত্নীৰ লগত পুনৰ বিয়া পাতিলে ৰণিতে । অভিনেতাগৰাকীয়ে পত্নী নীলমক পুনৰ সেন্দুৰ পিন্ধাই বিয়াৰ ৰীতি-নীতি সম্পূৰ্ণ কৰে ।

অনুৰাগীয়ে জনালে অভিনন্দন

ভিডিঅ’টো শ্বেয়াৰ কৰি ৰণিতে কেপচনত লিখিছে, ‘‘আপুনি মোৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব নে... আকৌ ? ।’’ উল্লেখ্য যে, গোৱাৰ এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হয় ৰণিত । এই সময়চোৱাত ৰণিতক বগা ৰঙৰ কুৰ্তা-পাজামা পৰিধান কৰা দেখা গৈছিল, আনহাতে তেওঁৰ পত্নীক ৰঙা সাজ-পোছাকত বৰ ধুনীয়া দেখা গৈছে । তেওঁৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । অনুৰাগীয়ে এই দম্পতীক বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক: পিতৃৰ বিয়াত অংশগ্ৰহণ পুত্ৰৰ, অৰবাজৰ কইনা কোন ? সকলো জানক এই প্ৰতিবেদনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.