ETV Bharat / entertainment

Sri Raghupati: আজি মুক্তি লাভ কৰিব ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি, উচ্চ ন্যায়ালয়ৰ ডাঙৰ ঘোষণা - ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি

শ্ৰী ৰঘুপতি ছবিখনক লৈ অপেক্ষা কৰি থকা সকলৰ বাবে এটা অত্যন্ত ভাল খবৰ (Sri Raghupati) ৷ আজি ছবিগৃহত মুক্তি পাব ছবিখন ৷ কিমান সময়ত মুক্তি পাব সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Ravi Sharma starrer film Sri Raghupati will released in Theatres Today
আজি ছবিগৃহত মুক্তি পাব শ্ৰী ৰঘুপতি
author img

By

Published : Jun 5, 2023, 1:19 PM IST

চিটাৰা ডেস্ক, 5 জুন : অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ কিয়নো আজি ছবিগৃহত মুক্তি লাভ কৰিব ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবি 'শ্ৰী ৰঘুপতি'। গুৱাহাটী উচ্চ ন্যায়ালয়ে এক আপীলৰ ভিত্তিত ছবিখনৰ ওপৰত থকা স্থগিতাদেশ প্ৰত্যাহাৰ কৰে ৷

জানিব পৰা মতে আজি পুৱা ১১ বজাৰ পৰা ছবিখন প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰিছে ন্যায়ালয়ে । কিন্তু আদালতৰ আনুষ্ঠানিক পত্ৰ লাভ নকৰাৰ বাবে ১১ বজাত প্ৰদৰ্শন কৰিব নোৱাৰিলে বুলি জানিব পৰা গৈছে। কিন্তু হতাশ হোৱাৰ প্ৰয়োজন নাই ৷ কিয়নো আজি বিয়লিৰ ভাগত ছবিখন উপভোগ কৰিব পাৰিব সকলোৱে । এই কথা জনাইছে ছবিখনৰ প্ৰযোজক শৈলেন শৰ্মাই।

কিয় স্থগিত ৰখা হৈছিল শ্ৰী ৰঘুপতি ?

ঘটনাৰ বিৱৰণী অনুসৰি, কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতে ছবিখন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ নিৰ্দেশ দিছিল ৷ এই ছবিখনৰ পূৰ্বৰ প্ৰযোজক সুৰয শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই সুৰয শৰ্মাৰ সৈতে হোৱা চুক্তি ভংগৰ বিৰুদ্ধে গোচৰ তৰিছিল আদালতত বৰ্তমানৰ প্ৰযোজক শৈলেন শৰ্মাৰ কন্যা ময়ূৰাক্ষী শৰ্মাৰ বিৰুদ্ধে (Ravi Sharma Sri Raghupati Release date) ।

চুক্তি অনুসৰি ছবিখন ল’কাচ ক্ৰিয়েটিভ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰাৰ লগতে মুক্তি দিয়াৰো চুক্তি হৈছিল (Sri Raghupati Release timing)। কিন্তু পৰৱৰ্তী সময়ত সেই চুক্তি ভংগ কৰি 'শ্ৰী ৰঘুপতি' ছবিখন শৈলেন কুমাৰ শৰ্মাৰ 'মণিৰত্ন এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত ছবিগৃহত মুক্তিৰ দিয়া প্ৰস্তুতি চলায় । সেয়ে পূৰ্বৰ চুক্তি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি ধৃতিমান শৰ্মাই ৰাজ্যৰ নিম্ন আদালতত গোচৰ তৰে । গোচৰৰ ভিত্তিত আদালতে ছবিখনৰ প্ৰদৰ্শনীত বাধা প্ৰদান কৰে।

কিন্তু নিম্ন আদালতক প্ৰত্যাহ্বান জনায় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় শৈলেন শৰ্মা ৷ অৱশেষত উচ্চ ন্যায়ালয়ে ছবিখনৰ ওপৰত থকা স্থগিতাদেশ বাতিল কৰাৰ নিৰ্দেশ দিয়ে ৷ এই খবৰৰ পিচতে এতিয়া হাঁহি বিৰিঙিছে অনুৰাগীৰ মুখত ৷ ইফালে অভিনেতা-অভিনেত্ৰীসকলো এই খবৰত আনন্দ প্ৰকাশ কৰিছে ৷ অভিনেত্ৰী সুকন্যা বৰুৱাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি অভিনন্দন জ্ঞাপন কৰে ৷

লগতে পঢ়ক: Sri Raghupati: কাইলৈ ছবিগৃহত মুক্তি লাভ নকৰে শ্ৰী ৰঘুপতি, অনিৰ্দিষ্টকাললৈ স্থগিত মুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.