চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ: প্ৰায়ে কিবা নহয়, কিবা কাৰণত বাতৰিৰ শিৰোনামত থাকে ৰেপাৰ বাদশ্বাহ ৷ কেতিয়াবা যদি মিউজিক ভিডিঅ’ৰ বাবে, আন কেতিয়াবা প্ৰেম জীৱনৰ বাবে চৰ্চাত থাকে বাদশ্বাহ ৷ এইবাৰ পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে ৰেপাৰগৰাকীয়ে ৷ দৰাচলতে পাকিস্তানী সুন্দৰী অভিনেত্ৰী হানিয়া আমিৰৰ সৈতে জড়িত হৈ পৰিছে বাদশ্বাহৰ নাম । ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ছবি ভাইৰেল হোৱাৰ পিচৰে পৰা বাদশ্বাহ-হানিয়াৰ ডেটিঙৰ খবৰে দখল কৰিছে বাতৰিৰ শিৰোনাম ।
পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰৰ প্ৰেমত পৰিছে নেকি বাদশ্বাহ ?
দুয়োৰে প্ৰেমৰ খবৰৰ মাজতে শেহতীয়াকৈ ৰেপাৰগৰাকীয়ে তেওঁৰ ইনষ্টা ষ্ট’ৰীত হানিয়াৰ এখন ছবি শ্বেয়াৰ কৰিছে, য’ত হানিয়াই নিজৰ মুখখন লুকুৱাই ৰাখি জোৰেৰে হাঁহি থকা দেখা গৈছে ।
লিংকআপৰ খবৰৰ মাজতে হানিয়াৰ সৈতে ভিডিঅ’ কলত কথা পাতিলে ৰেপাৰগৰাকীয়ে
উল্লেখ্য যে, বাদশ্বাহে তেওঁৰ ভিডিঅ’ কলৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে । এই ফটোখনত পাকিস্তানী অভিনেত্ৰীগৰাকীক টেগ কৰি বাদশ্বাহে লিখিছে, ‘‘এনেকুৱা কি কৌতুক আছিল, যিটোৱে আপোনাক ইমান হাঁহিবলৈ বাধ্য কৰাইছিল ৷’’ আনহাতে হানিয়াই এই ষ্ট’ৰীটো নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি উত্তৰত লিখিছে, ‘‘জীৱন ।’’
উল্লেখ্য যে, যেতিয়াৰ পৰা হানিয়া আৰু বাদশ্বাহক দুবাইত একেলগে সময় কটোৱা দেখা গৈছিল, তেতিয়াৰে পৰাই অনুৰাগীয়ে দুয়োৰে মাজত কি চলি আছে সেই কথা জানিবলৈ আগ্ৰহী হৈ পৰিছিল । আনকি বহু ব্যৱহাৰকাৰীয়ে বাদশ্বাহক পাকিস্তানৰ জোঁৱাই বুলিও অভিহিত কৰিছে ।
হানিয়া আমিৰ কোন ?
হানিয়াৰ কথা ক’বলৈ গ’লে তেওঁ এগৰাকী পাকিস্তানী অভিনেত্ৰী ৷ মনকৰিবলগীয়া কথাটো হ’ল, হানিয়াৰ অনুৰাগী কেৱল পাকিস্তানতে নহয়, ভাৰততো আছে । হানিয়াৰ সৌন্দৰ্যই মন্ত্ৰমুগ্ধ কৰে অনুৰাগীক । ইনষ্টাগ্ৰামত হানিয়াৰ ১ কোটি ১৪ লাখ ফ’ল’ৱাৰ আছে ।
লগতে পঢ়ক: Badshah On Mrunal Thakur: মৃণাল ঠাকুৰৰ সৈতে ডেটিঙৰ খবৰত মৌনতা ভংগ কৰিলে বাদশ্বাহে