ETV Bharat / entertainment

Rocky Aur Rani Kii Prem Kahani Trailer: মুক্তিলাভ কৰিলে মনোৰঞ্জনেৰে ভৰপূৰ আলিয়া ভাট তথা ৰণবীৰ সিঙৰ ছবিৰ ট্ৰেইলাৰ

author img

By

Published : Jul 4, 2023, 12:50 PM IST

Updated : Jul 4, 2023, 1:01 PM IST

প্ৰায় সাত বছৰৰ মূৰত ৰকি অৰ ৰাণী কি প্ৰেম কাহানিৰে পৰিচালনাৰ ক্ষেত্ৰখনলৈ আকৌ ঘূৰি আহিছে কৰণ জোহৰ । সম্প্ৰতি অনুৰাগীয়ে মুক্তিৰ বাবে অতি আগ্ৰহেৰে বাট চাই থকা ‘ৰকি অৰ ৰাণীৰ প্ৰেম কাহানি’ৰ নিৰ্মাতাসকলে মুকলি কৰিছে ছবিখনৰ ট্ৰেইলাৰ ।

Rocky Aur Rani Kii Prem Kahani Trailer Released
মুক্তিলাভ কৰিলে মনোৰঞ্জনেৰে ভৰপূৰ আলিয়া ভাট তথা ৰণবীৰ সিঙৰ ছবিৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 4 জুলাই: বৰ্তমান আলিয়া ভাট আৰু ৰণবীৰ সিং অভিনীত ছবি 'ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’য়ে সকলোতে ব্যাপক চৰ্চা লাভ কৰিছে । যি সময়ত এই ছবিখন ৭ বছৰৰ পাচত কৰণ জোহৰৰ প্ৰত্যাৱৰ্তনৰ বাবে লাইমলাইটত আছে, আনহাতে এই ছবিখনৰ জৰিয়তে আলিয়া ভাট আৰু ৰণবীৰ সিঙৰ যুটিও আকৌ এবাৰ ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব ।

শেহতীয়াকৈ ইয়াৰ গীত ‘তুম ক্যা মিলে’ মুক্তি লাভ কৰিছে । যিটো অনুৰাগীৰ শীৰ্ষ গীতৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । একে সময়তে ইয়াৰ ট্ৰেইলাৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকলে । ইফালে, আজি ছ’চিয়েল মিডিয়াত ছবিখনৰ ট্ৰেইলাৰে মুক্তিলাভ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ট্ৰেইলাৰত ৰণবীৰ আৰু আলিয়াৰ অভিনয়ে এক হাস্যকৰ মুহূৰ্তৰ সৃষ্টি কৰিছে ৷ য’ত ৰণবীৰে এই ছবিত পাঞ্জাৱী ৰকিৰ চৰিত্ৰত অভিনয় কৰিছে তাৰ বিপৰীতে আলিয়াক এটি বঙালী মহিলাৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা গৈছে ৷

ইয়াৰ লগতে ৰকি অৰ ৰাণী কি প্ৰেম কাহানীৰ কাহিনীও চৰ্চালৈ আহিছে । ট্ৰেইলাৰত ভৰপূৰ ড্ৰামা আৰু ৰোমাঞ্চ দেখিবলৈ পোৱা গৈছে ।

ছবিখনৰ তাৰকা অভিনেতা

ৰকি অৰ ৰাণী কি প্ৰেম কাহানীত আলিয়া ভাট আৰু ৰণবীৰ সিঙৰ সৈতে সূক্ষ্ম শিল্পীৰ এটা দল দেখা গৈছে । এই ছবিখনত ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শবানা আজমীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

কেতিয়া মুক্তিলাভ কৰিব ছবিখন ?

প্ৰায় সাত বছৰৰ পিচত ৰকি অৰ ৰাণী কি প্ৰেম কাহানীৰে পৰিচালনাৰ ক্ষেত্ৰলৈ ঘূৰি আহিছে কৰণ জোহৰ । তেওঁৰ শেষৰখন পৰিচালনাৰ বৈশিষ্ট্যপূৰ্ণ ছবি আছিল এ দিল হ্যে মুছকিল ।

আনহাতে, ৰকি অৰ ৰাণী কি প্ৰেম কাহানী লিখিছে ইশিতা মইত্ৰ, শশাংক খৈতন আৰু সুমিত ৰায়ে । ছবিখনৰ মুক্তিৰ কথা ক’বলৈ গ’লে অহা ২৮ জুলাইত ছবিগৃহত মুক্তিলাভ কৰিব এই ছবিখন । ইফালে ছবিখনৰ ট্ৰেইলাৰে মুক্তিলাভ কৰাৰ পাচতে কমেন্টত #RockyAurRaniKiiPremKahaani❤️ৰে ওপচাই তুলিছে ৷ এতিয়া প্ৰশ্ন হয় যে বলীউডক কেইবাখনো হিট ছবি উপহাৰ দিয়া কৰণ জোহৰৰ এই ছবিখনেও বক্স অফিচত ভাল সংগ্ৰহ কৰিব পাৰিব নে নাই সেয়া পৰবৰ্তী সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Akshay Kumar OMG 2 New Poster: দীঘল চুলি, ভস্ম তথা ৰুদ্ৰাক্ষৰ মালা...এক নতুন ৰূপত আহি আছে অক্ষয় কুমাৰ

Last Updated : Jul 4, 2023, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.