চিটাৰা ডেস্ক, 2 জুন : হিন্দী চিনে জগত আৰু ৰাজ কাপুৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ বলীউডৰ যিকোনো কথাই ৰাজ কাপুৰক বাদ দি আধৰুৱা ৷ ৰাজ কাপুৰ এনে এক ব্য়ক্তিত্ব যিয়ে হিন্দী ছবি জগতৰ কেৱল চেহেৰা সলনি কৰাই নহয় বৰঞ্চ এই চিনে জগতক অন্য এক মাত্ৰা প্ৰদান কৰি দৰ্শকৰ ওচৰ চপাই নিছিল ৷
এটা দশকতকৈয়ো অধিক সময় ধৰি বলীউডত ৰাজ কৰা অভিনেতা জনেই হ’ল ৰাজ কাপুৰ ৷ নিজৰ নিখুঁত অভিনয় শৈলীৰে দৰ্শকৰ মনত অতি সহজেই সোমাই পৰিছিল ৰাজ কাপুৰ ৷ 1988 চনৰ 2 জুনত 64 বছৰ বয়সত সকলোকে কন্দুৱাই হিন্দী ছবিজগত উকা কৰি আঁতৰি গৈছিল অভিনেতাজন (Raj Kapoor death anniversary) ৷ কিন্তু এৰি থৈ গৈছিল নিজৰ কৃৰ্তিৰাজি সমূহ ৷
অভিনেতাৰ লগতে এগৰাকী পৰিচালক আৰু নিৰ্দেশকো আছিল ৰাজ কাপুৰ ৷ তেওঁ অভিনয় কৰা হিট ছবি কেইখনমান হ’ল মেৰা নাম জোকৰ(1970), বৰছাত(1949)আৱাৰা(1951), শ্ৰী 420(1955) আৰু ছোড়ী ছোড়ী(1956) (Raj Kapoor famous movies) ৷
ৰাজ কাপুৰক চাৰ্লি চেপলিন অৱ্ বলীউড হিচাপেও জনা গৈছিল ৷ ৰাজ কাপুৰৰ ছবি গীত সমূহত মানুহে জীৱনৰ ঠিকনা বিচাৰি পাইছিল ৷ জানি আচৰিত হ’ব যে ৰাজ কাপুৰৰ প্ৰথম নাম ৰাজ নহয় ৷ হয়, তেওঁৰ প্ৰথম নাম ৰণবীৰ ৷ নাতিৰ সৈতে একেই নাম তেওঁৰ ৷ কাপুৰ ব্ৰাডাৰ্ছৰ মাজৰ নামহে আছিল ৰাজ ৷ ৰাজ কাপুৰৰ বেছিভাগ ছবিয়েই তেওঁৰ প্ৰকৃত জীৱনৰ ওপৰত আধাৰিত আছিল ৷
তেওঁৰ শেষৰখন ছবিৰ শ্বুটিং শেষ হোৱাৰ আগতেই মৃত্যু হৈছিল তেওঁৰ ৷ ৰাজ কাপুৰৰ কেইটামান জনপ্ৰিয় গান আপোনালোকলৈ আগবঢ়ালো-
- " class="align-text-top noRightClick twitterSection" data="">
- " class="align-text-top noRightClick twitterSection" data="">
- " class="align-text-top noRightClick twitterSection" data="">
- " class="align-text-top noRightClick twitterSection" data="">
লগতে পঢ়ক: আবুধাবিলৈ ৰাওনা ছলমান খান